নৃশংস! পুত্ৰ, ভাগিনীয়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে গোলাঘাটৰ ব্যৱসায়ীক | son killed father for Second marriage when siting in park Assam news - Assam Tv9

নৃশংস! পুত্ৰ, ভাগিনীয়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে গোলাঘাটৰ ব্যৱসায়ীক

Published: 

21 Sep 2024 13:52 PM

পাৰ্কত উপস্থিত হৈয়ে বিতুপন আৰু জয়ন্তই আৰম্ভ কৰিছিল গালি-গালাজ। অশ্লীল ভাষাৰে গালি-গালাজ আৰম্ভ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। তথ্য অনুসৰি, ব্যৱসায়ী জলধৰ কুৰ্মীয়ে দ্বিতীয় বিবাহ কৰোৱাক লৈ পৰিয়াল আৰু পুত্ৰৰ সৈতে দীৰ্ঘদিন ধৰি চলি আছিল মতানৈক্য।

নৃশংস! পুত্ৰ, ভাগিনীয়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে গোলাঘাটৰ ব্যৱসায়ীক

অপৰাধ

Follow Us On

গোলাঘাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গোলাঘাটৰ যমুনা পাৰ্কৰ সমীপতে সংঘটিত হৈছে এই হত্যাকাণ্ড। যমুনা পাৰ্কত দ্বিতীয় পত্নীৰ সৈতে বহি আছিল ব্যৱসায়ী জলধৰ কুৰ্মী। অতিবাহিত কৰি আছিল বিশেষ সময়। ভৱা নাছিল যে কিছু সময় পাছতে তেওঁলোকৰ লগত কি হ’ব গৈ আছে? দুয়ো পাৰ্কত বহি থকা অৱস্থাতে হঠাৎ এখন XUV বাহনত আহি পাৰ্কত উপস্থিত হৈছিল বিতোপন কুৰ্মী আৰু জয়ন্ত কুৰ্মী। বাহনখনৰ নম্বৰ AS-05F 5233 । প্ৰথমা পত্নীৰ সন্তান বিতোপন কুৰ্মী জলধৰ কুৰ্মীৰ জয়ন্ত কুৰ্মী জলধৰ কুৰ্মীৰ ভাগিনীয়েক।

পাৰ্কত উপস্থিত হৈয়ে বিতুপন আৰু জয়ন্তই আৰম্ভ কৰিছিল গালি-গালাজ। অশ্লীল ভাষাৰে গালি-গালাজ আৰম্ভ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। তথ্য অনুসৰি, ব্যৱসায়ী জলধৰ কুৰ্মীয়ে দ্বিতীয় বিবাহ কৰোৱাক লৈ পৰিয়াল আৰু পুত্ৰৰ সৈতে দীৰ্ঘদিন ধৰি চলি আছিল মতানৈক্য। পূৰ্বে বহুবাৰ পিতৃ জলধৰ কুৰ্মীক দ্বিতীয় বিবাহ নকৰাবলৈ ভাবুকিও প্ৰদান কৰিছিল পুত্ৰ বিতোপন কুৰ্মী আৰু পৰিয়ালৰ আন সদস্যসকলে। কিন্তু শুকুৰবাৰৰ সন্ধিয়া যমুনা পাৰ্ক দ্বিতীয় পত্নীৰ সন্মুখতে পুত্ৰ বিতোপন কুৰ্মী আৰু ভাগিনীয়েক জয়ন্ত কুৰ্মীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল জলধৰ কুৰ্মীক।

পিছলৈ আৰু অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি। গালি-গালাজৰ পৰা আৰম্ভ হয় হতাহতি। এটা সময়ত বিতোপন আৰু জয়ন্তই দ্বিতীয় পত্নীৰ সন্মুখত নিৰ্মমভাৱে গছকি গছকি প্ৰহাৰ কৰে জলধৰ কুৰ্মীক। দুয়োৰে আক্ৰমণত বাগৰি পৰে জলধৰ কুৰ্মী। দ্বিতীয় পত্নীয়ে জলধৰ কুৰ্মীক নামাৰিবলৈ বহু কাকুতি-মিনতি কৰাৰ পাছতো অব্যাহত থাকিল আক্ৰমণ। প্ৰথমে পাৰ্কৰ ভিতৰত মাৰপিট কৰাৰ পাছত তেজেৰে লুটুৰি-পুতুৰি অৱস্থাত পিতৃ জলধৰ কুৰ্মীক চোঁচৰাই পাৰ্কৰ বাহিৰলৈ লৈ আনে পুত্ৰ বিতোপন আৰু ভাগিনীয়েক জয়ন্তই। শেষত XUV বাহনখনৰ ভৰাই লৈ বহু সময় ধৰি মুখত ঘুচিয়াই থাকে জলধৰ কুৰ্মীৰ। দ্বিতীয় পত্নীয়ে জলধৰ কুৰ্মীক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। স্থানীয় কোনো লোক আগবাঢ়ি নাহিল ব্যৱসায়ী জলধৰ কুৰ্মীৰ প্ৰাণৰক্ষা কৰিবলৈ।

জলধৰ কুৰ্মীক আক্ৰমণ কৰি সেই স্থানৰ পৰা আঁতৰি যায় পুত্ৰ বিতোপন কুৰ্মী আৰু ভাগিনীয়েক জয়ন্ত কুৰ্মী। যমুনা পাৰ্কৰ কাষতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পৰি ৰয় জলধৰ কুৰ্মী। কিছুসময় পিছতে সেই স্থানতে মৃত্যু হয় জলধৰ কুৰ্মীৰ। পৰৱৰ্তী সময়ত গোলাঘাট আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে ব্যৱসায়ী জলধৰ কুৰ্মীৰ মৃতদেহ। কিছু সময়ৰ ভিতৰতে গোলাঘাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে হত্যাকাৰী পুত্ৰ বিতোপন কুৰ্মীক। কিন্তু বৰ্তমানো পলাতক হত্যাকাণ্ডত জড়িত ভাগিনীয়েক জয়ন্ত কুৰ্মী। জয়ন্ত কুৰ্মীৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। আনহাতে ঘটনা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে জলধৰ কুৰ্মীৰ পৰিয়ালৰ আন সদস্যসকলো।

মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
Exit mobile version