উচ্ছেদক লৈ সোণাপুৰত উত্তপ্ত পৰিস্থিতি! আৰক্ষীৰ গুলীত দুজন যুৱকৰ মৃত্যু | Sonapur eviction attack on police in 2 people dead Assam news - Assam Tv9

উচ্ছেদক লৈ সোণাপুৰত উত্তপ্ত পৰিস্থিতি! আৰক্ষীৰ গুলীত দুজন যুৱকৰ মৃত্যু

Published: 

12 Sep 2024 19:21 PM

উচ্ছেদস্থলীলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছিল একাংশ উচ্ছেদিতই। লাঠি-জোং লৈ আৰক্ষীক আক্ৰমণ কৰাৰ লগতে ভাঙিছিল আৰক্ষীৰ বাহনো। ইয়াৰ পাছতেই গুলীচালনা কৰে আৰক্ষীয়ে।আৰক্ষীৰ গুলীত মৃত্যু হয় দুই বেদখলকাৰীৰ।

উচ্ছেদক লৈ সোণাপুৰত উত্তপ্ত পৰিস্থিতি! আৰক্ষীৰ গুলীত দুজন যুৱকৰ মৃত্যু

উচ্ছেদক লৈ সোণাপুৰত উত্তপ্ত পৰিস্থিতি!

Follow Us On

সোণাপুৰৰ কচুতলীত তীব্ৰ উত্তেজনা। উচ্ছেদৰ সময়ত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ। আৰক্ষীক আক্ৰমণ একাংশ উচ্ছেদিতৰ। লাঠি-জোং লৈ আক্ৰমণ আৰক্ষীক, ভাঙিলে আৰক্ষীৰ বাহন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ। আক্ৰমণত আহত সোণাপুৰ ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ। এজন আৰক্ষী জোৱানো গুৰুতৰভাৱে আহত আক্ৰমণত। কথমপি প্ৰাণ ৰক্ষা কেইবাগৰাকীও প্ৰশাসনিক বিষয়াৰ। ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় আৰক্ষী জোৱানসকল।

কেইবাদিনো ধৰি কচুতলীত চলি আছে প্ৰশাসনৰ উচ্ছেদ অভিযান।  দণ্ডাধীশ আৰু উচ্চ পদস্থ বিষয়াৰ নেতৃত্বত এটি বৃহৎ দলে চলাই আছে এই উচ্ছেদ অভিযান।দীৰ্ঘদিনৰে পৰা একাংশ সন্দেহজনক লোকে কলং নৈৰ নদী পথ ব্যৱহাৰ কৰি কচুতলী বৰবিলা আদি স্থানৰ চৰকাৰী ভূমিত বসতি স্থাপন কৰাৰ পাছতেই কঠোৰ হৈ পৰিছিল কামৰূপ মহানগৰ জিলা প্ৰশাসন।বিগত ৪ দিন ধৰি সোণাপুৰৰ কচুতলীত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছিল উচ্ছেদ অভিযান।

উচ্ছেদস্থলীলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছিল একাংশ উচ্ছেদিতই। লাঠি-জোং লৈ আৰক্ষীক আক্ৰমণ কৰাৰ লগতে ভাঙিছিল আৰক্ষীৰ বাহনো। ইয়াৰ পাছতেই গুলীচালনা কৰে আৰক্ষীয়ে।
আৰক্ষীৰ গুলীত মৃত্যু হয় দুই বেদখলকাৰীৰ। সোণাপুৰ জিলা চিকিৎসালয়ত মৃত্যু হয় দুই বেদখলকাৰীৰ। মৃত্যু হোৱা লোক দুজন হাইদৰ আলী আৰু জুৱাহিদ আলী।

উল্লেখ্য যে, আজি সোণাপুৰ কচুতলীত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। সেই সময়তে আৰক্ষী আৰু অবৈধ দখলকাৰীৰ মাজত হৈছিল সংঘাত। আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল একাংশ বেদখলকাৰীয়ে। হাতে হাতে দা-যাঁঠি লৈ ওলাই আহিছিল বেদখলকাৰী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত দুজন বেদখলকাৰী আহত হয় আৰু হাস্পতালত তেওঁলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দণ্ডাধীশসহ ৭গৰাকী আৰক্ষীৰ লোক আহতো হোৱা বুলি জানিব পৰা গৈছে।

ইফালে সোণাপুৰৰ উত্তপ্ত পৰিস্থিতিক লৈ বন্ধ কৰি দিয়া হৈছে ৰে’ল যাতায়ত। সোণাপুৰৰ ৰে’ল পথৰ দাঁতিত হাজাৰ হাজাৰ বেদখলকাৰীয়ে লৈছে আশ্ৰয়। আদবাটতে বন্ধ কৰি দিয়া হৈছে ৰে’লৰ চলাচল। উজনিমুৱা আৰু নামনিমুৱা ৰেলসমূহ সোণাপুৰ পোৱাৰ পূৰ্বে ৰখাই দিয়া হৈছে। যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত উত্তৰ-পূব ৰেলৱে কৰ্তৃপক্ষৰ। কেইবাখনো ৰে’লৰ চলাচল সাময়িকভাবে বন্ধ ৰাখিছে NF ৰে’লৱে। ক্ষুব্ধ জনতাই ৰে’লপথ অৱৰোধ কৰাৰ আশংকাত লোৱা হৈছে এই পদক্ষেপ। পাণবাৰী, ঠাকুৰকুছি, পানীখাইতি, নাৰেংগী আদি ষ্টেশ্যনত ৰখাই থোৱা হৈছে কেইবাখনো ৰে’ল  ৰে’লসমূহত থকা বহু যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version