অখিলৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ছাৰ্জ ফ্ৰেম কৰিলে NIA আদালতে...! | Special NIA Court frames charges against Assam MLA Akhil Gogoi under UAPA for anti-CAA protest case Assam news - Assam Tv9

ৰাষ্ট্ৰদ্ৰোহ আঁতৰাই অখিল গগৈৰ বিৰুদ্ধে UAPA ৰ কেইবাটাও ধাৰাত ছাৰ্জ ফ্ৰেম কৰিলে NIA আদালতে…!

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আঁতৰিলেও বিধায়ক অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ‘কা’ বিৰোধী আন্দোলনত তেওঁলোকৰ ভূমিকাক লৈ ছাৰ্জ ফ্ৰেম কৰিছে এন আই এৰ বিশেষ আদালতে । ইউ এ পি এ আৰু আই পি চিৰ ধাৰাৰ অধীনত এই চাৰিওগৰাকীৰ বিৰুদ্ধে ছাৰ্জ ফ্ৰেম কৰিছে এন আই এৰ বিশেষ আদালতে ।

ৰাষ্ট্ৰদ্ৰোহ আঁতৰাই অখিল গগৈৰ বিৰুদ্ধে UAPA ৰ কেইবাটাও ধাৰাত ছাৰ্জ ফ্ৰেম কৰিলে NIA আদালতে...!

অখিল গগৈ

Updated On: 

22 Oct 2024 15:10 PM

মঙলবাৰে এন আই এৰ বিশেষ আদালতে বিধায়ক অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ‘কা’ বিৰোধী আন্দোলনত তেওঁলোকৰ ভূমিকাক লৈ ছাৰ্জ ফ্ৰেম কৰিছে । ইউ এ পি এ আৰু আই পি চিৰ ধাৰাৰ অধীনত এই চাৰিওগৰাকীৰ বিৰুদ্ধে ছাৰ্জ ফ্ৰেম কৰিছে এন আই এৰ বিশেষ আদালতে ।

এন আই এৰ বিশেষ ন্যায়াধীশ এছ কে শৰ্মাই দিয়া ৰায়ত গগৈৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা ১৮ (ষড়যন্ত্ৰ) বা ইউ এ পি এ আৰু আই পি চিৰ ধাৰা ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ), ১৫৩ এ (শত্ৰুতামূলক ধাৰণা প্ৰচাৰ কৰা) আৰু ১৫৩ বি ধাৰাত ছাৰ্জ ফ্ৰেম কৰে । এই কথা জানিবলৈ দিছে অখিল গগৈৰ অধিবক্তা চান্তনু বৰঠাকুৰে।

ইফালে, ধৈৰ্য্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ইউএপিএৰ ১৮ আৰু আইপিচিৰ ১২০বি ধাৰাত আদালতে ছাৰ্জ ফ্ৰেম কৰে বুলি অধিবক্তা গৰাকীয়ে জানিবলৈ দিয়ে ।

আজি আদালতে তেওঁলোকৰ বিৰুদ্ধে থকা ইউএপিএৰ ৩৯ নং ধাৰা উঠাই লৈছে । এই ধাৰাই কোনো সন্ত্ৰাসবাদী সংগঠনক দিয়া সমৰ্থনৰ সৈতে জড়িত অপৰাধৰ বিষয়ে বাখ্যা কৰে । লগতে তেওঁলোকৰ বিৰুদ্ধে থকা আইপিচিৰ ধাৰা ১২৪এ (দেশদ্ৰোহ) উঠাই লয় আদালতে ।

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয়, “এইটোৱে পুনৰ প্ৰমাণ কৰে যে আমি জনসাধাৰণৰ লগত আছো আৰু এই চৰকাৰে আমাক জেলৰ ভিতৰত ৰখাটো বিচাৰে। চৰকাৰৰ বিৰুদ্ধে যুঁজখন অতি কষ্টকৰ আৰু ব্যয়বহুল কাম।” তেওঁ লগতে কয় যে, চাৰিওজনে তেওঁলোকৰ বিৰুদ্ধে অনা অভিযোগক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব।

উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধী আন্দোলনৰ সময়ত সংঘটিত ঘটনাৰ সৈতে অখিল গগৈ আৰু তেওঁ তিনিজন সহযোগীৰ সন্দেহজনক ভূমিকাক লৈ ৰুজু হোৱা দুটা গোচৰৰ বিচাৰধীন হৈ আছিল আদালতত।

INPUT-PTI

Parineeti Chopra Birthday: আজি অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ জন্মদিন
ঐশ্বৰ্য ৰয় নহয়, এইগৰাকী যুৱতী আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা
প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...
ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...