5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পৰিয়ালে ঘৰলৈ নিনিলে মৃতদেহ! গুৱাহাটীতে সম্পন্ন হ’ল প্ৰেমীকৰ ছুৰীকাঘাতত মৃত্যু হোৱা মৌচুমীৰ শেষকৃত্য…

ভাতৃ পলাশৰ মতে ঘৰৰ সৈতে বেছি যোগাযোগ নাছিল মৌচুমীৰ। মাত্ৰ গুৱাহাটীত থকাৰ কথা জানিছিল পৰিয়ালৰ লোকে। কিন্তু ভূপেন দাসৰ লগত থকা মৌচুমী সম্পৰ্ক সন্দৰ্ভত অৱগত নাছিল পৰিয়ালৰ লোক। ভাতৃৰ এজাহাৰৰ ভিত্তিতে হাতীগাঁও থানাত ভূপেন দাসৰ বিৰুদ্ধে ২৭৮/২৪ নম্বৰৰ ৰুজু কৰা হৈছে এটা গোচৰ।

পৰিয়ালে ঘৰলৈ নিনিলে মৃতদেহ! গুৱাহাটীতে সম্পন্ন হ’ল প্ৰেমীকৰ ছুৰীকাঘাতত মৃত্যু হোৱা মৌচুমীৰ শেষকৃত্য…
গুৱাহাটীতে সম্পন্ন হ'ল মৌচুমীৰ শেষকৃত্যImage Credit source: social media
trishna-kalita
Trishna Kalita | Updated On: 28 Dec 2024 12:18 PM

মহানগৰীৰ মাজমজিয়াত এক নৃশংস ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাজপথতে এগৰাকী মহিলাক ছুৰীকাঘাত কৰি নিজকো শেষ কৰাৰ অপচেষ্টা ঘাতকৰ। মহানগৰীৰ নাহৰণি পথত বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা। ছুৰীকাঘাতত গুৰুতৰভাৱে আহত মৌচুমি গগৈক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

ইফালে মৌচুমি গগৈৰ মৃতদেহ টিংখাঙৰ ঘৰলৈ নিবলৈ অস্বীকাৰ কৰে পৰিয়ালৰ লোকে। যাৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত নৱগ্ৰহ শ্মশানতে সম্পন্ন কৰা হ’ল মৌচুমী গগৈৰ শেষকৃত্য । ইয়াৰ মাজতে গুৱাহাটীৰ হাতীগাঁও থানাত ভূপেন দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল মৌচুমীৰ পৰিয়ালৰ। মৌচুমীৰ ভাতৃ পলাশজ্যোতি গগৈয়ে দাখিল কৰিছে এজাহাৰ।

ভাতৃ পলাশৰ মতে ঘৰৰ সৈতে বেছি যোগাযোগ নাছিল মৌচুমীৰ। মাত্ৰ গুৱাহাটীত থকাৰ কথা জানিছিল পৰিয়ালৰ লোকে। কিন্তু ভূপেন দাসৰ লগত থকা মৌচুমী সম্পৰ্ক সন্দৰ্ভত অৱগত নাছিল পৰিয়ালৰ লোক। ভাতৃৰ এজাহাৰৰ ভিত্তিতে হাতীগাঁও থানাত ভূপেন দাসৰ বিৰুদ্ধে ২৭৮/২৪ নম্বৰৰ ৰুজু কৰা হৈছে এটা গোচৰ। ইফালে মৌচুমীৰ শাহুৱেকৰ অভিযোগ, মৌচুমীৰ পিতৃৰ বাবে শেষ হ’ল মৌচুমীৰ জীৱন।বৃহস্পতিবাৰে মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো ডাঙৰ কন্যাৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই বুলি সদৰি কৰে মৌচুমীৰ শাহুৱেকে।

জানিব পৰা মতে, ২০১৫ চনত  টিংখাঙৰে ন চাউদাং গাঁৱৰ আৰক্ষী বিভাগত কৰ্মৰত মজিন চেতিয়াৰ পুত্র প্ৰভাকৰণ চেতিয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মৌচুমী। দুৰ্ভাগ্যবশত ২০১৯ চনত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় মৌচুমীৰ স্বামী প্ৰভাকৰণ চেতিয়াৰ। সেই সময়ত তেওঁলোকৰ এগৰাকী তিনি বছৰীয়া কন্যা থকাৰ উপৰিও  গৰ্ভৱতী আছিল মৌচুমী। স্বামীৰ মৃত্যুৰ এমাহৰ পাছতে দ্বিতীয়গৰাকী কন্যা সন্তানৰ মাতৃ হয় মৌচুমী।  মৌচুমী গগৈৰ সৈতে কন্যাৰ শেষ সাক্ষাৎ হৈছিল এপ্ৰিল মাহত।

২০২১ চনত দ্বিতীয় গৰাকী কন্যা সন্তানৰ ডেৰ বছৰ বয়সত দুইগৰাকীকৈ কন্যাক এৰি স্বামী গৃহ ত্যাগ কৰে মৌচুমীয়ে। সেইবছৰে গুৱাহাটীলৈ গুচি আহে মৌচুমী। চলিত বৰ্ষৰ মাৰ্চ মাহত সৰু কন্যা গৰাকীৰ জটিল ৰোগত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হ’ব লগা হোৱাৰ খবৰ লাভ কৰি মৌচুমীয়ে কন্যা কেইগৰাকীক সাক্ষাৎ কৰিবলৈ গৈছিল। কন্যা চিকিৎসাধীন হৈ থকাৰ সময়ত সহযোগ কৰিছিল মৌচুমীয়ে। চিকিৎসাধীন অৱস্থাতে সৰু কন্যাৰ মৃত্যুৰ সময়ত শেষবাৰলৈ সাক্ষাৎ হৈছিল শাহু আৰু ডাঙৰ মৌচুমীয়েৰ সৈতে। তাৰ পাছৰ পৰাই তেওঁলোকৰ সৈতে কোনো যোগাযোগ নাই মৌচুমী গগৈৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা ৰেপিড’ বুক কৰি ভাৰাঘৰৰ গে’টৰ সন্মুখত ৰৈ আছিল মৌচুমী গগৈ। সেই সময়তে এখন ছুইফ্ট ডিজায়াৰ বাহন আহি যুৱতীগৰাকীক আক্ৰমণ কৰিছিল ভূপেন দাসে। মৌচুমীৰ পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত কৰিছিল ভূপেনে। আক্ৰমণত গুৰুতৰভাৱে আহত মৌচুমী গগৈ ভৰ্তি কৰোৱা হয় GMCHত। কিন্তু হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মৌচুমীয়ে। তাৰ পিছতে চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলাই ভূপেন দাসে।

বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে আহত ভূপেন। ইফালে ভূপেন দাসৰো আছে পত্নীৰ লগতে আছে দুই কন্যা। ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়হতলীৰ মালাকৰ চুবুৰীত। পত্নী আৰু দুই কন্যাৰ সৈতে গুৱাহাটীত থাকে ভূপেন। পেছাত ভূপেন এজন বাছ চালক।  দুবছৰ ধৰি ভূপেন দাসৰ সৈতে মৌচুমীৰ প্ৰেমৰ সম্পৰ্ক। কিন্তু ভূপেন যে বিবাহিত সেই কথা গম পোৱা নাছিল মৌচুমীয়ে। কিছুদিন পূৰ্বে বিবাহিত বুলি জনাৰ পাছত ভূপেনৰ সৈতে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল মৌচুমীয়ে।

 

Latest News