শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ষ্টার্টআপ আন্দোলনে প্রতিফলিত কৰিছে ৰাজ্যৰ উজ্জ্বল ভৱিষ্যৎঃ মন্তব্য মুখ্যমন্ত্ৰীৰ

'এডভান্টেজ আছাম ২.০'ৰ সৈতে সংগতি ৰাখি খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত মুকলি কৰা হৈছিল এক বিশেষ প্রদর্শনী। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰদৰ্শনীস্থলীত উপস্থিত হৈ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ আৰু বহুৰাষ্ট্রীয় প্রতিষ্ঠানৰ পেভেলিয়নসমূহ পৰিদর্শন কৰে।

ষ্টার্টআপ আন্দোলনে প্রতিফলিত কৰিছে ৰাজ্যৰ উজ্জ্বল ভৱিষ্যৎঃ মন্তব্য মুখ্যমন্ত্ৰীৰ
প্ৰদৰ্শনী পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী
monjit-dutta
Monjit Dutta | Published: 28 Feb 2025 20:23 PM

ৰাজ্যত সুকলমে অনুষ্ঠিত হ’ল এডভান্টেজ আছাম ২.০। এই বিনিয়োগ সন্মিলনে ৰাজ্যক এক নতুন দিশলৈ আগবঢ়াই নিব বুলি আশাবাদী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ। এই ‘এডভান্টেজ আছাম ২.০’ৰ সৈতে সংগতি ৰাখি খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত মুকলি কৰা হৈছিল এক বিশেষ প্রদর্শনী। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰদৰ্শনীস্থলীত উপস্থিত হৈ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ আৰু বহুৰাষ্ট্রীয় প্রতিষ্ঠানৰ পেভেলিয়নসমূহ পৰিদর্শন কৰে।

কাইলৈ অর্থাৎ, ১ মার্চ পর্যন্ত এই প্ৰদৰ্শনী সাধাৰণ জনতাৰ বাবে মুকলি হৈ থাকিব। আজি প্রদর্শনীখন পৰিদৰ্শন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ উদ্ভাবনী আৰু সৃষ্টিশীল দক্ষতাৰ ভূয়সী প্রশংসা কৰে। ক্রেতা আৰু বিক্রেতাৰ মাজত সংযোগ বৃদ্ধিৰ ক্ষেত্রত প্রদর্শনীসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

নতুন যুগৰ উদ্যোগীসকলৰ উদ্ভাৱনক স্বীকৃতি প্রদানৰ দিশতো এনে প্রদর্শনীসমূহে বিশেষ বৰঙণি যোগায় বুলি মন্তব্য কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে ‘এডভান্টেজ আছাম ২.০’ৰ সৈতে সংগতি ৰাখি মুকলি কৰা প্রদর্শনীখনত পানীমেটেকাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ পৰা কাঁহ আৰু পিতলৰ পৰা প্রস্তুত মূল্যসংযোজিত অভিনৱ সামগ্রী, ৰাজ্যখনৰ চহকী ঐতিহ্যক প্রতিফলিত কৰা মুগাৰ পৰা প্রস্তুত আ-অলংকাৰ আদিয়ে ক্রেতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।

ৰাজ্যৰ নতুন প্রজন্মৰ উদ্যোগীসকলৰ উদ্ভাৱনী দক্ষতাই তেওঁক অভিভূত কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্রীগৰাকীয়ে। এই প্রদর্শনীখনত অংশগ্রহণৰ জৰিয়তে ৰাজ্যৰ বহু যুৱ উদ্যমীয়ে ‘এডভান্টেজ আছাম ২.০’ সম্মিলনত অংশগ্রহণ কৰা বহিঃৰাষ্ট্ৰৰ প্রতিনিধিসকলৰো দৃষ্টি আকর্ষণ কৰিবলৈ সমর্থ হৈছে বুলিও তেওঁ লগতে দোহাৰে।

উল্লেখ্য যে, মুখ্যমন্ত্রী ড° শর্মাই কালি এই প্রদর্শনীখনৰ ‘অসম-অতীত, বর্তমান আৰু ভৱিষ্যৎ’ শীর্ষক পেভেলিয়নত অংশগ্রহণ কৰা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অগ্রণী প্রতিষ্ঠানসমূহৰ বীথিকাসমূহ পৰিদৰ্শন কৰিছিল। আজি তেওঁ প্রদর্শনীখনত জৈৱ ইন্ধন, জৈৱিকভাবে প্রস্তুত স্বাস্থ্য সম্বন্ধীয় আৰু খোৱা কার্যত ব্যৱহৃত সামগ্রী, স্থানীয় যুৱ উদ্যোগীয়ে শামুকৰ পৰা আহৰিত মুকুতাৰ দ্বাৰা প্রস্তুত গহণা আদি প্রদর্শন কৰা প্রায় ২০০ টা বীথিকা পৰিদৰ্শন কৰে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মতে, অসমত এতিয়া ষ্টার্টআপৰ এক আন্দোলন আৰম্ভ হৈছে। আনকি অসমৰ যুৱ উদ্যমীয়ে নির্মাণ কৰা ড্রোন সেনাবাহিনীৰ দ্বাৰাও ব্যৱহৃত হৈছে বুলি তেওঁ মন্তব্য কৰে। এনেধৰণৰ উদ্যমে এখন উজ্জ্বল অসমৰ ভৱিষ্যৎ প্রতিফলিত কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে এনে উদ্যোগীসকলে নিজকে সফলভাবে প্রতিষ্ঠিত কৰাৰ উপৰি বহুজনক সংস্থাপনো দিবলৈ সক্ষম হৈছে।

কাইলৈ পর্যন্ত চলিবলগা প্রদর্শনীখন চাবলৈ ৰাজ্যৰ যুৱচামক পুনৰ এবাৰ আহ্বান জনাই মুখ্যমন্ত্রীয়ে এই প্রদর্শনীখনে বহু যুৱ উদ্যমীক অনুপ্ৰেৰণা যোগাবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে। মুখ্যমন্ত্রীগৰাকীৰ সৈতে এই পৰিদর্শনকালত মুখ্য সচিব ড° ৰবি কোটাসহ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।