5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

বিগত বৰ্ষৰ ৩০ অক্টোবৰত ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰায় ১৩ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ আবেদনৰ সময়সীমা আছিল ১০ নৱেম্বৰৰ পৰা ২৯ ডিচেম্বৰ, ২০২৩৷

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা
ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা
Follow Us
barasha-misra
Barasha Misra | Updated On: 29 Aug 2024 19:48 PM

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষা। ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয়বৰ্গৰ পৰীক্ষা। আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৫ ছেপ্টেম্বৰত। ২৯ ছেপ্টেম্বৰত পুৱা অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু আবেলি অনুষ্ঠিত হ’ব মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা।

কিছুদিন পূৰ্বে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত হ’ব বুলি কৈছিল তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষা। কিন্তু পিছত পূৰ্বৰ আৰ্হিতেই ADRE পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জনায়। পৰীক্ষালৈ দুমাহ থকা অৱস্থাত সলনি নহয় পৰীক্ষা পদ্ধতি। এই কথা সামাজিক মাধ্যমযোগে জনাইছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বিগত বৰ্ষৰ ৩০ অক্টোবৰত ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰায় ১৩ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ আবেদনৰ সময়সীমা আছিল ১০ নৱেম্বৰৰ পৰা ২৯ ডিচেম্বৰ, ২০২৩৷ ইয়াৰে তৃতীয় বৰ্গ প্ৰায় ৭,৫০০ পদৰ বাবে ল’ৰা-ছোৱালীয়ে আৱেদন কৰিছে আনহাতে চতুৰ্থ বৰ্গৰ বাবে প্ৰায় ৪,৫০০ পদৰ বাবে আবেদন কৰিছে।

কি কি আহিব পৰীক্ষাত জানক

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে মুঠ ১৫০ টা প্ৰশ্ন থাকিব। পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ০.২৫ কৈ ঋণাত্মক নম্বৰ থাকিব।
স্নাতক পৰ্যায়ৰ পদৰ বাবে মুঠ ১৫০ টা প্ৰশ্নত ১৭৫ নম্বৰ থাকিব। ইয়াৰ বাবে সময় থাকিব ৩ ঘন্টা। এই পৰীক্ষাক Social studies ৰ পৰা ৩০ টা প্ৰশ্ন, general knowledge পৰা ৩৫ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩০ টা, general english ৰ পৰা ১০ টা আৰু Reading comprehension and english language ৰ পৰা ২৫ টাকৈ প্ৰশ্ন আহিব। ইয়াৰে Reading comprehension and english language ৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ২ নম্বৰকৈ থকাৰ লগতে বাকী সকলো বিষয়ৰ প্ৰশ্নৰ ১ নম্বৰকৈ থাকিব।

SSLC পৰ্যায়ৰ বাবে

এই পৰ্যায়ৰ বাবে মুঠ ১৫০ টা প্ৰশ্নৰ বাবে ১৫০ নম্বৰ থাকিব। ইয়াৰে Social studies ৰ পৰা ৩০ টা প্ৰশ্ন, general knowledge পৰা ৩০ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩৫ টা, general english ৰ পৰা ৩৫ টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ। ৩ ঘন্টাৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা।

হাইস্কুল পৰ্যায়ৰ বাবে (চালক)

হাইস্কুল পৰ্যায়ৰ পৰীক্ষাৰ বাবে মুঠ ১৫০ টা নম্বৰৰ বিপৰীতে ১৫০ নম্বৰ থাকিব। এই পৰীক্ষাত Social studies ৰ পৰা ২০ টা প্ৰশ্ন, general knowledge পৰা ৩০ টা, logical reasoning and mental ability ৰ পৰা ২০ টা, general mathematics ৰ পৰা ৩০ টা, general english ৰ পৰা ৩০ টা আৰু Road transport ৰ বাবে ২০ টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ। আনহাত পৰীক্ষাৰ বাবে সময় থাকিব ৩ ঘন্টা।

ইয়াৰোপৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে এটা পৰীক্ষা অষ্টম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকা আৰু আনটো দশম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকাসকলৰ বাবে অনুষ্ঠিত হ’ব। দুয়োটা শাখাৰ বাবে Social studies ,general mathematics ,general knowledge, logical reasoning and mental ability ৰ পৰা প্ৰশ্ন আহিব। মুঠ ১৩৫ টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব।

Latest News