অপাৰেচন প্ৰঘাতৰ সাফল্যঃ চেন্নাইৰ পৰা সন্ত্ৰাসবাদী সদস্যক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ

তামিলনাডুৰ চেন্নাইত অপাৰেচন প্ৰঘাটৰ অধীনত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰিছে এগৰাকী উগ্ৰপন্থী সদস্যক। চোৰাংচোৱা তথ্যৰ আধাৰত অভিযান চলাই অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু আৰক্ষীৰ সমন্বয়ত ১২ ফেব্ৰুৱাৰীৰ পুৱতি নিশা এই সাফল্য লাভ কৰে।

অপাৰেচন প্ৰঘাতৰ সাফল্যঃ চেন্নাইৰ পৰা সন্ত্ৰাসবাদী সদস্যক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ

ধৃত আবু চালেম আলী

Updated On: 

13 Feb 2025 22:23 PM

মৌলবাদী শক্তিৰ নেটৱৰ্ক আৰু সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিপক্ষে অসম আৰক্ষীয়ে চলাই থকা অভিযানৰ এক মাজতে লাভ কৰিছে এক বৃ্হৎ সাফল্য। তামিলনাডুৰ চেন্নাইত অপাৰেচন প্ৰঘাতৰ অধীনত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰিছে এগৰাকী উগ্ৰপন্থী সদস্যক। চোৰাংচোৱা তথ্যৰ আধাৰত অভিযান চলাই অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু আৰক্ষীৰ সমন্বয়ত ১২ ফেব্ৰুৱাৰীৰ পুৱতি নিশা এই সাফল্য লাভ কৰে।

অভিযানত অসম আৰক্ষীৰ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত খুদিগাঁৱৰ বাসিন্দা আবু চালাম আলীক গ্ৰেপ্তাৰ কৰে। চেন্নাইৰ ছেমেনচেৰী আৰক্ষী থানা এলেকাৰ পৰা আবু চালাম আলীক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ দলটোৱে। উগ্ৰপন্থী কাৰ্যকলাপৰ বিপক্ষে চলাই থকা অভিযানৰ অংশ হিচাপে অসম আৰক্ষীৰ এয়া এক অনন্য সাফল্য হিচাপে বিবেচিত হৈছে।

ধৃত আবু চালাম আলীক আনছাৰুল্লাহ বাংলা টিম (এবিটি) আৰু জামাত-উল-মুজাহিদীনৰ সক্ৰিয় সদস্য হিচাপে চিনাক্ত কৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই কোকৰাঝাৰ আৰু ধুবুৰীৰ পৰা একাধিক সন্ত্ৰাসবাদী কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছৰ পৰাই বিগত বৰ্ষৰ ১৭ ডিচেম্বৰৰ পৰা পলায়ন কৰি আছিল আলী।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে আলীয়ে নুৰ ইছলাম মণ্ডল আৰু শ্বাহিনুৰ ইছলামৰ সৈতে উগ্ৰপন্থী কাৰ্যকলাপৰ সমন্বয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উগ্ৰপন্থী সংগঠনসমূহক শক্তিশালী কৰি তুলি তেওঁলোকে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ প্ৰচেষ্টা চলাই আহিছিল।

ভাৰতীয় ন্যায় সংহিতা (BNS), অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA), পাছপ’ৰ্ট আইন, অস্ত্ৰ আইন আদিৰ অধীনত ধৃত আবু চালেম আলীৰ বিপক্ষে একাধিক গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে আৰক্ষী মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশনাত উপ আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ সিং হাজৰীৰ নেতৃত্বত বিশেষ টাস্ক ফ’ৰ্চে এই অভিযান চলাইছিল।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?