5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

২২ বছৰীয়া যুৱক, ২ হাজাৰ কোটি টকাৰ মালিক! গ্ৰেপ্তাৰ প্ৰৱঞ্চক বিশাল ফুকন

মনোৰঞ্জন জগতৰ এগৰাকী নৃত্যশিল্পীয়ে ভাতৃ বনাই লৈছিল বিশালক। সেই নৃত্যশিল্পীগৰাকীৰ ৰাজস্থানৰ জয়পুৰত হোৱা ডেষ্টনেশ্যন ৱেডিঙৰ সকলো খৰচ বহন কৰিছিল বিশালে। এই বিয়াখনত বিশালে প্ৰায় ১ কোটি টকা খৰচ কৰিছিল

২২ বছৰীয়া যুৱক, ২ হাজাৰ কোটি টকাৰ মালিক! গ্ৰেপ্তাৰ প্ৰৱঞ্চক বিশাল ফুকন
বিশাল ফুকন
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 03 Sep 2024 09:26 AM

ডি বি ষ্টক ব্ৰকিঙৰ ৪ হাজাৰ কোটি টকা কেলেংকাৰীৰ মাজতে এইবাৰ পোহৰলৈ আহিছে বিশাল ফুকন নামৰ এজন যুৱকৰ প্ৰৱঞ্চনা। ষ্টকত বিনিয়োগৰ নামত শ শ কোটি টকা লুণ্ঠন কৰা বিশাল ফুকনক সোমবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বিশাল ফুকনৰ ডিব্ৰুগড়়ৰ বাসগৃহত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ লগতে তেওঁৰ আন এজন সহযোগীকো গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি বিশালে বিনিয়োগকাৰীক দুগুণ ধন ঘূৰাই দিয়াৰ চলেৰে কোটি কোটি টকা লুটিছিল।

বিশালে ৪টাকৈ কোম্পানীও খুলিছিল। ইয়াৰে ক্ৰিছেলিয়া ফাৰ্মাচিউটিচকেল কোম্পানীটো বিশালে ৫ মাৰ্চত পঞ্জীয়ন কৰিছিল।  এই কোম্পানীটোত আছিল ৩ গৰাকীকৈ সঞ্চালক।  তেওঁলোক ক্ৰমে- ৰাজীৱ বৰা, বিশাল ফুকন আৰু জিংকী মিলি। ইয়াৰে ৰাজীৱ পৰা নৃত্য শিল্পী চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ আৰু জিংকী মিলি ৰাজীৱৰ পত্নী।

কেৱল এয়াই নহয়, নিজাকৈ প্ৰডাকছন হাউচ থকা বিশালে ছবি নিৰ্মাণৰ নামত কোটি কোটি টকা ব্যয় কৰিছিল। এখন ছবিৰ চুক্তিৰ বাবে ডুবাইলৈও গৈছিল বিশাল। এই ছবিখনৰ অভিনেতা- অভিনেত্ৰীৰ সকলো খৰচ বহন কৰিছিল বিশালে। ডুবাইত ৯ লাখ টকীয়া ৰুম বুক কৰিছিল তেওঁ।  কেৱল নিজৰ লগতে খৰচ নকৰি  পৰিয়াল  বন্ধু বৰ্গৰ নামতো ধন খৰচ কৰিছিল বিশালে।

অভিযোগ অনুসৰি অসমীয়া মনোৰঞ্জন জগতৰ এগৰাকী নৃত্যশিল্পীয়ে ভাতৃ বনাই লৈছিল বিশালক। সেই নৃত্যশিল্পীগৰাকীৰ ৰাজস্থানৰ উদয়পুৰত হোৱা ডেষ্টনেশ্যন ৱেডিঙৰ সকলো খৰচ বহন কৰিছিল বিশালে। এই বিয়াখনত বিশালে প্ৰায় ১ কোটি টকা খৰচ কৰিছিল। গতিকে আৰক্ষীৰ তদন্তৰ আওতাত এইগৰাকী নৃত্যশিল্পী অহাৰো সম্ভাৱণা আছে।

অতি বিলাসী জীৱন আছিল বিশালৰ। সঘনাই স্কাই ডাইভিঙত যোৱা বিশালৰ বিলাসীকতাৰ অন্ত নাই। ২০২৩ চনত বিশালৰ মাতৃয়ে ক্ৰয় কৰিছিল ২৩ লাখ টকীয়া বিলাসী গাড়ী। ইয়াৰ পূৰ্বেও মন গলেই গাড়ী ক্ৰয় কৰিব পৰাকৈ ধন আছিল বিশালৰ। এনেকৈয়ে বিশাল হৈ পৰিছিল প্ৰায় ২০০০ কোটি টকাৰ মালিক।

উল্লেখ্য যে, বিশালে নটাৰীযোগে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল। সেই ধন ষ্টকত বিনিয়োগ কৰি ৬০ দিনত ৩০ শতাংশ লাভ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। চতুৰ বিশালে বিনিয়োগকাৰীৰ লগত চুক্তি কৰিছিল যে চুক্তিৰ গোপনীয়তা উলংঘন কৰিলে বিনিয়োগকাৰীয়ে লাভাংশ নাপাব। এনেকৈয়ে এজনৰ পাছত আনজন পৰিছিল বিশালৰ প্ৰৱঞ্চনাৰ জালত।

ছেবিৰ নিয়ম অনুসৰি বিশালে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল সেয়া এক অৰ্থনৈতিক অপৰাধ। বিভিন্ন সময়ত এই ক্ষেত্ৰত ছেবিয়ে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰি আহিছে। এই সন্দৰ্ভত ছেবিয়ে কেইবাখন জাননীও জাৰি কৰিছে যদিও সহজে ধন ঘটাৰ লোভত একাংশই বিশালৰ দৰে প্ৰৱঞ্চকৰ জালত পৰি সকলো হেৰুৱাইছে।

Latest News