এইবাৰ স্থান নগাঁওঃ বিদ্যালয়লৈ গৈ থকা অৱস্থাত ৰডেৰে ছাত্ৰক আক্ৰমণ…

Assam student attack: যোৱা কেইটামান দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। দৰঙৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই কালি যোৰহাটত আৰু আজি নগাঁৱত পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়।

এইবাৰ স্থান নগাঁওঃ বিদ্যালয়লৈ গৈ থকা অৱস্থাত ৰডেৰে ছাত্ৰক আক্ৰমণ...

ছাত্ৰক আক্ৰমণৰ ঘটনা

Published: 

26 Sep 2024 16:42 PM

ৰাজ্যত পুনৰ সংঘটিত হৈছে ছাত্ৰ আক্ৰমণৰ ঘটনা। দৰং, যোৰহাটৰ পাছত এইবাৰ নগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, বঢ়মপুৰ বৰবাৰীৰ শিক্ষানুষ্ঠানৰ সন্মুখত এজন যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় এজন ছাত্ৰ। ভুক্তভোগী ছাত্ৰজন  পাৰুল ৱালা গোস্বামী উঃ মাঃ বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে পুৱাৰ ভাগত কপিল বৰা নামৰ ছাত্ৰজনে পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাতে মৃদুল আলী নামৰ যুৱকজনে ৰডেৰে প্ৰহাৰ কৰে।

যুৱকজনৰ প্ৰহাৰত আহত হয় ছাত্ৰ কপিল বৰা। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। দীৰ্ঘদিনীয়া অন্তঃ কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান সুস্থ আছে ছাত্ৰগৰাকী। ঘটনা সন্দৰ্ভত ইতিমধ্যে পুৰণিগুদাম আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে, যোৱা কেইটামান দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ২৩ ছেপ্টেম্বৰত দৰঙৰ পদুম পুখুৰী হাইস্কুলত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ভৱেশ ডেকা নামৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰই। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতেই সংঘটিত হৈছিল এই ঘটনা।

ভুক্তভোগী কিশোৰৰ পিতৃয়ে জনাইছিল যে দেওবাৰেও দশম শ্ৰেণীৰ ৪ জন ছাত্ৰই তেওঁলোকৰ পুত্ৰক হত্যা কৰাৰ চেষ্টা কৰিছিল। সিদিনা বিফল হোৱাত সোমবাৰে বিদ্যালয়তে ছাত্ৰজনক হত্যা কৰে উদণ্ড ৪ ছাত্ৰই। এই ঘটনাৰ পাছতেই শোকত ভাগি পৰিছে ভৱেশ ডেকাৰ পৰিয়ালৰলোক। এই ভয়ংকৰ ঘটনাৰ পাছত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বিদ্যালয়ৰ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীৰ শাস্তিমূলক বদলি ঘোষণা কৰে। লগতে বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ সকলো শিক্ষক- কৰ্মচাৰীৰ দৰমহা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

ছাত্ৰ হত্যাৰ এই  ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই কালি যোৰহাটত আৰু আজি নগাঁৱত পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। এনে ঘটনাসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে চৰম অনুশাসনহীনতাত ভুগিছে ছাত্ৰ সমাজ। দিনে দিনে সমাজত বৃদ্ধি পাই আহিছে অনাকাংক্ষিত ঘটনা। কাকো ভয়, সমীহ নকৰা একাংশ পাষাণ মনোবৃত্তিৰলোকৰ বাবে সমাজখন কোনোবা এটা ক্ষেত্ৰত ভয়ংকৰ হৈ পৰিছে। এই সকলো ক্ষেত্ৰত সজাগতাৰ প্ৰয়োজন। অধ্যয়নৰ লগতে শিক্ষানুষ্ঠানত অনুশাসনৰ প্ৰয়োজন।

এই ক্ষেত্ৰত ছাত্ৰ- ছাত্ৰীৰ লগতে পিতৃ- মাতৃ, শিক্ষক- শিক্ষয়িত্ৰী সজাগ হোৱা দৰকাৰ। কঠোৰ শাসনৰ মাজত নাৰাখিলেও অভিভাৱক, শিক্ষক- শিক্ষয়িত্ৰীসকলে ছাত্ৰ- ছাত্ৰীসকলক শাসনৰ মাজত ৰখা দৰকাৰ। যদি এনে পৰিস্থিতয়ে হৈ থাকে তেন্তে এদিন ছাত্ৰ সমাজৰ মাজত বৃদ্ধি পোৱা অপৰাধ সামাজিক ব্যাধি হিচাপে থিয় দিব।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...