হত্যা নে চৰমপন্থা? গুৱাহাটীৰ ভাড়াঘৰত সন্দেহজনক অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ!

ভাড়াঘৰত সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰা হয় কাকডোঙাৰ ছাত্ৰজনৰ মৃতদেহ৷ ৷ উদ্ধাৰ হোৱা ছাত্ৰজন কাকডোঙাৰ অনিমেষ বৰা বুলি চিনাক্ত। আৰ্যভট্ট বিদ্যাপীঠ মহাবিদ্যালয় ছাত্র অনিমেশ৷

হত্যা নে চৰমপন্থা? গুৱাহাটীৰ ভাড়াঘৰত সন্দেহজনক অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ!

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ ছাত্ৰৰ মৃহদেহ!

Published: 

18 Jan 2025 14:42 PM

অপৰাধৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰী। গুৱাহাটীত নিতৌ সংঘটিত হৈ এটা পাছত আনটো অপৰাধ। কেইদিনমান পূৰ্বে মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল এটাৰ পাছত আনটো যুৱতীৰ মৃতদেহ। এতিয়া এই মহানগৰীতে সংঘটিত হৈছে এক এক ভয়ংকৰ ঘটনা। ভাড়াঘৰৰ পৰা সন্দেহজনক অৱস্থাত উদ্ধাৰ এজন ছাত্ৰ মৃতদেহ।

ভাড়াঘৰত সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰা হয় কাকডোঙাৰ ছাত্ৰজনৰ মৃতদেহ৷ ৷ উদ্ধাৰ হোৱা ছাত্ৰজন কাকডোঙাৰ অনিমেষ বৰা বুলি চিনাক্ত। আৰ্যভট্ট বিদ্যাপীঠ মহাবিদ্যালয় ছাত্র অনিমেশ৷ অনিমেষ বৰা গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। আনিমেষৰ ঘৰ কাকডোঙাত।

সৰুৰে পৰা অতি মেধাৱী ছাত্ৰ আছিল অনিমেষ বৰা। ষ্টাৰ নম্বৰসহ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হৈছিল অনিমেষ। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো খুব ভাল ফলাফল আছিল ছাত্ৰজনৰ । কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল অনিমেষ বৰা।

প্ৰাপ্ত তথ্য অনুসৰি বিহুৰ বন্ধত ঘৰলৈ গৈছিল অনিমেষ। তাৰ পাছত পুনৰ গুৱাহাটীৰ ভাড়া ঘৰলৈ ঘূৰি আহিছিল ছাত্ৰজন। পৰৱৰ্তী সময়ত ভাড়াঘৰৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় অনিমেষ মৃতদেহ। জানিব পৰা মতে ১৬ জানুৱাৰীত এটা ভাড়াঘৰত আত্মহত্যা কৰিছিল অনিমেষ বৰাই।

১৬ জানুৱাৰীতসন্দেহজনক অৱস্থাত উদ্ধাৰ কৰা হয় অনিমেষ বৰাৰ মৃতদেহ৷ এই ঘটনা আত্মহত্যাৰ নহয় বুলি দাবী পৰিয়ালৰ। সন্দেহ কৰা অনুসৰি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে অনিমেষক। যাৰ বাবে  ছাত্ৰজনে আত্মহত্যা কৰাৰ বিষয়টো মানি ল’ব পৰা নাই পৰিয়ালৰ লগতে কাকডোঙাৰ স্থানীয় লোকেও।

ইফালে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। এয়া হত্যা নে চৰমপন্থা? সন্দৰ্ভত আৰক্ষীয়ে সঠিত তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয় সঘনাই মহানগৰীত নিতৌ সংঘটিত হ’ব লৈছে এনে ঘটনা? কিয় বৃদ্ধি  হৈছে চৰমপন্থাৰ ঘটনা?

স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া
ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?