ৰীলছ কুইন চুমি ক'ত, আৰক্ষীৰ জালত পৰিব নেকি সাংস্কৃতিক জগতৰ বহুলোক? | Sumi Bora and Vishal phukan built a mountain of money with trading Assam news - Assam Tv9

ৰীলছ কুইন চুমি ক’ত, আৰক্ষীৰ জালত পৰিব নেকি সাংস্কৃতিক জগতৰ বহুলোক?

Updated On: 

06 Sep 2024 11:35 AM

ডিব্ৰুগড় আৰক্ষীৰ জেৰাত ইজনৰ পাছত সিজনৰ নাম কৈছে বিশাল ফুকনে। তথ্যনুসৰি এই কাণ্ডত নাম সাঙোৰ খাইছে অসমৰ বহু জনপ্ৰিয় সাংস্কৃতিক জগতৰ লোকৰ নাম। কিন্তু বিশালে দিয়া এই তথ্য কিমান সত্য?

ৰীলছ কুইন চুমি কত, আৰক্ষীৰ জালত পৰিব নেকি সাংস্কৃতিক জগতৰ বহুলোক?

কাৰাগাৰলৈ প্ৰেৰণ চুমি বৰা, তাৰ্কিক আৰু অম্লান বৰাক। অনলাই ট্ৰেডিং প্ৰৱঞ্চনাৰ জৰিয়তে পাতি লোৱা ভাতৃ বিশালৰ লগত মিলি বহুতৰে ধন আত্মসাৎ কৰাৰ অভিযোগ চুমিৰ বিৰুদ্ধে।

Follow Us On

এতিয়া চৰ্চাত চুমি বৰা আৰু বিশাল ফুকন। সকলোৰে প্ৰশ্ন কিয় এতিয়াও উলিয়াব পৰা নাই চুমি বৰাক? মহাপ্ৰৱঞ্চক বিশাল ফুকনৰ জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে। আনফালে চুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান অব্য়াহত আছে।

মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ হ’ল বিশাল ফুকন। বিকাশৰ গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে বহু-বহু চাঞ্চল্যকৰ তথ্য। SEBIৰ নিয়ম ভংগ কৰি বিশাল ফুকনে দিছিল ৬০ দিনত ৩০ শতাংশ নিশ্চিত ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি। অতি কম বয়সতে বিশাল হৈছিল কোটি কোটি টকাৰ মালিক। ইফালে বিশালৰ সৈতে চুমিৰ অতি ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে। প্ৰাৰ্চেলিয়া ফাৰ্মাচিউটিকেল কোম্পানীৰো মালিক হোৱাৰ উপৰিও বিশালৰ আছে নিজা প্ৰডাকচন হাউছ। খুব কম দিনৰ ভিতৰতে অগাধ সম্পত্তিৰ গৰাকী হোৱা বিশাল ফুকনক গ্ৰেপ্তাৰ। শ্বেয়াৰ মাৰ্কেটত নিশ্চিত ৰিটাৰ্ণৰ নামত প্ৰৱঞ্চনাৰে ঘটিছিল ধন। বিশালৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছিল আৰবীয় মুদ্ৰা দিৰহাম। বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতেও বিশাল জড়িত থকাৰ সন্দেহ। বিশাল ফুকনে নীতিবহিৰ্ভূতভাৱে ফৰেক্স ট্ৰেড কৰাৰ সন্দেহ।

অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল। ব্ৰেণ্ডড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। উদয়পুৰত ডেষ্টিনেচন ৱেডিং পতা চুমিয়ে পাৰ্চেলিয়া ফাৰ্মাচিটিকেল কোম্পানীৰ উদ্বোধনী অনুষ্ঠানত লৈছিল বিশ্বৰ এটা প্ৰতিষ্ঠিত কোম্পানী গুচ্চিৰ দ্বাৰা নিৰ্মিত বেগ। ক’লা এই বেগটোৰ ওজন প্ৰায় ১কেজি, লগতে চুমি বৰায়েই কঁকালত মাৰি থকা বেল্টৰ মূল্য ২৫,৫০০টকা।

এই প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে সাংস্কৃতিক জগতৰ বহু তাৰকাৰ বিৰুদ্ধে। একাংশ সংবাদ মাধ্যমত বহুকেইজন কণ্ঠশিল্পীৰ নাম পোহৰলৈ আহিছে। ইয়াৰ মাজতে গায়ক মণ্টুমণি শইকীয়াই সামাজিক মাধ্যমত লাইভ আহি স্পষ্ট কৰিলে যে বিশাল ফুকনৰ সৈতে তেওঁ জড়িত নহয়… বিশালক মই চিনিয়ে নাপাওঁ।

ইফালে কণ্ঠশিল্পী নিলাক্ষী নেওগেও সামাজিক মাধ্যমত লিখিছে- “টি আৰ পি”ৰ বাবে আপোনালোক যিকোনো পৰ্য্যায়লৈ যাব পাৰে । যিহেতু একাংশ ৰাইজে আপোনালোকৰ বাতৰিসমূহ আখৰে আখৰে শুদ্ধ বুলি ভাৱে গতিকে বাতৰি এটা পৰিৱেশনৰ পূৰ্বে প্ৰকৃত সত্য প্ৰমাণসহ জানি লৈ প্ৰকাশ কৰিব লাগে । ‘প্রবঞ্চনা’ কৰাৰ মানসিকতা কোনোদিনে নাই আৰু কেতিয়াও নকৰোঁ । বহু বছৰৰ সাধনা আৰু চেষ্টাৰ ফলত ৰাইজৰ মনত এক স্থান পাইছোঁ । মিছা অপবাদেৰে ৰাইজৰ মৰমৰ পৰা মোক বঞ্চিত নকৰে যেন ।”

আনফালে কণ্ঠশিল্পী দীপলিনাৰ নাম প্ৰচাৰ হোৱাৰ পিছত সামাজিক মাধ্যমত কণ্ঠশিল্পী গৰাকীয়ে লিখিছে- শেহতীয়াকৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত পৰিবেশন হৈ থকা এটা বাতৰি মোৰ দৃষ্টিগোচৰ হৈছে। অভিযোগটো সম্পুৰ্ণ মিছা, ভূৱা। মই কোনো ধৰণৰ বিনিয়োগৰ (investment) লগত জড়িত নহয়, কোনো ধৰণৰ লেনদেনৰ সম্পৰ্ক নাই। ভগৱানৰ কৃপাত যিখিনি আছে যেনেকৈ আছে মই তেনেকৈয়ে সুখী। ধন্যবাদ

এই চৰ্চাৰ মাজতে আন একাংশই গীত ৰচনা কৰিছে চুমি বৰাৰ কাণ্ডক লৈ। ‘চুমি অ’ চুমি কত আছা তুমি,পুলিচে বিচাৰি খাইছে হাবাথুৰি , নাভাবিবা তুমি বাছি যাম বুলি”- চুমী-বিশালৰ অধ্যায়ক লৈ ছ’চিয়েল মিডিয়াত ভাইৰেল নতুন গীত।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version