“ভাল কামত সময় দিয়ক”, গো-মাংস সৰবৰাহৰ গোচৰকলৈ ৰাজ্য চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে গো-মাংস সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত এজন লোকৰ বিৰুদ্ধে ৰুজু হোৱাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে অসম চৰকাৰক টানি আনে আৰু এনে ব্যক্তিৰ পিছে পিছে দৌৰাতকৈ 'ভাল কামত সময় দিব লাগে' বুলি কয় উচ্চতম ন্যায়ালয়ে ।

ভাল কামত সময় দিয়ক, গো-মাংস সৰবৰাহৰ গোচৰকলৈ ৰাজ্য চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়

Published: 

22 Feb 2025 07:49 AM

সন্দেহজনক গো-মাংস সৰবৰাহক লৈ ৰাজ্যৰ প্ৰশাসনে গ্ৰহণ কৰা স্থিতিক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে কয় যে, ৰাজ্য চৰকাৰে এইধৰণৰ কামত লাগি থকাতকৈ ভাল কামত সময় দিব লাগে । শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গো-মাংস সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত এজন লোকৰ বিৰুদ্ধে ৰুজু হোৱাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে অসম চৰকাৰক টানি আনে আৰু এনে ব্যক্তিৰ পিছে পিছে দৌৰাতকৈ ‘ভাল কামত সময় দিব লাগে’ বুলি কয় উচ্চতম ন্যায়ালয়ে ।

ন্যায়াধীশ এ এছ অ’কা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে অভিযুক্তৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য্যবিধি স্থগিত ৰখাৰ লগতে পুনৰ বিবেচনাৰ বাবে শুনানী ১৬ এপ্ৰিললৈ পিছুৱাই দিয়ে । ৰাজ্যখনে মাংসৰ নমুনা পৰীক্ষাৰ বাবে লেবলৈ প্ৰেৰণ কৰাৰ বিষয়ে অৱগত কৰাৰ পিছত বিচাৰপীঠে কয় যে, এই লোকসকলৰ পিছে পিছে দৌৰাতকৈ ৰাজ্যই ভাল কাম কৰিব লাগে।

অধিবক্তাই কয় যে, পৰিবহণত বাধা দিয়াৰ পিছত চালকে প্ৰকৃত সামগ্ৰীৰ প্ৰকৃতিৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল। লগতে অধিবক্তাই কয় যে, তাৰ পিছত মাংসখিনি ফৰেনছিক লেবলৈ প্ৰেৰণ কৰা হৈছিল। আদালতে কয় যে, বিশেষ জ্ঞান নথকা ব্যক্তিয়ে কেৱল কেঁচা পেকেট মাংস দেখিলেই কি জন্তুৰ মাংস সেয়া ক’ব নোৱাৰে ।

অভিযুক্তৰ অধিবক্তাই দাবী কৰে যে, তেওঁৰ ক্লায়েণ্ট এজন গুদামৰ মালিক আৰু তেওঁ কেৱল পেকেটত ভৰোৱা কেঁচা মাংসহে পৰিবহণ কৰিছিল। ইফালে ৰাজ্যৰ অধিবক্তাই যুক্তি দিছিল যে, অভিযুক্তই মাংসখিনি পেকেজিং আৰু বিক্ৰীৰ কামত জড়িত আছিল।

অসম গৰু সংৰক্ষণ আইনৰ ৮ নং ধাৰা সন্দৰ্ভত আদালতে কয় যে, বিক্ৰী কৰা মাংস গো-মাংস বুলি অভিযুক্তৰ জ্ঞান থাকিলেহে এই বিধান প্ৰয়োগ কৰিব পৰা যাব। বিচাৰপীঠে বিষয়টোৰ বিবেচনাৰ প্ৰয়োজন বুলি উল্লেখ কৰি এপ্ৰিল মাহলৈ শুনানি পিছুৱাই দিয়ে ।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?