ফেঞ্চি বজাৰৰ ৱাকফা সম্পত্তি সন্দৰ্ভত বিবাদ নিষ্পত্তি

অহিদুৰ ৰহমান ওৰফে ছাৰ্লছ ৰহমান আৰু অন্যান্যই অসম বাকফা বোৰ্ড অৱ, বাকফাৰ বিৰুদ্ধে দাখিল কৰা স্পেচিয়েল লিভি পিটিশ্যন নিষ্পত্তি কৰি গুৱাহাটীৰ ফেঞ্চী বজাৰৰ বাকফাৰ সম্পত্তি সন্দৰ্ভত দীৰ্ঘদিনীয়া বিবাদৰ নিষ্পত্তি কৰে।

ফেঞ্চি বজাৰৰ ৱাকফা সম্পত্তি সন্দৰ্ভত বিবাদ নিষ্পত্তি

উচ্চতম ন্যায়ালয়

Published: 

03 Dec 2024 14:49 PM

এক দীৰ্ঘদিনীয়া বিবাদৰ সমাপ্তি ঘটাই উচ্চতম ন্যায়ালয়ে এক আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে। অহিদুৰ ৰহমান ওৰফে ছাৰ্লছ ৰহমান আৰু অন্যান্যই অসম বাকফা বোৰ্ড অৱ, বাকফাৰ বিৰুদ্ধে দাখিল কৰা স্পেচিয়েল লিভি পিটিশ্যন নিষ্পত্তি কৰি গুৱাহাটীৰ ফেঞ্চী বজাৰৰ বাকফাৰ সম্পত্তি সন্দৰ্ভত দীৰ্ঘদিনীয়া বিবাদৰ নিষ্পত্তি কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পৰা আৰম্ভ হোৱা এই গোচৰত মানসিকভাৱে সমস্যাৰ সন্মুখীন হোৱা স্বৰ্গীয় আবেদুৰ ৰহমানৰ বংশধৰসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সমস্যাটো সমাধানৰ বাবে অসমৰ বাকফা বোৰ্ডে নামমাত্ৰ ভাড়াৰ বাবদ  ৰহমানৰ বংশধৰসকলক গুৱাহাটীৰ ফেঞ্চি বজাৰৰ প্ৰথম আৰু দ্বিতীয় মহলাৰ এটা আৱাস গৃহ লীজত দিবলৈ সন্মত হৈছে। এই সিদ্ধান্তৰ ফলত ৰহমানৰ বংশধৰসকলে তেওঁলোকৰ জীৱনকালত এই সম্পত্তিৰ ওপৰত শান্তিপূৰ্ণ ভাৱে থাকিব পাৰিব। এই সন্দৰ্ভত যোৱা ২২ নৱেম্বৰত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।

শুনানিৰ সময়ত বাকফা বোৰ্ডে প্ৰস্তাৱ দাখিল কৰি বাকফা প্ৰপাৰ্টিজ ৰুলছ, ২০১৪ মানি চলিব বুলি আৰু বাকফা আইন ১৯৯৫ ৰ বিধান অনুসৰি ইয়াক পৰিচালনা, নিয়ন্ত্ৰণ কৰিব বুলি কয়। উচ্চতম ন্যায়ালয়ে এই প্ৰস্তাৱৰ প্ৰতি লক্ষ্য ৰাখি আবেদন নিষ্পত্তি কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সদস্যসকলৰ কল্যান নিশ্চিত কৰাৰ কথা কয়।

বাকফাৰ অৰ্থ

ৱাকফৰ অৰ্থ হৈছে ‘আল্লাহৰ নামত’, অৰ্থাৎ যিবোৰ মাটি কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ নামত নহয়, কিন্তু মুছলমান সমাজৰ অন্তৰ্গত, সেইবোৰ ৱাকফ ভূমি বুলি ধৰা হয়। ইয়াৰ ভিতৰত মছজিদ, মাদ্ৰাছা, শ্মশান, ইদগাহ, সমাধি আৰু প্ৰদৰ্শনী স্থান আদি অন্তৰ্ভুক্ত কৰা হয়।

কিন্তু কিছু সময়ৰ পৰা দেখা গৈছে যে এনে মাটিৰ অপব্যৱহাৰ কৰাৰ লগতে বিক্ৰীও কৰা হৈছে। মুছলমান সম্প্ৰদায়ৰ মাটি নিয়ন্ত্ৰণৰ বাবে ৱাকফ বৰ্ড গঠন কৰা হৈছিল। ৱাকফ ভূমিৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবে আৰু মাটিৰ অবৈধ বিক্ৰী ৰোধ কৰিবলৈ ৱাকফ ব’ৰ্ড গঠন কৰা হৈছিল। বাকফা বৰ্ড দুই প্ৰকাৰৰ- ছিয়া বাকফা বোৰ্ড, চুন্নী বাকফা বোৰ্ড

 

কলম কোনে আৱিষ্কাৰ কৰিছিল জানেনে?
নহৰুৱে শৰীৰৰ কি কি ৰোগ প্ৰতিৰোধ কৰিব পাৰে?
কোনখন নোটত RBIৰ গৱৰ্ণৰৰ স্বাক্ষৰ নাথাকে আৰু কিয়?
বছৰৰ চতুৰ্থটো শতক ! আন এক অভিলেখ ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ