5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Supreme Court Summons : চাহ শ্ৰমিকৰ প্ৰাপ্য ধন পৰিশোধ কৰাত ব্যৰ্থ চৰকাৰ ! মুখ্য সচিবৰ পৰা স্পষ্টিকৰণ বিচাৰি চমন জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে…

চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰাপ্য ধন পৰিশোধ কৰাৰ বাবে চেষ্টা নকৰাৰ সন্দৰ্ভত অসমৰ মুখ্য সচিবৰ পৰা স্পষ্টিকৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে এক চমন জাৰি কৰি মুখ্য সচিবক অহা ১৪ নৱেম্বৰত স্পষ্টিকৰণ দিবলৈ কোৱা হৈছে ।

Supreme Court Summons : চাহ শ্ৰমিকৰ প্ৰাপ্য ধন পৰিশোধ কৰাত ব্যৰ্থ চৰকাৰ ! মুখ্য সচিবৰ পৰা স্পষ্টিকৰণ বিচাৰি চমন জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে…
অসমৰ চাহ-বাগিচা
manas-borah
Manas Borah | Updated On: 22 Oct 2024 13:08 PM

ৰাজ্যৰ চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰাপ্য ধন পৰিশোধ কৰাৰ বাবে চেষ্টা নকৰাৰ সন্দৰ্ভত অসমৰ মুখ্য সচিবৰ পৰা স্পষ্টিকৰণ বিচাৰিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে এক চমন জাৰি কৰি মুখ্য সচিবক অহা ১৪ নৱেম্বৰত স্পষ্টিকৰণ দিবলৈ কোৱা হৈছে । বাহ বাগিচাৰ শ্ৰমিকে কিয় দীৰ্ঘদিন ধৰি প্ৰাপ্য ধন লাভ কৰা নাই ? কিয় এই ধন মোকলাই দিবলৈ চেষ্টা কৰা হোৱা নাই ? সেই সন্দৰ্ভত উচ্চতম ন্যায়ালৰ ওচৰত স্পষ্টিকৰণ দিব লাগিব অসমৰ মুখ্য সচিবে ।

অসম চাহ নিগম লিমিটেড (ATCL)ত নিয়োজিত চাহ বাগিচাৰ শ্ৰমিকৰ অনাদায় দৰমহা আৰু ভাট্টা সন্দৰ্ভত ২০১২ চনৰ পৰা বিচাৰাধীন হৈ থকা এখ আবেদনৰ প্ৰতি সঁহাৰি জনাই এই নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে । এই নিৰ্দেশত কোৱা হৈছে যে, এই আবেদনৰ পৰৱৰ্তী শুনানিৰ দিনটোত অসমৰ মুখ্য সচিব উচ্চতম ন্যায়ালয়ত শাৰীৰিকভাৱে উপস্থিত থাকিব লাগিব ।

আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ ওকাই আলোকপাত কৰে যে, এ টি চি এলৰ প্ৰধান দায়িত্ব হৈছে শ্ৰমিকসকলক ক্ষতিপূৰণ দিয়াটো নিশ্চিত কৰা। যদিহে ৰাজ্যই চাহ বাগিচাসমূহ কাৰ্যকৰীভাৱে পৰিচালনা কৰিব নোৱাৰে তেন্তে শ্ৰমিকৰ পাবলগীয়া ধন পৰিশোধ কৰিবলৈ সম্পত্তি বিক্ৰী কৰিব লাগে বুলিও ন্যায়াধীশ গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

ইফালে, অসম চৰকাৰৰ অধিবক্তাই শুনানিৰ সময়ত যুক্তি দিয়ে যে,পট্টাধাৰীয়ে চাহ বাগিচাসমূহ অলাভজনকতাৰ বাবে এ টি চি এললৈ ঘূৰাই দিয়াৰ ফলত আৰ্থিক লোকচান আৰু অধিক বৃদ্ধি পাইছে। ইয়াৰ লগতে অসম চৰকাৰৰ অধিবক্তা গৰাকীয়ে কয় যে, চাহ বাগিচাৰ শ্ৰমিক প্ৰাপ্য পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰো দায়িত্ব আছে । কিন্তু এই সন্দৰ্ভত আদালতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়লৈও এক জাননী জাৰি কৰিছে ।

মনকৰিবলগীয়া যে, অসমৰ চাহ শ্ৰমিকক ৬৪৫ কোটি টকা পৰিশোধ কৰিবৰ বাবে ২০২৩ চনতে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল ন্যায়ালয়ে । অসম চাহ কোম্পানী লিমিটেডৰ ১৫ খন চাহ বাগিচাকে ধৰি অসমৰ মুঠ ২৫ খন চাহ বাগিচাৰ প্ৰায় ২৮,৫৫৬ গৰাকী শ্ৰমিকক সামৰি এই নিৰ্দেশ দিছিল ন্যায়ালয়ে ।

উল্লেখ্য যে, প্ৰকাশিত খবৰ অনুসৰি চাহ শ্ৰমিক সংগঠনৰ লগতে আন্তৰ্জাতিক খাদ্য আৰু কৃষি কৰ্মী সংঘ আৰু পশ্চিমবংগ খেট মজদুৰ সমিতিয়ে ২০০৬ চনত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰথমে আবেদন দাখিল কৰিছিল । ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে ২০১০ চনত এই আবেদনখন নিষ্পত্তি কৰে । এই আবেদনৰ নিষ্পত্তিৰ সময়ত ন্যায়ালয়ে ৬ মাহৰ ভিতৰত চাহ শ্ৰমিকৰ প্ৰাপ্য ধন মোকলাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল ।

বৰ্তমানৰ বিচাৰধীন আবেদনখন ২০১২ চনত দাখিল কৰা হৈছিল । এই আবেদনৰ ভিত্তিত পাবলগীয়া ধনৰ হিচাপ-নিকাচৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এম চাপ্ৰেৰ নেতৃত্বত এখন এজনীয়া সমিতি গঠন কৰে । সোমবাৰে গ্ৰহণ কৰা এই আবেদনৰ শুনানিৰ সময়ত সমিতিখনে দাখিল কৰা এক প্ৰতিবেদন অনুসৰি,  চৰকাৰে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলক ৪১৪.৭৩ কোটি টকা, অতিৰিক্ত ৫০ কোটি টকা। ভৱিষ্য নিধি বিভাগক ২৩০.৬৯ কোটি টকা পৰিশোধ কৰিব লাগিব ।

Latest News