লক্ষ্য আছিল ২৬ জানুৱাৰী ! আৰক্ষীৰ জালত ৩ নিষিদ্ধ ঘোষিত সংগঠনৰ সন্দেহযুক্ত কেডাৰ…
ৰাজ্যৰ প্ৰশাসনে সুৰক্ষাৰ দিশটোক অধিক গুৰুত্ব দিয়াৰ সময়তে দুলীয়াজান আৰক্ষীৰে তিনি সন্দেহযুক্ত নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে । সূত্ৰৰ খবৰ অনুসৰি, দুলীয়াজান আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই প্ৰথমে বিতুপন গগৈ ওৰফে জয়ন্ত নামৰ এজন সন্দেহযুক্ত যুৱকক আটক কৰে ।
আগন্তুক ১৬ জানুৱাৰীৰ পূৰ্বে ৰাজ্যৰ প্ৰশাসনে সুৰক্ষাৰ দিশটোক অধিক গুৰুত্ব দিয়াৰ সময়তে দুলীয়াজান আৰক্ষীৰে তিনি সন্দেহযুক্ত নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰক আটক কৰিবলৈ সক্ষম হৈছে । সূত্ৰৰ খবৰ অনুসৰি, দুলীয়াজান আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই প্ৰথমে বিতুপন গগৈ ওৰফে জয়ন্ত নামৰ এজন সন্দেহযুক্ত যুৱকক আটক কৰে । দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়া, DSP নামৰূপৰ সৈতে যুতীয়াভাৱে চলোৱা হৈছিল এই অভিযান ।
জানিব পৰা মতে, এই অভিযানত দুলীয়াজানৰ হুকুতা চাৰিআলি স্থিত নতুন বাছ আস্থানৰ পৰা আটক কৰে বিতুপণ গগৈক । আৰক্ষীয়ে আটক কৰা যুৱকজনৰ ঘৰ ডিব্ৰুগ়ৰৰ লাহোৱালত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বিতুপনক আটক কৰা সমান্তৰালভাৱে আইডি, ৭.৬৫ পিষ্টল, সক্ৰিয় গোলা-বাৰুদ, মোবাইলফোন আৰু নগদ ৪৯,৫০০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।
ইফালে, সূত্ৰৰ খবৰ অনুসৰি, বিতুপন গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে আন দুজন সহযোগী ডিৰিয়াল গাঁৱৰ বলিন গগৈ ওৰফে ধন আৰু টেঙাখাতৰ ভৰত সাজাৰিক আটক কৰিবলৈ সক্ষম হয় । মনকৰিবলগীয়া যে, এই আটাইকেইজনে ধন দাবীৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । লগতে ২৬ জানুৱাৰীৰ পূৰ্বে বিভিন্ন ঠাইত কূটাঘাতৰ পৰিকল্পনা কৰিছিল বুলি এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ।
সূত্ৰৰ পৰা জানিব পৰা মতে, বিতুপন গগৈৰ সৈতে এটা ১৫ জনীয়া গোটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কূটাঘাতৰ বিশেষ পৰিকল্পনা কৰিছিল । তেওঁলোকে ডিমাপুৰত গৈ অস্ত্ৰ-শস্ত্ৰৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বুলি বিতুপন গগৈয়ে সাংবাদিকৰ আগত স্বীকাৰ কৰিছে । একেদৰে তেওঁলোকে ৰাজ্যৰ বিভিন্ন ঠাইত ধন দাবী কৰি প্ৰায় কোটি টকা সংগ্ৰহ কৰাৰ কথাও জানিব পৰা গৈছে ।