5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দালালৰ সহায়ত অনুপ্ৰৱেশ, সোণাপুৰত আটক দুই সন্দেহজনক বাংলাদেশীক…

সোণাপুৰত দুই সন্দেহজনক লোকক আটক কৰে স্থানীয় লোকে । জানিব পৰা মতে, আটকাধীন যুৱক দুজন বাংলাদেশৰ পৰা অবৈধভাৱে অসমত প্ৰৱেশ কৰিছিল ।

দালালৰ সহায়ত অনুপ্ৰৱেশ, সোণাপুৰত আটক দুই সন্দেহজনক বাংলাদেশীক…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 22 Dec 2024 10:42 AM

সোণাপুৰত পুনৰ সন্দেহজনক লোকক আটক কৰাৰ খবৰ প্ৰকাশ পাইছে । সূত্ৰৰ খবৰ অনুসৰি, শনিবাৰে নিশা দুই সন্দেহজনক লোকক আটক কৰে স্থানীয় লোকে । জানিব পৰা মতে, আটকাধীন যুৱক দুজন বাংলাদেশৰ পৰা অবৈধভাৱে অসমত প্ৰৱেশ কৰিছিল । ইয়াৰ লগতে এই সন্দেহজনক বাংলাদেশী দুজনে দালালৰ সহায়ত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বুলিও খবৰ প্ৰকাশ পাইছে ।

জানিব পৰা মতে, এই সন্দেহজনক বাংলাদেশী দুজনে জনৈক বাবু নামৰ এজন লোকক সাক্ষাৎ কৰিবৰ বাবে সোণাপুৰৰ বাৰঘৰীয়াত উপস্থিত হৈছিল । জনৈক বাবু হৈছে এগৰাকী গাড়ী চালক । স্থানীয় লোকে অভিযোগ কৰিছে যে, এই গাড়ী চালক গৰাকীৰ সহযোগতে এই সন্দেহযুক্ত বাংলাদেশী দুজন সোণাপুৰ অঞ্চলত উপস্থিত হৈছিল ।

খবৰ অনুসৰি, স্থানীয় লোকে প্ৰথম অৱস্থাত সন্দেহ প্ৰকাশ কৰিছে এই দুয়োজনক কৰায়ত্ব কৰে । পাছত সোণাপুৰ আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে । আটকাধীন যুৱক দুজনৰ নাম মহম্মদ মুন্নান মিঞা, মহম্মদ আব্দুল টাহিভক বুলি জানিব পৰা গৈছে । ইফালে সাক্ষাৎ কৰিবলৈ অহা জনৈক বাবু নামৰ চালক জনকো আটক কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় লোকে ।

আন এক খবৰ অনুসৰি,এই দুয়োজন লোকে বাংলাদেশৰ পৰা অসমত অবৈধভাৱে প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰিছে । সূত্ৰ খবৰ অনুসৰি, দুয়োজন লোকে ৪ মাহৰ পূৰ্বেই বাংলাদেশৰ পৰা অবৈধভাৱে দালালৰ সহায়ত অসমত প্ৰৱেশ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে । এই দুয়োজনৰ ঘৰ বাংলাদেশৰ চিলেট জিলাত বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি, দালাৰৰ সহায়ত এই দুই সন্দেহজনক বাংলাদেশীয়ে ২০ হাজাৰ টকাৰ বিনিময়ত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল । সোণাপুৰ আৰক্ষীৰ জিম্মাত থকা যুৱক দুজনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে বুলি এক সূত্ৰই জানিবলৈ দিছে ।

Latest News