আজি শ্বহীদ দিৱসঃ জানক এই দিৱসৰ ইতিহাস আৰু কিয় পালন কৰা হয়

Swahid divas: আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে শ্বহীদ দিৱস। অসম আন্দোলনৰ প্ৰথম শ্বহীদ তথা আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫ জন শ্বহীদক স্মৰণ কৰি এই দিৱস পালন কৰা হয়। ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱসৰ অনুষ্ঠান আয়োজন কৰা হৈছে।

আজি শ্বহীদ দিৱসঃ জানক এই দিৱসৰ ইতিহাস আৰু কিয় পালন কৰা হয়

শ্বহীদ দিৱস

Published: 

10 Dec 2024 10:25 AM

আজি শ্বহীদ দিৱস। ১৯৭৯ চনৰ আজিৰ দিনটোতেই অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে প্ৰাণ হেৰুৱাইছিল। এইগৰাক ছাত্ৰনেতাৰ স্মৃতিতেই প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰোপৰি এই দিনটোতেই অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখিয়েই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদক সুঁৱৰি ‘শ্বহীদ দিৱস’ পালন কৰা হ’ব। আজিৰ এই বিশেষ দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক অখিল গগৈ আদিয়ে শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰিছে।

কিয় পালন কৰা হয়

১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনা বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে আত্মবলিদান দিছিল। ৬ বছৰীয়া আন্দোলনকালৰ তেওঁ আছিল প্ৰথম শ্বহীদ। সেইবাবে তেওঁৰ স্মৃতিত প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। এই দিৱসৰ লগত জড়িত হৈ আছে শ শ লোকৰ ত্যাগ আৰু জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন।

ইতিহাস

১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত পূব পাকিস্তানৰ পৰা হাজাৰ হাজাৰলোক ভাৰত তথা অসমলৈ প্ৰব্ৰজন কৰিছিল। বাংলাদেশ গঠন হোৱাৰ পাছত বহু সংখ্যকলোক ঘূৰি যায় যদিও কিছু সংখ্যক অসমতে থাকি যায়। ইয়াৰ কেইবাবছৰ পাছত অসমৰ অনুপ্ৰৱেশকাৰীৰ সমস্যাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৭৮ চনৰ ২৮ মাৰ্চত লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ ফলত মঙলদৈ লোকসভা সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হয়। কিন্তু ২৭ এপ্ৰিলত জাৰি কৰা ভোটৰ তালিকা সংশোধনীত প্ৰায় ৪৫,০০০ সন্দেহযুক্ত বিদেশীৰ নাম অন্তৰ্ভুক্ত হয়। এক প্ৰকাৰ ইয়াৰ পাছতেই গা কৰি উঠে অসম আন্দোলনে।

১৯৭৯ চনৰ মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকৱ সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পাছত ২৭ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত এখন সভাত জাতীয়তাবাদী দলে অবৈধ বাংলাদেশীৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত লোকপিয়ল আৰু নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে চৰকাৰক আহ্বান জনায়। আছুয়ে বিদেশী বহিষ্কাৰক মূল দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ আৰম্ভ কৰে।

১৯৭৯ চনৰ ছেপ্টেম্বৰত শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়। ইয়াৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্তই ভোটৰ তালিকা অনুসৰি নিৰ্বাচন অনুষ্ঠিত কৰিব দিয়ে। এই নিৰ্বাচনৰ বাবে মনোনয়ন দিবলৈ যোৱা প্ৰাৰ্থীক বাধা প্ৰদান কৰিবলৈ গৈ মৃত্যুক সাৱতি লৈছিল খৰ্গেশ্বৰ তালুকদাৰে।

অসম আন্দোলনৰ মূল উদ্দেশ্য আছিল পূব পাকিস্তান বা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক চিন্তা কৰি ভোটৰ তালিকাৰ পৰা নাম আঁতৰোৱা আৰু ৰাজ্যৰ পৰা বাহিৰ কৰা। অসমৰ প্ৰায় প্ৰতিগৰাকীলোক এই আন্দোলনত জঁপিয়াই পৰিছিল। এই সন্দৰ্ভত অসমৰ নেতৃবৃন্দৰ সৈতে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মাজত কেইবাবাৰো আলোচনা হয়। কিন্তু বাৰে বাৰে আলোচনা কৰাৰ পাছতো এয়া বিফল হৈছিল। ইয়াৰ মাজতে ছাত্ৰ সন্থাই ১৯৫১ চনত ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী বহিষ্কাৰৰ দাবী জনায় ।

কিন্তু পৰৱৰ্তী সময়ত এই আন্দোলনৰ প্ৰতি জন সমৰ্থন কমি আহে আৰু ১৯৮১- ১৯৮২ চনৰ আন্দোলন স্থবিৰ হৈ পৰে। হিংসাত্মক ঘটনা, প্ৰতিবাদৰ অন্ততো ১৯৮৩ চনত অসমত ৰক্তাক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়। এই আন্দোলনত অসমৰ বহু মানুহে প্ৰাণ আহুতি দিয়ে। পৰৱৰ্তী সময়ত সেই সময়ৰ তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আন্দোলনকাৰীসকলৰ লগত আলোচনাত মিলিত হয় আৰু ১৯৮৫ চনৰ ১৫ আগষ্টত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হয়।

এই আন্দোলনৰ ফলশ্ৰুতিতেই অসমত গঠন হয় নতুন ৰাজনৈতিক দল অসম গণ পৰিষদ। চুক্তি মতে সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই পদত্যাগ কৰে। পৰৱৰ্তী সময়ত ১৯৮৫ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অগপই সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

দুখৰ বিষয় এয়াই যে, অসম চুক্তিৰ প্ৰায় ৪০ বছৰ পাছতো অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধান নহ’ল। চুক্তিৰ জৰিয়তে এই আন্দোলনৰ সমাপ্তি হৈছিল যদিও আজি পৰ্যন্ত চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা কাৰ্যকৰী হোৱা নাই  যাৰ ফলশ্ৰুতিত অসমত এতিয়াৰ সময়তো অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা মূল সমস্যা হিচাপে পৰিগণিত হৈছে।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?