Swanirbhar Nari: স্ব-নিৰ্ভৰ নাৰী আঁচনিঃ জানক কি যোগ্যতা থাকিলে মহিলাই লাভ কৰে এই আঁচনিৰ সুবিধা

Swanirbhar Nari: অসম চৰকাৰৰ এক অভিলাসী আঁচনি স্ব-নিৰ্ভৰ নাৰী। এই আঁচনিৰ অধীনত ৰাজ্যৰ শিপিনীসকলে প্ৰত্যক্ষ বজাৰত প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰে।

Swanirbhar Nari: স্ব-নিৰ্ভৰ নাৰী আঁচনিঃ জানক কি যোগ্যতা থাকিলে মহিলাই লাভ কৰে এই আঁচনিৰ সুবিধা

স্ব-নিৰ্ভৰ নাৰী

Published: 

26 Jan 2025 21:22 PM

চৰকাৰে বিভিন্ন সময়ত জনতাৰ কল্যানৰ হকে বহু আঁচনি ৰূপায়ন কৰে। এনে এক আঁচনি স্ব- নিৰ্ভৰ নাৰী আত্ননিৰ্ভৰ অসম আঁচনি ( Swanirbhar Nari – Atmanirbhar Assam Scheme)।  স্ব-নিৰ্ভৰ নাৰী আঁচনি হৈছে অসমৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত এক আঁচনি। ই খিলঞ্জীয়া শিপিনীসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত হাতেৰে বোৱা সামগ্ৰীসমূহ প্ৰচাৰত সহায় কৰে। এই আঁচনিয়ে কোনো মধ্যভোগীৰ সৈতে জড়িত নোহোৱাকৈ শিপিনীসকলৰ পৰা প্ৰত্যক্ষ ক্ৰয় নিশ্চিত কৰে, যাৰ ফলত তেওঁলোকে ন্যায্য বজাৰ প্ৰৱেশ কৰিব পাৰে। এই আঁচনিৰ বাবে যোগ্য শিপিনীসকলে swanirbharnaari.assam.gov.in নামৰ ৱেব পৰ্টেলৰ দ্বাৰা আবেদন কৰিব পাৰে ।

উদ্দেশ্য

  • মধ্যভোগীক নিৰ্মূল কৰি থলুৱা শিপিনীসকলক সৱলীকৰণ কৰা আৰু ন্যায্য বজাৰ প্ৰৱেশ নিশ্চিত কৰা।
  • প্ৰত্যক্ষ ক্ৰয় আৰু অনলাইন পেমেণ্টৰ জৰিয়তে শিপিনীসকলৰ বাবে উন্নত পাৰিতোষিক
  • হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানৰ জৰিয়তে দক্ষতা উন্নীতকৰণ আৰু প্ৰশিক্ষণৰ সুযোগ।
  • আৰ্হি, গুণগত মান, আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে আধুনিক প্ৰযুক্তিৰ সংহতি
  • হাতেৰে বোৱা বস্তুৰ শ্ব’ৰুম আৰু ই-মাৰ্কেটিঙৰ জৰিয়তে বিক্ৰীৰ সুযোগ বৃদ্ধি
  • অসমৰ পৰম্পৰাগত ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ।

অৰ্হতা

  • হিতাধিকাৰী অসমৰ বাসিন্দা হ’ব লাগিব।
  • শিপিনীগৰাকীৰ ঘৰত তাঁতশাল থাকিব লাগিব।
  • বৈধ বেংক একাউন্ট থাকিব লাগিব।
  • শিপিনীগৰাকীৰ হাতত Directorate of Handloom & Textiles, Assam য়ে জাৰি কৰা পাচবুক থাকিব লাগিব।
  • অসমৰ খিলঞ্জীয়া শিপিনীসকলক আবেদন কৰিব আহ্বান জনোৱা হৈছে। বিভাগীয় কৰ্তৃপক্ষই  এই সন্দৰ্ভত পৰীক্ষা কৰি চাব।

কেনেকৈ আবেদন কৰিব পাৰিব

  • শিপিনীসকলে স্বনিৰ্ভৰ নাৰী পৰ্টেলত গৈ পঞ্জীয়ন কৰিব পাৰিব।
  • পঞ্জীয়ন প্ৰক্ৰিয়াত দিয়া তথ্য আৰু প্ৰয়োজনীয় নথি আপলোড কৰি বিভাগীয় বিষয়াৰ ভৌতিক ক্ষেত্ৰ পৰীক্ষণৰ অধীনত পঞ্জীয়ন কৰিব লাগিব
  • পঞ্জীয়নৰ পাছত বিভাগীয় কৰ্তৃপক্ষই সকলো পৰীক্ষা কৰি যোগ্যতা বৈধতা প্ৰদান কৰিব।
  • ভেৰিফিকেশ্যন হোৱাৰ পাছত বিষয়াসকলে পৰ্টেলত শিপিনীৰ পঞ্জীয়ন অনুমোদন দিব।
  • শিপিনীসকলে নিৰ্ধাৰিত গুণগত মানদণ্ডৰ ভিত্তিত নিজৰ সামগ্ৰী দাখিল কৰি ক্ৰয় প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিব।
  • অসমৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়, আৰ টি এফ ই ডি, এ জি এম চি লিমিটেড, আৰু অন্যান্য সংশ্লিষ্ট প্ৰতিনিধিৰে গঠিত ক্ৰয় সমিতিখনে সামগ্ৰীসমূহ পৰীক্ষা কৰি মূল্য নিৰ্ধাৰণ কৰিব।
  • সফল ক্ৰয়ৰ পাছত শিপিনীসকলে অনলাইন ধন লাভ কৰিব।

কি কি লাগিব

  • অসমৰ নাগৰিক হোৱাৰ প্ৰমাণ
  • তাঁতশাল থকাৰ প্ৰমাণ
  • বেংকৰ তথ্য

 

উল্লেখ্য যে ২০২২-২৩ বৰ্ষত আৰম্ভ হোৱা এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত ৫,৫৪,৮৯২ গৰাকী শিপিনীৰ নাম পঞ্জীয়ন কৰা হৈছিল । পঞ্জীয়নভুক্ত শিপিনীসকলৰ পৰা ৩১ বিধ পৰম্পৰাগত মান্য বস্ত্ৰ ক্ৰয় কৰি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ অধীনত ১৯ কোটিৰো অধিক টকাৰ বস্ত্ৰ ক্ৰয় কৰি বিক্ৰীৰ ব্যৱস্থা কৰিছিল বিভাগে।

 

Related Stories
Assam Panchayat Elections 2025: পঞ্চায়ত নিৰ্বাচনৰ ৩৪৮ খন আসনত নহয় প্ৰতিদ্বন্দ্বিতা ! NDA অগ্ৰগতিক লৈ ডাঙৰ দাবী মুখ্যমন্ত্ৰীৰ
বৃদ্ধি পাব পাৰে অমৃতপাল সিঙৰ বন্দিত্বৰ সময় সীমা
কংগ্ৰেছ দলত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ… কিয় এই মন্তব্য কৰিলে প্রাক্তন সাংসদ পল্লৱ লোচন দাসে?
Latasil Bihu 2025: কোনে অৰ্জন কৰিলে ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ? পুৰস্কাৰস্বৰূপে কি কি লাভ ‘বিহু সম্ৰাজ্ঞী’ৰ?
কংগ্ৰেছে অসমক বদনাম কৰিবলৈ চেষ্টা কৰে নেকি ? সাংঘাতিক ধৰণে হোৱা নাই মনোনয়ন প্ৰত্যাহাৰ ! কংগ্ৰেছৰ অভিযোগক লৈ কি প্ৰতিক্ৰিয়া মুখ্য়মন্ত্ৰীৰ ?
মই আদেশ দিছো, দিগন্ত ভাৰতীক অপমান কৰাসকলে ক্ষমা খুজিব লাগিবঃ জুবিন গাৰ্গ
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক