5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ধিং কাণ্ডক লৈ সৰৱ টাইপা: ৭ দিনৰ ভিতৰত মিঞা মুছলমানক উজনি অসম ত্যাগ কৰাৰ সকীয়নি

টাইপাই কৈছে যে, "ধিঙৰ যি নাৰকীয় কাণ্ডক টাইপাৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহনা, ধিক্কাৰ দিছোঁ। অপৰাধীক কঠোৰৰ পৰা কঠোতম শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছোঁ। গোটেই ঘটনাটো মিঞা মুছলমানৰ দ্বাৰা কৰা হৈছে। মিঞা মুছলমান এতিয়া অসমত কেন্সাৰৰ দৰে ব্যাধিত পৰিণত হৈছে। নামনি অসমত মিঞা মুছলমানৰ বাবে খিলঞ্জীয়াসকল যথেষ্ট কষ্টত আছে।"

ধিং কাণ্ডক লৈ সৰৱ টাইপা: ৭ দিনৰ ভিতৰত মিঞা মুছলমানক উজনি অসম ত্যাগ কৰাৰ সকীয়নি
ধিং কাণ্ড
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 24 Aug 2024 15:54 PM

ধিং কাণ্ডক লৈ সৰৱ হৈছে ৰাজ্যৰ দল সংগঠনসমুহ। অপৰাধীক কঠোৰৰ পৰা কঠোতম শাস্তি দিবলৈ চৰকাৰক দাবী। ধিং কাণ্ডৰ পাছতে মিঞা মুছলমানক টাইপাৰ সকীয়নি৷ মিঞা মুছলমানক উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ৷
৭ দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ৷

টাইপাই কৈছে যে, “ধিঙৰ যি নাৰকীয় কাণ্ডক টাইপাৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহনা, ধিক্কাৰ দিছোঁ। অপৰাধীক কঠোৰৰ পৰা কঠোতম শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছোঁ। গোটেই ঘটনাটো মিঞা মুছলমানৰ দ্বাৰা কৰা হৈছে। মিঞা মুছলমান এতিয়া অসমত কেন্সাৰৰ দৰে ব্যাধিত পৰিণত হৈছে। নামনি অসমত মিঞা মুছলমানৰ বাবে খিলঞ্জীয়াসকল যথেষ্ট কষ্টত আছে। তেওঁলোক ধৰ্ষণ , চুৰি-ডকাইটি, ড্ৰাগছৰ বেহাৰ দৰে অপৰাধ জড়িত হৈ আছে। মানুবোৰ অতিষ্ঠ হৈ পৰিছে।”

আকৌ কয়, “আমি উজনি অসমত বাস কৰা লোকসকল এতিয়া শংকাত ভূগিছোঁ যে নামনি অসমৰ দৰে ঘটনা আমাৰ ইয়াত ঘটিবলৈ বেছি দিন নাই। আমি টাই আহোম যুৱ পৰিষদৰ পৰা জনাইছোঁ যিসকল ব্যক্তিয়ে মিঞা মুছলমানক উজনি অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত কৰাইছে অতি শীঘ্ৰে তেওঁলোকক উলিওৱাৰ ব্যৱস্থা কৰক। আমি ৭ দিনৰ সময়সীমা বান্ধি দিছোঁ। ৭ দিনৰ পাছত টাই আহোম যুৱ পৰিষদে বল প্ৰয়োগ কৰি হ’লেও তেওঁলোকক ইয়াৰ পৰা খেদাৰ ব্যৱ্স্থা কৰিম। আমি স্পষ্টকৈ কৈছোঁ যে ৭ দিনৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা যাব লাগিব। এয়াই আমাৰ শেষ কথা।”

ইফালে ৩০টাকৈ সংগঠনে উজনি অসমৰ পৰা মিঞাক খেদি পঠিওৱাৰ হুংকাৰ প্ৰদানৰ পাছতেই এই প্ৰতিক্ৰিয়া কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰশিদ মণ্ডলৰ। মণ্ডলে কয়, “অসমৰ পৰা মিঞাক খেদিব নোৱাৰে, কেনেকৈ খেদে চাও!’ ‘বিজেপি চৰকাৰক চেলেঞ্জ কৰিছোঁ।মিঞাৰ মাজতেই কেৱল ধৰ্ষণকাৰী নাই, সকলো সম্প্ৰদায়ৰ মাজত ধৰ্ষণকাৰী আছে।”

ধিঙৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে আজিও ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ৷ কালিৰে পৰা বন্ধ হৈ আছে ধিং বজাৰ৷ ইতিমধ্যে মূল অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু হৈছে যদিও পলাতক আন দুই অভিযুক্ত৷ ধিঙত প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শাস্তিৰ দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ৷ মহানগৰীৰ জয়ানগৰস্থিত চুকাফা ভৱনৰ সন্মুখতো টাই আহোম মহিলা পৰিষদ,জয়ানগৰ মহিলা সমিতি, বীৰ লাচিত সেনাকে ধৰি কেইবাটাও দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ৷

উল্লেখ্য যে ২২ আগষ্টত ধিঙৰ ভকত গাঁৱত সংঘটিত হৈছিল নাৰকীয় কাণ্ড। সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথতে দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰী তিনি যুৱকৰ কামনাৰ বলি হৈছিল।

 

Latest News