প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ! পুনৰ টাই আহোমক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত উত্তাল দিছপুৰ,
অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে (TAYPA) । অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদা প্ৰদানৰ দীৰ্ঘদিনীয়া দাবী পুনৰ উত্থাপন কৰি আজি জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল সংগঠটোৱে ।
টাই আহোম সকলক অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে (TAYPA) । অনুসূচিত জনজাতি (ST)ৰ মৰ্যাদা প্ৰদানৰ দীৰ্ঘদিনীয়া দাবী পুনৰ উত্থাপন কৰি আজি জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল সংগঠটোৱে । প্ৰতিবাদৰ সময়ত টাইপাৰ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিবলৈ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বিশাল দল জনতা ভৱনৰ সন্মুখত মোতায়েন কৰা দেখা যায় ।
প্ৰতিবাদকাৰীক বেৰিকেড দি জনতা ভৱনত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে আৰক্ষীয়ে । প্ৰতিবাদৰ সময়ত আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত সম্পূৰ্ণ প্ৰচেষ্টা অব্য়াহত ৰাখে নিৰাপত্তাৰক্ষীয়ে । ইফালে, গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰাৰ এই প্ৰতিবাদক আৰক্ষীৰ-অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি ৰাজ্যৰ প্ৰশাসনে বাধা দিয়া চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।
তদুপৰি প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ সময়ত, ‘অনুসূচিত জনজাতি মৰ্যাদা লাগিবই’, ‘টাই আহোম পে অং লে’, আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । প্ৰতিবাদকাৰীয়ে জনজাতিকৰণৰ দাবীৰ সমান্তৰালভাৱে স্বায়ত্ব শাসনৰো দাবী উত্থাপন কৰে । উল্লেখ্য যে, টাইপাৰ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা টাই আহোমৰ শতাধিক লোকে অংশগ্ৰহণ কৰে ।
টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে দিয়া জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয় যে, “২০১৪ চনৰ পৰা তিনিটা লোকসভা নিৰ্বাচন আৰু দুটা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । কিন্তু এই আটাইকেইটা নিৰ্বাচনতে তেওঁলোক ক্ষমতালৈ আহিছিল, কিন্তু তেওঁলোকে টাই আহোম সকলক এছ টিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাই।”
উল্লেখ্য যে, দিল্লী-দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰি টাইপাৰ লগতে টাই আহোমৰ আটাইকেইটা সংগঠনে দীৰ্ঘদিন ধৰি টাই আহোম সকলক জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে । এই সন্দৰ্ভত কেইবাৰো চৰকাৰ সৈতে আলোচনাত মিলিত হৈছে । কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সুফল লাভ কৰা নাই টাই আহোমসকলে । নিৰ্বাচন যায়, আকৌ নিৰ্বাচন আহে কিন্তু এই জনজাতিকৰণৰ এই দাবী পূৰণৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে আগ্ৰহ প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ।
ইফালে আজিৰ দিনটোত প্ৰতিবাদ সাব্য়স্ত কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম সকলক জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদে ।