Karbi youth festival: কাৰ্বি যুৱমহোৎসৱৰ মাজতে ভয়ংকৰকাণ্ড; মাজ নিশা ফুটিল গুলী!
তাৰালাংছ'ত অনুষ্ঠিত হৈছে কাৰ্বি যুৱ মহোৎসৱ । বুধবাৰে নিশা এটা বিষয়ক কেন্দ্ৰকৰি ৰণক্ষেত্ৰত পৰিণত হয় মহোৎসৱথলী । তাৰ মাজতেই চলিল আৰক্ষীৰ গুলী । পঢ়ক সবিশেষ-

গাড়ীত আক্ৰমণৰ ছবি
কাৰ্বি আংলঙত অনুষ্ঠিত হৈ থকা কাৰ্বি যুৱ মহোৎসৱৰ মাজতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মনোমোহা কাৰ্বিপাহাৰৰ তাৰালাংছ’ত যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ । প্ৰতিদিনেই মহোৎসৱথলীত অনুষ্ঠিত হৈ আহিছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । কিন্তু তাৰ মাজতেই বুধবাৰে নিশা এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় উক্ত অনুষ্ঠানত ।
বুধবাৰে নিশা প্ৰায় ২ বজাত কোনো বিষয়কলৈ সংঘাতৰ সূত্ৰপাত ঘটে মহোৎসৱথলীত । ফলত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় । ইফালে বৃহস্পতিবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ।
তেওঁ জনোৱা মতে, শ্ৰমিকে মহোৎসৱথলী কাম কৰি থকাৰ সময়তে এটা অংশ খহি পৰে । যাক কেন্দ্ৰ কৰি একাংশ যুৱকে মাৰ-পিট কৰিবলৈ ধৰে । দুজন শ্ৰমিক এই ঘটনাত আহত হয় । আৰক্ষীয়ে আহত দুই শ্ৰমিকক চিকিৎসালয়লৈ নিয়াৰ সময়ত আৰক্ষীৰ বাহনতো একাংশ উদণ্ড যুৱকে আক্ৰমণ চলায় । ফলত বাহনখনৰ যথেষ্ট ক্ষতি হয় । আন একাংশ লোকে আৰক্ষী নিয়ন্ত্ৰণ কক্ষটো ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।
তেওঁ লগতে কয় যে পৰিস্থিতি ইমানেই জটিল হৈ পৰে যে আৰক্ষীয়ে লাঠি চাৰ্জৰ লগতে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় । আৰক্ষীৰ বাহনৰ লগতে আন কেবাখনো বাহনত উদণ্ড যুৱকে আক্ৰমণ চলোৱা বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । অৱশ্যে ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো এজাহাৰ লাভকৰা নাই বুলি তেওঁ জনায় ।
স্থানীয় লোকে জনোৱা মতে, যুৱ মহোৎসৱলৈ অহা টয়’টা কোম্পানীৰ এটা অস্থায়ী শ্ব’ৰূমত সংঘটিত এক অঘটনৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে । স্বেচ্ছাসেৱকসকলে উত্তেজিত যুৱকক শান্ত কৰিবলৈ চেষ্টা কৰে যদিও উত্তেজনা শাম নকটাত আৰক্ষীক খবৰ দিয়া হয় ।
আনকি আৰক্ষীৰ লগতো খণ্ডযুদ্ধত লিপ্ত হয় একাংশ যুৱক । পৰৱৰ্তী সময়ত তেওঁলোকে সেই স্থানৰ পৰা আঁতৰি গৈ এপিডিচিএলৰ এখন বাহন জ্বলাই দিয়ে । জুই নিৰ্বাপনৰ বাবে অহা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনতো আক্ৰমণ চলাই যুৱকৰ দলটোৱে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় আৰক্ষী । এই সংঘাতত কেবাগৰাকীও আৰক্ষীৰ লোকো আহত হোৱা বুলি জানিব পৰা গৈছে ।