কি হ'ব অসম চুক্তিৰ বৈধতা? আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ ৰায়দান... | The base year for citizenship in Assam is 1951 or 1971 supreme court verdict today Assam news - Assam Tv9

কি হ’ব অসম চুক্তিৰ বৈধতা? আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ ৰায়দান…

Assam accord: কি হ'ব অসমৰ ভৱিষ্যত? অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ কি হ'ব সেই বিষয়ত আজি চূড়ান্ত ৰায়দান কৰি উচ্চতম ন্যয়ালয়ে। ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব সিদ্ধান্ত।

কি হব অসম চুক্তিৰ বৈধতা? আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ ৰায়দান...

অসম চুক্তিৰ বৈধতা

Updated On: 

17 Oct 2024 10:42 AM

বৃহস্পতিবাৰে উচ্চতম  ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে এক ঐতিহাসিক ৰায়দান কৰিব। নাগৰিকত্ব আইনৰ দফা ৬ (ক) বৈধতা সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে চূড়ান্ত ৰায় প্ৰদান কৰিব। এই বিচাৰপীঠত আছে ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, জে বি পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰা।এই বিষয়টোত গোচৰীয় পক্ষ হৈছে অসম সন্মিলিত মহাসংঘ আৰু জবাবদিহি পক্ষ হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়. নিৰ্বাচন আয়োগ আৰু ভাৰতৰ মহাপঞ্জীয়ক।

অসম সন্মিলিত মহাসংঘই বিচাৰে যে ১৯৭১ চনৰ ভিত্তিবৰ্ষক অসংবিধানিক আখ্যা দি এয়া প্ৰত্যাহাৰ কৰক। অসম চুক্তিৰ আধাৰত  অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ আছিল ১৯৭১ চনৰ ২৫ মাৰ্চ। এই দিনটোত বৈধতা প্ৰদান কৰিবলৈ নাগৰিকত্ব আইনত সংযোজন কৰা হৈছিল দফা ৬ (ক)।  এই দফা কেৱল অসমতহে প্ৰযোজ্য হয়, আন ৰাজ্যত বিদেশীৰ ভিত্তিবৰ্ষ ১৯৫১ চন। ১৯৫১ চনত ভাৰতৰ প্ৰথম লোকপিয়ল হৈছিল যাৰ বাবে তথ্যৰ ভিত্তিত এই দিনটোত ভিত্তিবৰ্ষ হিচাপে গন্য কৰা হয়।

২০১২ চনৰ নৱেম্বৰত অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফৰাম, আছামৰ উচ্চতম ন্যায়ালয়ৰ গোচৰ ৰুজু কৰে। তেওঁলোকে দাবী কৰিছিল যে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন হোৱাৰ পৰিবৰ্তে ১৯৫১ চন হ’ব লাগে। কিয়নো কেৱল অসমৰ ক্ষেত্ৰতহে নাগৰিকত্ব চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১।

অসম সন্মিলিত মহাসংঘই কয় যে, “আমি সংবিধানিক প্ৰক্ৰিয়াৰে সমাধান বিচাৰিছো।  সংবিধানৰ বিৰুদ্ধে যোৱা নাই। সমগ্ৰ ভাৰতৰ সকলো ঠাইত ভিত্তিবৰ্ষ ১৯৫১ চন হৈ আছে গতিকে অসমতো হ’ব লাগিব। ইয়াৰ বাবে আমাৰ ন্যায়িক যুঁজ আৰম্ভ হৈছিল, যি আজিলৈ চলি আছে।  ২০১২ চনত আমি আবেদন দাখিল কৰিছিলো । ২০১২ চনৰ ডিচেম্বৰত এই বিষয়ত গোচৰ ৰুজু হৈছিল আৰু ২০১৩ চনৰ পৰা শুনানি আৰম্ভ হৈছিল”।

২০১৩ আৰু ২০১৪ চনত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিন্টন ফলি নাৰিমনৰ বিচাৰপীঠে প্ৰায় ৪০ টা শুনানি গ্ৰহণ কৰি গোচৰ সংবিধানিক বিচাৰপীঠলৈ  প্ৰেৰণ কৰিছিল। ২০১৪ চনৰ ১৭ ডিচেম্বৰত সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল। অসমৰ পৰা ৪ টা গোচৰ সাংবিধানিক বিচাৰপীঠলৈ গৈছে।

উল্লেখ্য যে, ১৯৭১ চনৰ ২৫ মাৰ্চত ভিত্তি বৰ্ষ হিচাপে লৈ ২০১৯ চনৰ ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পায়। ২০২২ চনৰ ২৪ আগষ্টত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে সিদ্ধান্ত গ্ৰহণ কৰে যে  সমজাতীয় ২৫ খন আবেদনৰ শুনানি একেলগে কৰা হ’ব । কিন্তু শেহতীয়াকৈ ২০২৩ চনৰ ১২ ডিচেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ সংবিধানিক বিচাৰপীঠে গোচৰৰ ৰায়দান স্থগিত ৰাখিছিল।  এই গোচৰৰে আজি চূড়ান্ত ৰায়দান হ’ব।

১৯৭১ ক কিয় ভিত্তিবৰ্ষ কৰা হৈছিল

১৯৭১ চনৰ ২৫ মাৰ্চত পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহায়া খানেৰ নিৰ্দেশত পূব পাকিস্তানত  সামৰিক অভিযান আৰু অপাৰেশ্যন চাৰ্জলাইটৰ অধীনত নিৰীহ লোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। সেনাৰ নিৰ্যাতনৰ ফলত পূব পাকিস্তানৰ পৰা অসমলৈ লোকৰ সোঁত বৈছিল। সেইসকলক অসমৰ পৰা বাহিৰ কৰাৰ উদ্দেশ্যে আছুয়ে মানি লৈছিল নাগৰিকত্ব চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন। অসম চুক্তি অনুসৰি ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে অসমত প্ৰৱেশ কৰা পাকিস্তানীক চৰ্ত সাপক্ষে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে।

 

 

ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম