অসমত ৪০ শতাংশ বৃদ্ধি পাইছে মুছলিমলোকৰ সংখ্যা, ই এক অস্তিত্বৰ সমস্যাঃ হিমন্ত বিশ্ব – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

অসমত ৪০ শতাংশ বৃদ্ধি পাইছে মুছলিমলোকৰ সংখ্যা, ই এক অস্তিত্বৰ সমস্যাঃ হিমন্ত বিশ্ব

Published: 

17 Jul 2024 16:46 PM

"জনগাঁথনিৰ পৰিবৰ্তন মোৰ বাবে ডাঙৰ বিষয়। আমি বহু জিলা হেৰুৱাইছো। এয়া মোৰ বাবে কোনো ৰাজনৈতিক বিষয় নহয়। ই মোৰ বাবে জীৱন- মৃত্যুৰ প্ৰশ্ন।''

অসমত ৪০ শতাংশ বৃদ্ধি পাইছে মুছলিমলোকৰ সংখ্যা, ই এক অস্তিত্বৰ সমস্যাঃ হিমন্ত বিশ্ব

হিমন্ত বিশ্ব শৰ্মা

Follow Us On

অসমৰ জনসংখ্যাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমত ৪০ শতাংশ বৃদ্ধি পাইছে মুছলিমলোকৰ সংখ্যা। অসম আৰু পশ্চিম বংগত বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ চিন্তা প্ৰকাশ কৰি শৰ্মাই কয় , ১৯৫১ চনত অসমত মুছলিমলোকৰ সংখ্যা আছিল ১২ শতাংশ। কিন্তু এতিয়া ৰাজ্যত মুছলিমলোকৰ সংখ্যা ৪০ শতাংশ। ঝাৰখণ্ডৰ ৰাঞ্চিত এক সংবাদমেল সম্বোধন কৰি জনগাঁথনিৰ পৰিবৰ্তনকলৈ এই মন্তব্য কৰে শৰ্মাই। তেওঁ কয় যে, জনগাঁথনিৰ পৰিবৰ্তন মোৰ বাবে ডাঙৰ বিষয়। আমি বহু জিলা হেৰুৱাইছো। এয়া মোৰ বাবে কোনো ৰাজনৈতিক বিষয় নহয়। ই মোৰ বাবে জীৱন- মৃত্যুৰ প্ৰশ্ন।

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ওপৰত মত প্ৰকাশ কৰি শৰ্মাই কয় , আগন্তুক সময়ত ঝাৰখণ্ডত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিজপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি জয়ী হ’ব। ইয়াৰ পাছত ঝাৰখণ্ডত গঠন হ’ব ডাবল ইঞ্জিনৰ চৰকাৰ। উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি ঝাৰখণ্ডৰ সহ- প্ৰভাৰী। বিগত কেইটামান মাহত তেওঁ কেইবাবাৰো ঝাৰখণ্ড ভ্ৰমণ কৰিছে আৰু কেইবাজনো জন সম্বোধন কৰিছে।

 

 

শৰ্মাই কয় যে লোকসভা নিৰ্বাচত ঝাৰখণ্ডত বিজেপিৰ প্ৰদৰ্শন ভাল আছিল। আশা, চলিত বৰ্ষত হ’বলগীয়া বিধানসভা নিৰ্বাচনত উত্তম প্ৰদৰ্শন কৰিব। তেওঁ বিজেপিৰ সদস্য, কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। লগতে কয়, ঝাৰখণ্ডৰ জনতাই হেমন্ত সোৰেনৰ চৰকাৰ ওফৰাই বিজেপিক অধিষ্ঠিত কৰিব বুলি সম্পূৰ্ণ বিশ্বাস আছে।

হেমন্ত সোৰেনক কটাক্ষ কৰি শৰ্মাই কয় যে,ঝাৰখণ্ডত তেওঁৰ দলে লোকসভাত মাত্ৰ ৫ খন আসন লাভ কৰি ৯ খন আসন লাভ কৰাৰ দৰে কৰিছে। এই বেমাৰটো ৰাহুল গান্ধীৰ গাটো লাগিছে। ৰাহুল গান্ধীয়ে গৌৰৱ অনুভৱ কৰি কয় ৯৯ খন আসনত জয়ী হোৱা বুলি। ১০০ খনৰ ওপৰত কংগ্ৰেছে ৯৯ খন লাভ কৰা নাই, ৫৪২ খনৰ ভিতৰতহে ৯৯ খন আসন পাইছে। যিয়ে ৯৯ খন আসন পাইছে সেই দলটোৱে ২৪০ আসন পোৱা দলটোক ভাবুকি দি আছে।

শৰ্মাই কয়, এইবাৰ ঝাৰখণ্ডক হেমন্ত সোৰেনে চৰকাৰ গঠন কৰিব নোৱাৰে। তেওঁৰ লগত কোনো আদিবাসী নেতা নাই। ঝাৰখণ্ডৰ জনতাই এইবাৰ বিজেপি চৰকাৰ গঠন কৰিব। উল্লেখ্য যে, চলিত বৰ্ষৰ শেষৰফালে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱণা আছে। এই ক্ষেত্ৰত ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল  সাজু হৈছে নিৰ্বাচনী যুঁজৰ বাবে। ইণ্ডিয়া মিত্ৰজোঁটেও বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে। কিছুদিন পূৰ্বে জেলৰ পৰা ওলাই অহা হেমন্ত সোৰেনেও কৰিছে এখনৰ পাছত আনখন বৈঠক।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version