Magh Bihu 2025: আজি উৰুকা, কোনখন বজাৰত ওলাইছে কিমান দামী মাছ? জানক উৰুকাৰ বজাৰৰ TOP 10 মাছৰ তালিকা

ভোগৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। উৰুকাৰ নিশা হাঁহে-মাহে এসাঁজ খাব অসমীয়াই। সৰু-বৰ মাছেৰে ভৰি পৰিছে ৰাজ্যৰ মাছৰ বজাৰ। পুৱতি নিশাতে বজাৰত নিজৰ পচন্দৰ মাছটো বিচাৰি ভিৰ কৰিছে গ্ৰাহকে।

Magh Bihu 2025: আজি উৰুকা, কোনখন বজাৰত ওলাইছে কিমান দামী মাছ? জানক উৰুকাৰ বজাৰৰ TOP 10 মাছৰ তালিকা

আজি উৰুকা, কোনখন বজাৰত ওলাইছে কিমান দামী মাছ?

Updated On: 

13 Jan 2025 13:47 PM

কৃষিজীৱী অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী। আজি ভোগৰ উত্‍সৱ ভোগালীৰ উৰুকা। সকলোৱে বজাৰৰ ডাঙৰ মাছটো ক্ৰয় কৰিবলৈ হেতাওপৰা লগাইছে।পুৱতি নিশাৰে পৰা মাছ বজাৰত লোকাৰণ্য হৈ পৰিছে। ৰৌ, ভকুৱা, বৰালী, চিতল, আঁৰি মাছৰ উজান উঠিছে মাছৰ বজাৰত। নিশা তৃপ্তিৰে এসাঁজ খোৱাৰ পৰিকল্পনা সকলোৰে। বজাৰত ওলাইছে ৪৮ হাজাৰ টকীয়া মাছৰ পৰা ১৫ হাজাৰ টকীয়া মাছলৈ। মূল্যবৃদ্ধিৰ প্ৰভাৱেও যেন ম্লান কৰিব পৰা নাই ভোগালীৰ উচাহ।

ভোগালী বিহুত আপোনজনৰ সৈতে এসাঁজ ভালকৈ খোৱাৰ বাবে চলিছে যো-জা। আজি সমগ্ৰ অসমত উখল–মাখল পৰিৱেশে বিৰাজ কৰিছে। মহিলাসকলে ভোগালী বিহুৰ বাবে লাৰু, পিঠা সান্দহ গুড়ি ইতিমধ্যে প্ৰস্তুত কৰিছে।

ভোগৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। উৰুকাৰ নিশা হাঁহে-মাহে এসাঁজ খাব অসমীয়াই। সৰু-বৰ মাছেৰে ভৰি পৰিছে ৰাজ্যৰ মাছৰ বজাৰ। আজি জানো আহক উৰুকাৰ কোনখন বজাৰত কিমান মূল্যত মাছ বিক্ৰী হৈছে।

TOP 10 মাছৰ তালিকা

  1. তেজপুৰৰ মাছৰ বজাৰত ওলাইছে  ৪৫ কেজিৰ প্ৰকাণ্ড বাহু মাছ, ইয়াৰ মূল্য ৪৫ হাজাৰ টকা
  2. দৰঙৰ মাছৰ বজাৰত ৩২ কেজিৰ ভকুৱা মাছ, যাৰ মূল্য ৪৮ হাজাৰ টকা
  3. বিশ্বনাথত বজাৰত গ্ৰাহক দৃষ্টি আকৰ্ষণ কৰিলে ৩০ কেজিৰ বৰালী মাছে, ইয়াৰ মূল্য হৈছে ৩০ হাজাৰ টকা
  4. মঙলদৈত বজাৰত গ্ৰাহক দৃষ্টি আকৰ্ষণ কৰিলে ৩০ কেজিৰ ভকুৱা মাছে, যাৰ মূল্য ৪৫ হাজাৰ টকা
  5. ২৬ কেজিৰ বিগ হেডে বজাৰত গ্ৰাহক দৃষ্টি আকৰ্ষণ কৰিলে বোকাখাতৰ ৰাইজৰ, ইয়াৰ মূল্য হৈছে  ১৫,৬০০ টকা
  6. নলবাৰীৰ মাছৰ বজাৰত ওলাইছে ২৫ কেজিৰ বিগ হেড, ইয়াৰ মূল্য হৈছে ২২,৫০০ টকা
  7. যোৰহাটতৰ মাছৰ বজাৰত বিক্ৰী হৈছে ২৫ কেজি ওজনৰ বাহু মাছ, ইয়াৰ মূল্য ৩০ হাজাৰ টকা
  8. দেৰগাঁওত  ২২ কেজি  ওজনৰ কচ মাছ ৪৪ হাজাৰ টকাত বিক্ৰী হৈছে
  9. টিহুত ওলাইছে ২৫ কেজি ওজনৰৰ বৰালী মাছ, যাৰ মূল্য হৈছে ৩৭,৫০০ টকা
  10. উজান বজাৰত ওলাইছে ১৫-১৪ কেজিৰ বৰালি আৰু চিতল, ইয়াৰ প্ৰতিকেজিত মূল্য ১২০০-১৪০০ টকালৈ।

ইফালে গুৱাহাটীৰ গণেশগুৰিৰ বজাৰত ওলাইছে ৩৫ কেজি ওজনৰ মাছ। লগতে ৰৌ, বৰালি, চিতল তথা বিভিন্নধৰণৰ থলুৱা মাছেৰে ভৰি পৰিছে ভোগালীৰ মাছৰ বজাৰ। ৰঙিয়াৰ মাছৰ বজাৰত ১৫ কেজি ওজনৰ বৰালি,ডবকা বজাৰত ১৫ কেজি ওজনৰ বিগ-হেড মাছ,উত্তৰ গুৱাহাটীৰ মাছৰ বজাৰত ১৫ কেজি ওজনৰ ভকুৱা মাছ, গোৱালপাৰাৰ মাছৰ বজাৰত ২৪‌কেজি ওজনৰ ভকুৱা।ভোগালী বিহুৰ উৰুকা উপলক্ষে থলুৱা মাছেৰে উভৈনদী প্ৰতিখন বজাৰ৷

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...