5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পূৰ্বতকৈ সুৰাপায়ী চলকৰ সংখ্যা কমাৰ লগতে দুৰ্ঘটনাও কমিছেঃ মুখ্যমন্ত্ৰী

আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। ২০২৪ৰ ঘাত-প্ৰতিঘাত পাহৰি আৰম্ভ হ’ল নৱবৰ্ষ ২০২৫। ৩১ ডিচেম্বৰৰ নিশা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই অসমত। বছৰৰ প্ৰথম দিনটোত পূৰ্বৰ তুলনাত এই বৰ্ষত দুৰ্ঘটনাৰ হাৰ হ্ৰাস হৈছে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পূৰ্বতকৈ সুৰাপায়ী চলকৰ সংখ্যা কমাৰ লগতে দুৰ্ঘটনাও কমিছেঃ মুখ্যমন্ত্ৰী
ৰাজ্যত পূৰ্বতকৈ কমিছে সুৰাপায়ী চালকৰ সংখ্যা!Image Credit source: Social media Image
barasha-misra
Barasha Misra | Updated On: 01 Jan 2025 16:01 PM

নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপায়ী চালকৰ বিৰুদ্ধে সমগ্ৰ অসমত অভিযানত নামিল আৰক্ষী। প্ৰতিজন চালকক ব্ৰেথ এনালাইজাৰৰ সহায়ত তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে। বছৰৰ অন্তিমটো দিনত যাতে দুৰ্ঘটনা ৰোধ কৰিব পাৰি তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল চৰকাৰৰ লগতে পৰিবহণ বিভাগে। ২০২৪ জানুৱাৰীৰ ৩১ ডিচেম্বৰৰ দিনটোত কোনো ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত নোহোৱাৰ উমান পোৱা গৈছে।

এইবাৰ ৩১ ডিচেম্বৰৰ নিশা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই গুৱাহাটী মহানগৰীত। মুখ্য়মন্ত্ৰীৰ নিৰ্দেশ আৰু পৰিবহন বিভাগৰ প্ৰচেষ্টাৰ ফলত অসমত কমিছে সুৰাপায়ী চালকৰ সংখ্যা। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি ৰাইজৰ। ৰাজ্যত হ্ৰাস পাইছে দুৰ্ঘটনাৰ সংখ্যাও। ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটী মহানগৰীত আৰক্ষীৰ অভিযান চলিল আৰু এই অভিযানত আৰক্ষীৰ সৈতে সহযোগ কৰিলে মন্ত্ৰী যোগেন মোহনে। সুৰাপান নকৰি যিসকলে নিয়ম মানি গাড়ী চলাইছে তেওঁলোকক প্ৰদান কৰিছে এপাহ ফুল আৰু চকলেট। বছৰৰ প্ৰথম দিনটোত পূৰ্বৰ তুলনাত এই বৰ্ষত দুৰ্ঘটনাৰ হাৰ যথেষ্ট হ্ৰাস হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে।

দূৰ্ঘটনা ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে, মই লক্ষ্য কৰিছোঁ যোৱাকালি সুৰাপান কৰি গাড়ী চলোৱাৰ প্ৰৱণতা গুৱাহাটীত নাছিল। ৰাতিপুৱা SP সকলে মোক জনোৱা মতে গুৱাহাটীক বাদ দি অসমত অন্য স্থানতো কম আছিল। পূৰ্বতকৈ সুৰাপায়ী চলকৰ সংখ্যা কমাৰ লগতে দুৰ্ঘটনাও কমিছে। গুৱাহাটী মহানগৰীতো কালি নিশা কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাই।

চৰকাৰৰ দূৰ্ঘটনা ৰোধৰ প্ৰয়াস

নৱবৰ্ষত দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছতে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন তথা পৰিবহণ বিভাগ । ৩১ ডিচেম্বৰৰ নিশা মহানগৰীৰ ৰাজপথত চলিল আৰক্ষী আৰু পৰিবহন বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে যৌথ অভিযান । কিন্তু তাৰ মাজতো একাংশ লোকে নিয়ম অমান্য কৰি সুৰাপান কৰি গাড়ী চলায় মহানগৰীত। তেনে চালকৰ বিৰুদ্ধে নৱবৰ্ষৰ পূৰ্বে অভিযান অব্যাহত ৰাখিছে পৰিবহণ বিভাগে। এইবাৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানত নামিল মন্ত্ৰী যোগেন মোহন। যাৰ ফলত কোনো ধৰণৰ ঘনটা সংঘটিত হোৱা নাই গুৱাহাটীৰ লগতে অসমত।

ইফালে DTO হিমাংশু দাসে কয়, বনভোজলৈ যোৱা ৩৮০০ বাহনৰ চালকক পৰীক্ষা কৰা হৈছিল সুৰাপান কৰিছে নে নাই। কিন্তু এজনো মদ্যপান কৰা আমি পোৱা নাই। এয়া আমাৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সকলোৱে সঁহাৰি জনাইছে।

 

Latest News