টাৰ্গেট আছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰৰ ! অস্ত্ৰ-শস্ত্ৰসহ গঁড় চিকাৰীক আটক দৰং আৰক্ষীৰ
অভিযান চলাই চোৰাংচিকাৰীৰ সৈতে জড়িত থকা অভিযোগত এটা সন্দেহজনক লোক আটক কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, এই সন্দেহজনক লোকজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । অভিযান চলাই চোৰাংচিকাৰীৰ সৈতে জড়িত থকা অভিযোগত এটা সন্দেহজনক লোক আটক কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, এই সন্দেহজনক লোকজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ সম্ভাৱ্য অভিযান বিফল কৰা বুলি সূত্ৰটোৱে উল্লেখ কৰিছে ।
জানিব পৰা মতে,এই অভিযানত দৰং আৰক্ষীয়ে লোকজনক আটক কৰাৰ লগতে গুলীসহ তিনিটা ৰাইফল উদ্ধাৰ কৰে। সামাজিক মাধ্যমক এক্স হেণ্ডেলৰ জৰিয়তে এই লোকজন আটক কৰাৰ কথাটো নিশ্চিত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । লগতে সামাজিক মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়ৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে জি পি সিঙে ।
One person arrested and three weapons and ammunition recovered by @Darrang_Police The arrested person was planning to carry out rhino poaching in Orang National Park. @assampolice @CMOfficeAssam pic.twitter.com/auYNHAhRGg
— GP Singh (@gpsinghips) January 13, 2025
তেওঁ কয় যে, ‘দৰং আৰক্ষীয়ে অভিযান চলাই এজন লোকক আটক কৰাৰ লগতে উদ্ধাৰ কৰিছে তিনিটা ৰাইফল আৰু গোলা-বাৰুদ । ধৃত ব্যক্তিজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চোৰাং চিকাৰৰ পৰিকল্পনা কৰিছিল।’
উল্লেখ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ অন্যতম বসতিস্থল । কিন্তু বৰ্তমান গঁড় চিকাৰ হ্ৰাস পাইছে যদিও গঁড়ৰ খৰ্গৰ ক’লা ব্যৱসায়ৰ বাবে চোৰাংচিকাৰীৰ চিকাৰৰ বলি হৈ আহিছে এই প্ৰাণীবিধ । এটা সন্দেহযুক্ত চোৰাংচিকাৰীক আটক কৰা কাৰ্যই এই প্ৰাণীবিধৰ সুৰক্ষাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে । ইফালে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।