শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমৰ সোণালী সূতালৈ ভাবুকি, অহা কেইবছৰমানৰ ভিতৰতে নোহোৱা হৈ যাব পাৰে অসমীয়াৰ ঐতিহ্য মুগা সূতা!

মুগা ৰেচম ৬০০ বছৰৰো অধিক পুৰণি, তথাপিও পালনকাৰীসকলে বিশ্বাস কৰে যে অহা তিনি-চাৰি দশকত ই সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব । জলবায়ু পৰিৱৰ্তন ইয়াৰ অন্যতম ডাঙৰ কাৰণ । মুগা ৰেচমৰ লেটা আৰু পলু উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ সৰু সৰু পৰিৱৰ্তনৰ প্ৰতিও অতি সংবেদনশীল । এই উঠা-নমাবোৰে ইহঁতৰ বৃদ্ধি, বাহ গঠন আৰু জীয়াই থকাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় ।

অসমৰ সোণালী সূতালৈ ভাবুকি, অহা কেইবছৰমানৰ ভিতৰতে নোহোৱা হৈ যাব পাৰে অসমীয়াৰ ঐতিহ্য মুগা সূতা!
প্ৰতীকী ছবিImage Credit source: Assam Govt Website
raj-saikia
Raj Saikia | Updated On: 25 Mar 2025 14:02 PM

অসমক কোৱা হয় সোণালী সূতাৰ দেশ । অসমৰ মুগা ৰেচম ৬০০ বছৰতকৈও অধিক সময় ধৰি ঐতিহ্য আৰু কাৰুকাৰ্যৰ প্ৰতীক হৈ আহিছে । কিন্তু আজি জলবায়ু পৰিৱৰ্তন, কীটনাশকৰ ব্যৱহাৰ, বজাৰৰ সমৰ্থনৰ অভাৱে ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । মুগা ৰেচম পালনকাৰীসকলৰ মতে, তিনিৰ পৰা চাৰিটা দশকৰ ভিতৰত এই কাপোৰ সম্পূৰ্ণৰূপে নাইকিয়া হ’ব পাৰে ।

এই জৰুৰী সংকটক তুলি ধৰিবলৈ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই দ্য হেবিটেটছ ট্ৰাষ্টৰ সহযোগিতাত মুগা ৰেচম শিপিনীসকলৰ সংগ্ৰামৰ ওপৰত পোহৰ পেলোৱা এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল ।

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ‘ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৰুৱাই ৰেচম প্ৰস্তুতৰ জটিল প্ৰক্ৰিয়া, পালনকাৰীসকলে সন্মুখীন হোৱা কঠোৰ বাস্তৱতা, শতিকা পুৰণি এই পৰম্পৰাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকিৰ বিষয়ে কয় । জাহ্নু বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ

প্ৰশ্ন: এই তথ্যচিত্ৰখন নিৰ্মাণৰ সিদ্ধান্ত কিয় লৈছিল ?

জাহ্নু বৰুৱা: এই তথ্যচিত্ৰখন মই প্ৰাকৃতিক সূতাৰ প্ৰচাৰৰ বাবে নিৰ্মাণ কৰিব বিচাৰিছিলো । যিহেতু মুগা সূতাৰ স্বাস্থ্যৰ বাবে কেইবাটাও উপকাৰিতা আছে,আৰু এই বিলুপ্ত হোৱা পৰম্পৰাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰস্তুত কৰিছিলো তথ্যচিত্ৰখন । মুগা ৰেচম ৬০০ বছৰৰো অধিক পুৰণি, তথাপিও পালনকাৰীসকলে বিশ্বাস কৰে যে অহা তিনি-চাৰি দশকত ই সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব ।

জলবায়ু পৰিৱৰ্তন ইয়াৰ অন্যতম ডাঙৰ কাৰণ । মুগা ৰেচমৰ লেটা আৰু পলু উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ সৰু সৰু পৰিৱৰ্তনৰ প্ৰতিও অতি সংবেদনশীল । এই উঠা-নমাবোৰে ইহঁতৰ বৃদ্ধি, বাহ গঠন আৰু জীয়াই থকাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় । চাহ বাগিচা আৰু কৃষিভূমিত ব্যৱহৃত কীটনাশক দ্ৰব্যৰ ফলতো ইহঁতৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে । তাৰোপৰি মুগা ৰেচম পালনকাৰীসকলে বহনক্ষমভাৱে নিজৰ অনুশীলন অব্যাহত ৰাখিবলৈ বজাৰৰ কোনো প্ৰকৃত সমৰ্থন নাই ।

প্ৰশ্ন: মুগা ৰেচম উৎপাদনৰ প্ৰক্ৰিয়াটো সঠিকভাৱে কেনেকুৱা ?

জাহ্নু বৰুৱা: এবছৰত ছটা ভিন্ন ঋতুত মুগা পালন কৰা হয় । পালকসকলে প্ৰথমে আন গাঁৱৰ মানুহৰ পৰা মুগাৰ ৰেচমৰ সঁচ ঘৰলৈ আনে । যেতিয়া প্ৰাপ্তবয়স্ক পলুবোৰ বাহৰ পৰা প্ৰাকৃতিকভাৱে ওলাই আহে, তেতিয়া মতা আৰু মাইকী পলুবোৰক প্ৰাকৃতিক সংগমৰ বাবে যোৰ কৰা হয় ।

এটা মাত্ৰ মাইকী পলুৱে ১০০ৰ পৰা ২০০টা কণী পাৰে । তাৰ পিছত পালকসকলে এই কণীবোৰ চোমনিলৈ লৈ যায় । চোমনি হৈছে চোম গছৰ বাগিচা অঞ্চল, যিয়ে মুগাবোৰৰ ঘৰ হিচাপে কাম কৰে । কণী ফুটি ওলোৱা পলুৱে ঋতু আৰু পৰিৱেশৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ২০ৰ পৰা ৩০ দিন সতেজ পাত খায় । সম্পূৰ্ণ ডাঙৰ হ’লে পালন কৰা লোকসকলে লেটাৰ বাবে বাবে সংগ্ৰহ কৰে ।

বাহৰ ভিতৰত লেটা সাজিবলৈ ১৫-২০ দিন থাকে, তাৰ পিছত পলুবোৰ ওলাই আহে । তাৰ পিছত লেটাবোৰ সাৱধানে প্ৰক্ৰিয়াকৰণ কৰি সোণালী ৰেচমৰ আঁহবোৰ উলিয়াই লোৱা হয় ।

প্ৰশ্ন: জলবায়ু পৰিৱৰ্তনৰ বাবে মুগা ৰেচম উৎপাদনে কি কি ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ?

জাহ্নু বৰুৱা: মুগা পলু আৰু বাহবোৰ অবিশ্বাস্যভাৱে সুক্ষ্ম । উষ্ণতাৰ যিকোনো পৰিৱৰ্তন, আবতৰীয়া বৰষুণ বা অত্যধিক আৰ্দ্ৰতাই ইহঁতৰ অস্তিত্বত প্ৰভাৱ পেলায় । অভাৱনীয় বতৰৰ বাবে বহু পালনকাৰীয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ।

আন এটা ডাঙৰ বিষয় হ’ল কীটনাশক । মুগা পলু ফাৰ্মৰ ওচৰৰ চাহ বাগিচা আৰু কৃষিভূমিত ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা হয়, যিয়ে পৰিৱেশত প্ৰৱেশ কৰি ৰেচম পলুবোৰ মাৰি পেলায় । বাণিজ্যিকভাৱে খেতি কৰা ৰেচমৰ দৰে নহয়, মুগা ৰেচমৰ উৎপাদন সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল, যাৰ বাবে ই বাহ্যিক ভাবুকিৰ প্ৰতি বিশেষভাৱে দুৰ্বল ।

প্ৰশ্ন: তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰাৰ সময়ত আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?

জাহ্নু বৰুৱা: যিহেতু এইখন তিনি মিনিটৰ চুটি ছবি, সেয়েহে মই কেৱল এটা মুগা পালনৰ বতৰতহে চিত্ৰগ্ৰহণ কৰিছিলো । প্ৰক্ৰিয়াটোৰ বেছিভাগেই পোনপটীয়া আছিল যদিও আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল কণী পৰা প্ৰক্ৰিয়াটোক ধৰি ৰখা ।

আমি ৰাতি শ্বুটিং লগীয়া হৈছিল যদিও অতি সোনকালেই বুজিলোঁ যে মুগা পলুবোৰে কৃত্ৰিম পোহৰত কণী নিদিয়ে । পিছত আমি গম পালোঁ যে ইহঁত কৃত্ৰিম পৰিৱেশৰ প্ৰতি অতি সংবেদনশীল । তাৰ পিছত, আমি গম পালোঁ যে ইহঁতৰ ওপৰত ৰঙা পোহৰৰ কোনো প্ৰভাৱ নপৰে । গতিকে, আমি ইহঁতৰ কণী পৰাৰ ফিল্ম কৰিবলৈ কেৱল ৰঙা পোহৰ ব্যৱহাৰ কৰিছিলোঁ । অলপ প্ৰত্যাহ্বানজনক আছিল যদিও আকৰ্ষণীয় আৱিষ্কাৰো আছিল ।

প্ৰশ্ন: মুগা পালনকাৰীসকলে কেনেধৰণৰ জীৱন কটায় ?

জাহ্নু বৰুৱা: বেছিভাগেই কৃষক, আৰু তেওঁলোকৰ অৰ্থনৈতিক স্থিতিশীলতাত মুগা খেতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । ঘৰতে বা চোমনিত মুগা পলু নিৰীক্ষণ কৰি দিন কটায় । এই কামটো শাৰীৰিকভাৱে কঠিন যদিও লাভ হ্ৰাস পোৱা আৰু জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানৰ বাবে বহুতে এই প্ৰথা এৰিবলৈ বাধ্য হৈছে ।

প্ৰশ্ন: তথ্যচিত্ৰখনত আপুনি উল্লেখ কৰিছিল যে মুগা ৰেচম প্ৰস্তুতৰ বাবে বছৰ বছৰজোৰা অভিজ্ঞতাৰ প্ৰয়োজন । সেই বিষয়ে বিশদভাৱে ক’ব পাৰিবনে ?

জাহ্নু বৰুৱা: হয়, মুগা ৰেচম পালন এৰাতিতে শিকিব পৰা বস্তু নহয় । মোৰ পৰ্যবেক্ষণত পৰম্পৰাগত বয়ন কৌশল আৰু পলুৰ জীৱনচক্ৰ সম্পূৰ্ণৰূপে বুজিবলৈ কমেও পাঁচৰ পৰা ছয় বছৰ সময় লাগে । এই প্ৰক্ৰিয়াত প্ৰতিটো চক্ৰত ৬০ৰ পৰা ৮০ দিন সময় লাগে, আৰু পালনকাৰীসকলে পলুবোৰৰ স্বাস্থ্য নিশ্চিত কৰিবলৈ দৈনিক পৰ্যবেক্ষণ কৰিব লাগিব ।

এই জ্ঞানৰ অধিকাংশই প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজেৰে বিয়পি থাকে, সাধাৰণতে পিতৃৰ পৰা পুত্ৰলৈ আহে । কিন্তু কম সংখ্যক যুৱক-যুৱতীয়ে এই প্ৰথা গ্ৰহণ কৰাৰ লগে লগে এই প্ৰজন্মৰ জ্ঞানৰ প্ৰসাৰৰ শৃংখল ভাঙি গৈ আছে । মুগা ৰেচমে অসমৰ চহকী সাংস্কৃতিক আৰু পৰিৱেশগত ঐতিহ্যক প্ৰতিনিধিত্ব কৰে । কিন্তু জলবায়ু পৰিৱৰ্তন, কীটনাশক, বজাৰৰ অস্থিৰতাই ইয়াক বিলুপ্তিৰ দিশে ঠেলি দিছে । এইটো এটা তীব্ৰ সকীয়নি যে এতিয়াই গ্ৰাহক আৰু নীতি নিৰ্ধাৰকসকলে খোজ নিদিলে এই সোণালী সূতা অতি সোনকালে সময়ৰ বুকুত লীন হৈ পৰিব পাৰে ।