কলিয়াবৰত বাঘে ভক্ষণ কৰিলে মানুহক! অৰণ্যৰ মাজত লাওখোলা উদ্ধাৰক লৈ চাঞ্চল্য…

জানিব পৰা মতে, শনিবাৰে কামাখ্যা সংৰক্ষিত বনাঞ্চলত আন ৯জন সংগীৰ সৈতে জংঘললৈ গৈ নিৰুদ্দেশ হৈ আছিল । নিশা সন্ধান চলাই বিচাৰি নোপোৱাত পুৱা পৰিয়ালৰ লোকে জংঘলৰ মাজত দেহৰ সামান‍্য অংশ হে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে উদ্ধাৰ কৰে দা আৰু গামোচা।

কলিয়াবৰত বাঘে ভক্ষণ কৰিলে মানুহক! অৰণ্যৰ মাজত লাওখোলা উদ্ধাৰক লৈ চাঞ্চল্য...

কলিয়াবৰত বাঘে ভক্ষণ কৰিলে মানুহক!

Published: 

22 Dec 2024 15:15 PM

কলিয়াবৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঢেকীয়াপতীয়া বাঘে প্ৰাণ ল’লে এজন শ্ৰমিকৰ। লোকজনৰ দেহৰ অংশ উদ্ধাৰ হৈছে অৰণ্যত। বাসুদেৱ কৰ্মকাৰ নামৰ লোকজনক ভক্ষণ কৰিলে বাঘে। কালিৰে পৰা সন্ধানহীন হৈ আছিল কলিয়াবৰ চাহ বাগিচাৰ বৰলাইনৰ বাসুদেৱ কৰ্মকাৰ। কলিয়াবৰ চাহ বাগিচাৰ সমিপতে বাসুদেৱ কৰ্মকাৰৰ সন্ধানত চলাইছিল অভিযান। ক্ষত-বিক্ষত অৱস্থাত পৰি থকা এটি কংকাল প্ৰত্যক্ষ উদ্ধাৰ

জানিব পৰা মতে, শনিবাৰে কামাখ্যা সংৰক্ষিত বনাঞ্চলত আন ৯জন সংগীৰ সৈতে জংঘললৈ গৈ নিৰুদ্দেশ হৈ আছিল । নিশা সন্ধান চলাই বিচাৰি নোপোৱাত পুৱা পৰিয়ালৰ লোকে জংঘলৰ মাজত দেহৰ সামান‍্য অংশ হে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে উদ্ধাৰ কৰে দা আৰু গামোচা । নিহত লোকজন কলিয়াবৰ চাহ বাগিছাৰ বৰ লাইনৰ বাসুদেৱ কৰ্মকাৰ ।

স্থানীয় লোকে গৈ জংঘলৰ মাজৰ পৰা ভক্ষণ কৰা মানুহজনৰ শৰীৰৰ কেইডালমান হাড় আৰু লাওখোলাটোহে উদ্ধাৰ কৰে। এই ঘটনাই অতি ভয়ংকৰ আৰু ত্ৰাসৰ সৃষ্টি কৰিছে কলিয়াবৰত। শনিবাৰে পুৱা ১০ মান বজাত ছাগলীৰ বাবে পাত আনিবলৈ ওলাই গৈছিল কলিয়াবৰ চাহ বাগিচাৰ বাসুদেৱ কৰ্মকাৰ নামৰ লোকজন। কিন্তু তাৰ পাছত বাসুদেৱ কৰ্মকাৰ ঘূৰি নাহিল ঘৰলৈ। দেওবাৰে পুৱা কলিয়াবৰ চাহ বাগিচা আৰু কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সীমাত উদ্ধাৰ হ’ল বাসুদেৱ কৰ্মকাৰৰ লাওখোলা আৰু হাড়।

দুৰ্ভগীয়া বাসুদেৱ কৰ্মকাৰৰ ঘৰ আছিল কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনত। শনিবাৰে কলিয়াবৰ চাহ বাগিচাৰে এগৰাকী মহিলাক আক্ৰমণ কৰিছিল বাঘে। স্বামীৰ সন্মুখতে বাঘে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে যমুনা গড় নামৰ মহিলাগৰাকীক। কলিয়াবৰ চাহ বাগিচাৰ বৰলাইনতে সংঘটিত হৈছিল এই ঘটনা। স্বামী দিলীপ গড়ৰ সন্মুখতে বাঘে আক্ৰমণ কৰাত মূৰ আৰু ডিঙিত আঘাত পাইছিল মহিলাগৰাকীক। লগে লগে মহিলাগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয়।

দীৰ্ঘদিন ধৰি কলিয়াবৰ চাহ বাগিচা আৰু কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লোৱা কেইবাটাও ঢেঁকীয়াপতীয়া বাঘে নিধন কৰি আহিছিল পশুধন। এতিয়া এই ঘটনাৰ পাছতে কলিয়াবৰৰ নৰখাদক বাঘক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ আতংকৰ। এতিয়া নৰখাদকলৈ পৰিণত হ’ল কলিয়াবৰৰ বাঘটো। যাৰ বাবে পৰৱৰ্তী সময়ত আৰু মানুহ আক্ৰমণৰ সন্মুখীন হোৱাটো নিশ্চিত। কিয়নো মানুহৰ মাংস ভক্ষণ কৰা বাঘ আৰু অধিক হিংস্ৰ হৈ পৰে।

উল্লেখ্য যে, কেইদিনমান পূৰিবে কলিয়াবৰৰ মিৰিভেটি, বৰভকতি, ঢেকিয়াল, কটীয়ৰী আৰু দেৱসত্ৰ আদিত আতংকৰ সৃষ্টি কৰিছিল এটা ঢেকীয়াপতিয়া বাঘে। কিন্তু বন বিভাগে বাঘটোক উদ্ধাৰ কৰিব পৰা নাছিল। তাৰ মাজতে জীৱশ্ৰেষ্ঠ একাংশই নিকৃষ্ট মানসিকতাৰ পৰিচয় দি চিৰদিনলৈ ঘূণীয়া কৰি পেলাইছিল বাঘটোক। একাংশ দুস্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ঢেকীয়াপতিয়া বাঘটোক। তাৰ পাছত বন বিভাগৰলোকে বাঘটোক ট্ৰেংকুলাইজড কৰি লৈ আনে কাজিৰঙা বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ।

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...