5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কলিয়াবৰত বাঘে নিদ্ৰা হৰিছে ৰাইজৰ! বন্ধ ৰখা হৈছে বিদ্যালয়, প্ৰশাসনে জাৰি কৰিছে বিশেষ নিষেধাজ্ঞা

কলিয়াবৰত বৰ্তমানো অব্যাহত বনৰজাৰ আতংক। বৰভকতি আৰু ঢেকীয়ালৰ কলঙৰ পাৰত বাঘৰ সন্ত্ৰাসত আতংকিত ৰাইজে কটাইছে বিনীদ্ৰ ৰজনী । বাঘৰ সন্ধানত এক্সকেভটৰ লৈ জংঘলত চলিছে অভিযান। বন বিভাগৰ চকুত ধূলি দি কলিয়াবৰত বনৰজাই অব্যাহত ৰাখিছে বিচৰণ।

কলিয়াবৰত বাঘে নিদ্ৰা হৰিছে ৰাইজৰ! বন্ধ ৰখা হৈছে বিদ্যালয়, প্ৰশাসনে জাৰি কৰিছে বিশেষ নিষেধাজ্ঞা
কলিয়াবৰত বাঘৰ মুক্ত বিচৰণ!
trishna-kalita
Trishna Kalita | Updated On: 20 Nov 2024 13:12 PM

কলিয়াবৰত বাঘৰ আতংক। বাঘৰ ভয়ত টোপনি হৰিছে অঞ্চলবাসীৰ।বাঘ খেদিবলৈ যাঠি-জোং লৈ ওলাই আহিল ৰাইজ। কলিয়াবৰৰ বৰহোলাৰ গড়বস্তিত ঢেঁকীয়াপতীয়া খেদাৰ অভিযান। নিশা কলিয়াবৰত JCB লৈ বনৰজাক খেদাৰ চেষ্টা বনবিভাগৰ। নিশা কলিয়াবৰত বনৰজা আৰু বন্যহস্তীক লৈ হুৱাদুৱা পৰিস্থিতি। টায়াৰ জ্বলাই¸ফটকা ফুটাই বাঘ আৰু হাতী খেদাৰ চেষ্টা। ইফালে বাঘৰ আতংকৰ বাবে কলিয়াবৰত বন্ধ ৰখা হৈছে ৩খনকৈ বিদ্যালয়।

কলিয়াবৰত বৰ্তমানো অব্যাহত বনৰজাৰ আতংক। বৰভকতি আৰু ঢেকীয়ালৰ কলঙৰ পাৰত বাঘৰ সন্ত্ৰাসত আতংকিত ৰাইজে কটাইছে বিনীদ্ৰ ৰজনী । বাঘৰ সন্ধানত এক্সকেভটৰ লৈ জংঘলত চলিছে অভিযান। তাৰ মাজতে বন বিভাগৰ চকুত ধূলি দি কলিয়াবৰত বনৰজাই অব্যাহত ৰাখিছে বিচৰণ। দিনৰ ভাগত ফটকা ফুটাই বাঘ ধৰাৰ চেষ্টা চলাইছিল যদিও বাৰে বাৰে বিফল হয় বন বিভাগ। পাছত এক্সকেভটৰ লৈ জংঘলত প্ৰৱেশ কৰি বাঘ খেদাৰ চেষ্টা চলোৱা বন বিভাগৰ। বিগত কেইবামাহো ধৰি সোণাৰী গাঁও, কামাখ্যা গাঁও, সোণাৰী চাহ বাগিচা আৰু হাতীমূৰাত দুটাকৈ ঢেকীয়াপতীয়া বাঘে গৰু-ছাগলী নিধন কৰি সন্ত্ৰাস চলাই আহিছে ।

ইয়াৰ পাছতে ঢেঁকীয়াপতীয়া বাঘটোক লৈ আতংকিত হৈ পৰিছে কলংপৰীয়া। লগতে বাঘ ধৰিব নোৱৰা বন বিভাগৰ বিৰুদ্ধেও উজাৰিছে ক্ষোভ।বাঘৰ আতংকৰ বাবেই ঢেকীয়াল গাঁও প্ৰাথমিক বিদ্যালয়ত বন্ধ থাকে পাঠদান। উল্লেখ্য যে সোমবাৰে পুৱাই বৰভকতিৰ কলঙৰ পাৰত ৰাইজে প্ৰত্যক্ষ কৰিছিল বাঘটো। দিনৰ ভাগত তিনিটাকৈ পশুধন নিধন কৰাৰ পাছত মঙলবাৰে পুৱাই কটিয়ৰী গাঁৱত এটা ছাগলী নিধন কৰে ঢেঁকীয়াপতীয়া বাঘটোৱে।

বাঘৰ মুক্ত বিচৰণৰ পাছতে কলিয়াবৰৰ বিভিন্ন অঞ্চলত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে উক্ত অঞ্চলত বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। কলিয়াবৰৰ কলং সূঁতিৰ পাৰত ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ বাবেই বি এন এছ এছ, ২০২৩ৰ ১৬৩ ধাৰাত নিষেধাজ্ঞা জাৰি কৰিছে । বৰভকতি, মিৰিভেটি, ঢেকীয়াল, কটিয়ৰী, বাণীপুৰ, সৰুভগীয়া আৰু সোণাৰি গাঁৱত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।

 

 

Latest News