চহৰ পৰিস্কাৰৰ বাবে পৌৰসভাৰ কঠোৰ স্থিতি, ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰাৰ পূৰ্বে এবাৰ চিন্তা কৰিব ইয়াৰ পৰিণাম

ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলে যাতে চহৰখন প্ৰদূষিত নকৰে তাৰ বাবে পৌৰ নিগমে এক অভিনৱ পদক্ষেপ হাতত লৈছে । ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলক সতৰ্ক কৰি দিয়া হৈছে এখন বৃহৎ বেনাৰৰ দ্বাৰা । বিভিন্ন ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ ফটো লগোৱা হৈছে বেনাৰখনত । ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ বাবে পৌৰ নিগমে বেনাৰত লিখিছে সতৰ্কবাণী ।

চহৰ পৰিস্কাৰৰ বাবে পৌৰসভাৰ কঠোৰ স্থিতি, ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰাৰ পূৰ্বে এবাৰ চিন্তা কৰিব ইয়াৰ পৰিণাম

Gujarat

Published: 

21 Mar 2025 15:14 PM

আমাৰ দেশৰ ভিন্ন স্থানত দেখা এখন সুলভ ছবি হৈছে পথৰ কাষত প্ৰস্ৰাৱ কৰা । ডাঙৰ ডাঙৰ নগৰেই হওক বা সৰু-সুৰা চহৰেই হওক, কেতবোৰ মুকলি স্থানত সুযোগ বুজি মানুহে প্ৰস্ৰাৱ কৰা দেখা যায় । যিয়ে কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে । বাকী জাৱৰৰ দ’মবোৰতো আছেই । কেতিয়াবা এনে পৰিস্থিতি হয় যে মানুহে খোজ দিবলৈও চিন্তাত পৰে লেতেৰা স্থানৰ বাবে । কিন্তু এখন পৌৰসভাই এই প্ৰক্ৰিয়া ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা ।

গুজৰাটৰ মৰ্বিত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলে যাতে চহৰখন প্ৰদূষিত নকৰে তাৰ বাবে পৌৰ নিগমে এক অভিনৱ পদক্ষেপ হাতত লৈছে । মৰ্বিত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলক সতৰ্ক কৰি দিয়া হৈছে এখন বৃহৎ বেনাৰৰ দ্বাৰা ।

মৰ্বিস্থিত পৌৰ নিগমৰ কাৰ্যালয়ৰ বাহিৰত লগোৱা হৈছে এখন বৃহৎ বেনাৰ । বেনাৰখনত সন্নিবিষ্ট কৰা হৈছে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ ফটো । ৰাজহুৱা স্থানত মানুহৰ প্ৰস্ৰাৱ কৰা কাৰ্য বন্ধ কৰাৰ বাবে পৌৰ নিগমে আৰম্ভ কৰিছে এক নতুন পৰীক্ষা । বিভিন্ন ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ ফটো লগোৱা হৈছে বেনাৰখনত । ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ বাবে পৌৰ নিগমে বেনাৰত লিখিছে সতৰ্কবাণী । কেবাখনো ফটোৰ লগতে এটা প্ৰশ্নবোধক চিহ্ন আঁকি ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিলে আপোনাৰ ফটোও বেনাৰত সন্নিবিষ্ট হ’ব বুলি সকীয়াই দিছে পৌৰ নিগমে ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাজহুৱা পথত মানুহৰ প্ৰস্ৰাৱ বন্ধ কৰাৰ বাবে এক নতুন পৰীক্ষা কৰা হৈছে । মৰ্বিস্থিত পৌৰ নিগমৰ কাৰ্যালয়ৰ বাহিৰত এখন বৃহৎ বেনাৰ লগোৱা হৈছে। বেনাৰখনত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকৰ ফটো আছিল । ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা বন্ধ কৰিবলৈ পৌৰ নিগমে বিভিন্ন পথতো লগাইছে বৃহৎ বেনাৰ । ইয়াৰ লগতে এটা সতৰ্কবাণীও দিয়া হৈছে যে যদি আপুনি ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰে তেন্তে আপোনাৰ ফটোও বেনাৰত ৰখা হ’ব ।

ইয়াৰ পূৰ্বেও গুজৰাটৰ ৰাজহুৱা পথত আৱৰ্জনা ৰোধৰ বাবে বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছিল । ৰাজহুৱা স্থান আৰু পথত থু পেলোৱা লোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । ৰাজহুৱা স্থানত পান-মছলা খোৱাৰ পিছত পিক পেলোৱা লোকক জৰিমনা বিহাৰ বাবে চুৰাট, আহমেদাবাদকে ধৰি বিভিন্ন চহৰত ব্যৱস্থা গ্ৰহণ কৰা হয় ।

IPL 2025ত কোনখন দেশৰ কিমানজন খেলুৱৈ আছে?
গুৱাহাটীত নিশা ২ বজালৈ খোলা থাকিব WINE SHOP, কেবিনেটত ডাঙৰ সিদ্ধান্ত
শৰীৰত কি কি সমস্যা থাকিলে অধিক পৰিমাণে আদা খাব নালাগে? জানক এই স্বাস্থ্য বাৰ্তা
ভাৰতৰ ১০০ টকাৰ মূল্য পাকিস্তানত কিমান? শুনি হ'ব আচৰিত...