আজি অসম আৰক্ষী দিৱস, জানক ইয়াৰ ইতিহাস, কোনে প্ৰথমে গ্ৰহণ কৰিছিল কাৰ্যভাৰ…
Assam police day: আজি অসম আৰক্ষী দিৱস। জনহিত জনসেৱাৰ্থে বাণীৰে অসমৰ প্ৰতি ৰাজ্যতে অসম আৰক্ষীয়ে সেৱা আগবঢ়াই আহিছে। অসম আৰক্ষীৰ বীৰ- শ্বহীদসকলক আৰু কৃতজ্ঞতা প্ৰকাশৰ অৰ্থে এই দিৱস পালন কৰা হয়।
আজি অসম আৰক্ষী দিৱস। ‘জনহিত জনসেৱাৰ্থে’ বাণীৰে অসমৰ প্ৰতি ৰাজ্যতে অসম আৰক্ষীয়ে সেৱা আগবঢ়াই আহিছে। অসম আৰক্ষী এজন সঞ্চালক প্ৰধানৰ অধীনত চালিত হয়। ব্ৰিটিছ অহাৰ আগলৈকে অসমত কোনো নিৰ্দিষ্ট আৰক্ষী প্ৰশাসন নাছিল। কিন্তু ব্ৰিটিছ অহাৰ পাছত ১৮৩৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু শাসন সম্পূৰ্ণৰূপে ব্ৰিটিছৰ হাতলৈ গৈছিল। ১৮৮২ চনত প্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল The assam frontied police.
অসম আৰক্ষীৰ ইতিহাস
১৯২৯ চনত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটি গঠন কৰিছিল। কিন্তু ১৯৪৯ চনত দেশ স্বাধীন হোৱাৰ পাছত কমিটিখন কাৰ্যকৰী কৰা হয়। ইয়াৰ কেতবোৰ সিদ্ধান্তৰ প্ৰভাৱ অসম আৰক্ষীত পৰিছিল। পৰৱৰ্তী সময়ত অসম ৰাইফলছত অসম আৰক্ষীৰ পৰা পৃথক কৰা হৈছিল। স্বাধীনতাৰ সময়ত অসম আৰক্ষীত ৮০০০ জন আৰক্ষী কৰ্মী আৰু ৩৩৫০ জন অফিচাৰ আছিল। ১৯৫০-৫১ চনৰ পৰা অসমত আৰক্ষী আৰু অসম ৰাইফলছে বহু অভিযান চলাইছিল যাৰ পাছত ইয়াৰ প্ৰভাৱ বৃদ্ধি পাইছিল।
কেতিয়াৰ পৰা এই দিৱস পালন কৰা হয়
১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শাসনভাৰ গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। অসম আৰক্ষীৰ বীৰ- শ্বহীদসকলক স্মৰণ কৰি এই দিৱস পালন কৰা হয়।
সাংগাঁথনি
অসম আৰক্ষী অসম চৰকাৰৰ গৃহ বিভাগৰ নিয়ন্ত্ৰণত থকা আইন- শৃংখলা ৰক্ষী বিভাগ। বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং। আৰক্ষী প্ৰধানজনেই অসম আৰক্ষীৰ মূল ব্যক্তি। অসম আৰক্ষীৰ বিভিন্ন বিভাগ এজন অতিৰিক্ত সঞ্চালক প্ৰধানৰ অধীনত থাকে। ইয়াৰ লগতে মহা পৰিদৰ্শকজন অধীনষ্ঠ বিভিন্ন বিভাগৰ মুৰব্বী লগতে এক বা তাতকৈ অধিক আৰক্ষী ক্ষেত্ৰ সীমাৰ মুৰব্বী। অসম আৰক্ষীৰ উপ- মহাপৰিদৰ্শকদন এক আৰক্ষী ক্ষেত্ৰ সীমাৰ মুৰব্বী যাৰ অধীনত কেইবাখনো আৰক্ষী জিলা থাকে। আৰু আৰক্ষী অধীক্ষক হল জিলা আৰক্ষীৰ মুৰব্বী বা বেটেলিয়নৰ কামাণ্ডেন্ট। আৰক্ষী অধীক্ষকক সহায় কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক থাকে।
অসমৰ আৰক্ষী জিলা কেইবাটাও মহকুমাত বিভক্ত হৈ আছে। মহকুমাৰ মূল আৰক্ষী বিষয়াগৰাকী মহকুমা আৰক্ষী বিষয়া বা উপ- আৰক্ষী অধীক্ষক।সেইদৰে মহকুমাও কেইবাটা আৰক্ষী চক্ৰত বিভক্ত। এই আৰক্ষী চক্ৰৰ অধীনত কেইবাখনো আৰক্ষী থানা আৰু আৰক্ষী চকী থাকে সদৰ আৰক্ষী থানা আৰু ঘন জনবসতিপূৰ্ণ এলেকাৰ থানাত এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া থাকে আৰু কম জনবসতি অঞ্চলত থাকে উপ- পৰিদৰ্শক। তেনেদৰে আৰক্ষী চকীসমূহ এজন উপ- পৰিদৰ্শক বা সহকাৰী উপ পৰিদৰ্শকৰ অধীন।
বঁটা
এই দিৱস পালনৰ সময়ত আৰক্ষীয়ে আগবঢ়োৱা সেৱাৰ বাবে নিৰ্বাচিত একাংশক বিশেষ সন্মান প্ৰদান কৰা হয়। এইবাৰো কেইবাজনো আৰক্ষী বিষয়াত অসম আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ প্ৰশস্তি প্ৰশংসা- ২০২৪ আগবঢ়োৱা হ’ব। বঁটা লাভ কৰিবলগীয়া আৰক্ষী বিষয়াৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে। এইবাৰ অসম আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ প্ৰশস্তি প্ৰশংসা- ২০২৪ ৰ বাবে ১১২ জন আৰক্ষী বিষয়া, জোৱান নিৰ্বাচিত হৈছে। ইয়াৰে ১১ গৰাকীয়ে সোণৰ পদত আৰু ১০২ গৰাকীয়ে ৰূপৰ পদক লাভ কৰিব।