5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Diwali 2024: আজি দেৱালী আৰু কালী পূজা, গুৱাহাটীৰ বজাৰত জনপ্ৰিয় বিশাল-চুমি নামৰ ফটকা

দেৱালী উপলক্ষে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ফটকাৰ দোকানীয়ে উলিয়াইছে চুমি-তাৰ্কিক আৰু বিশাল ফুকন ফটকা। কেৱল অনলাইন ট্ৰেডিঙৰ জৰিয়তে চৰ্চা লাভ কৰা এই নাম কেইটা এতিয়া দেৱালীৰ বজাৰতো জনপ্ৰিয় হৈ উঠিছে।

Diwali 2024: আজি দেৱালী আৰু কালী পূজা, গুৱাহাটীৰ বজাৰত জনপ্ৰিয় বিশাল-চুমি নামৰ ফটকা
আজি দেৱালী আৰু কালী পূজা
barasha-misra
Barasha Misra | Updated On: 31 Oct 2024 12:10 PM

দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়”ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়। দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়।

আজি পোহৰৰ উৎসৱ দেৱালী। ৰাজ্যৰ বজাৰ ভৰি পৰিছে বিভিন্ন ধৰণৰ চাকি আৰু আতচবাজীৰে। ৰাজ্যৰ বজাৰত চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰঙবিৰঙৰ চাকিৰ লগতে লাইটেৰে বজাৰ ভৰি পৰাৰ বাবে মৃৎশিল্পী সকলে মাটিৰে তৈয়াৰ কৰা চাকিৰ সমাদৰ কমিছে । কিন্তু আজিৰ দিনটোত একাংশই কিন্তু মাটিৰ চাকিকে প্ৰাধান্য দিয়ে।

ইফালে দেৱালী উপলক্ষে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ফটকাৰ দোকানীয়ে উলিয়াইছে চুমি-তাৰ্কিক আৰু বিশাল ফুকন ফটকা। কেৱল অনলাইন ট্ৰেডিঙৰ জৰিয়তে চৰ্চা লাভ কৰা এই নাম কেইটা এতিয়া দেৱালীৰ বজাৰতো জনপ্ৰিয় হৈ উঠিছে। ফটকা দোকানীয়ে কোৱা অনুসৰি থলুৱা চুমি ফটকাৰ দাম হৈছে ৩ হাজাৰ টকা,তাৰ্কিক ফটকাৰ দাম হৈছে ১৮০০ আৰু বিশাল ফুকন ফটকাৰ দাম হৈছে ১৫০০। এয়া গ্ৰাহকক থলুৱা ফটকা ক্ৰয় কৰাৰ কৌশল।

দেৱালীৰ লগতে আজি দেশত চলিছে কালী পূজাৰ প্ৰস্তুতিও। সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰাৰ্থনা জনাই সমগ্ৰ দেশতে উদযাপন হ’ব কালী পূজা। ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু উপাসনাস্থলীত মা কালী ভক্তই চলাইছে পূজাৰ আয়োজন। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়। এইদিনা ভাৰতৰ আন অঞ্চলত লক্ষ্মী পূজা আৰু দেৱালী অনুষ্ঠিত হয়। বৰ্তমান তিনিওটা উৎসৱ প্ৰায় একেলগে উদ্‌যাপন হোৱা দেখা যায়। কালীপূজা হৈছে বংগ আৰু অসম আটাইতকৈ ডাঙৰ শাক্ত উৎসৱ।

দেৱালীত কি কৰিব?

দেৱালীত মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰনিৰ্মাণ আৰু সৌন্দৰ্য্য বৰ্ধনত ব্যস্ত হয়।দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত কেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়।

দক্ষিণ এছিয়াৰ পৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থ সমূহত পাঁচ দিনীয়া দেৱালী উৎসৱৰ উল্লেখ পোৱা যায়। ভাৰতৰ ভিন-ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি-নিয়ম সমূহো অলপ বেলেগ বেলেগ। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়। ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি পালন কৰা হয়। পশ্চিম, পূৱ আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতৰত কালী পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে। ভাতৃ দ্বিতীয় ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত ৰাখীবন্ধনৰ সমকক্ষ উৎসৱ।

 

Latest News