Jungal Balahu Divas: আজি জোঙাল বলহু দিৱস, তিৱা জনগোষ্ঠীৰ বীৰপুৰুষ, ৰজা জোঙাল বলহুৰ বীৰত্ব গাঁথা জানো আহক
আজি ঐতিহাসিক বীৰ ৰজা জোঙাল বলহু দিৱস। তিৱাসকলৰ পিতৃপুৰুষ তথা শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰগৰাকীক সুঁৱৰিবলৈ ৰহাৰ জোঙালবলহু ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন। জোঙাল বলহু দিৱসৰ বিষয়ে জানো আহক...
তিৱা জনগোষ্ঠীৰ পৰাক্ৰমী ৰজা জোঙালবলহু অসম বুৰঞ্জীৰ এক অমৰ চৰিত্ৰ৷ অসম চৰকাৰে জোঙালবলহুৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ ৰহাত জোঙালবলহু পৰ্যটন ক্ষেত্ৰ নিৰ্মাণৰ কাম কৰি থকাৰ লগতে তেখেতৰ শৌৰ্যগাথাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আজি ঐতিহাসিক বীৰ ৰজা জোঙাল বলহু দিৱস উপলক্ষে তিৱাসকলৰ পিতৃপুৰুষ তথা শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰগৰাকীক সুঁৱৰিবলৈ ৰহাৰ জোঙালবলহু ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জোঙাল বলহু দিৱসৰ বিষয়ে জানো আহক…
জোঙাল বলহু কোন?
জোঙাল বলহু (Jungal Balahu) ১৩৬৫-১৩৮৫ চনৰ আশে-পাশে মধ্যযুগীয় উত্তৰ-পূব ভাৰতৰ এজন তিৱা ৰজা আছিল। ৰাজ্যখন অসম ৰাজ্যৰ বৰ্তমানৰ ৰহাত আছিল। তেওঁ তিৱা জনগোষ্ঠীৰ লোক সকলক শাসন কৰিছিল। জোঙাল বলহু গড়ত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
১৪১৫-১৪৪০ চনত জোঙাল বলহু মৃগংক নামেৰেও পৰিচিত আছিল। তেওঁ ১৩৬৫-১৩৮৫ চনৰ কামতা ৰাজ্যৰ গংগাৱতী আৰু অৰিমত্তৰ পুত্ৰ। বড়ো-ভূঞাৰ শাসন কালত চন্দ্ৰপ্ৰভা/খোঞ্চৰী আৰু প্ৰতাপ সিংহ/মায়ামত্তৰ পুত্ৰ আছিল। এই কথা দেও লাংখুই গ্ৰন্থত বৰ্ণনা কৰা হৈছে। ১৩০৫-১৩২৫ চনত প্ৰতাপ সিংহ/প্ৰতাপ ধ্বজ আহোম বংশৰ পৰা কামতা ৰাজ্যৰ শাসক আছিল। তেওঁ অসমৰ ৰহাৰ ওচৰৰ ছহৰীত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
তেওঁৰ ৰাজধানী নগাঁও জিলাৰ মৌজাত আছিল। নগাঁৱৰ ৰহাৰ ওচৰত জোঙাল বলহুৰ গড় নামে এটি পুৰণি গড় এতিয়াও দেখিবলৈ পোৱা যায়। জোঙাল বলহুৰ ৰাজ্যৰ ওচৰত তিৱা কছাৰী বিলাকৰ ৰাজ্য আছিল। সেয়ে কছাৰী সকলৰ লগত তেওঁৰ প্ৰায়ে কাজিয়া হৈছিল। এনে এখন কাজিয়াতে তেওঁৰ মৃত্যু হৈছিল।
জোঙাল বলহুৰ নামৰ লগত নগাঁও জিলাৰ কেইবাখনো ঠাইৰ নাম জড়িত হৈ আছে। কছাৰীৰ লগত কোনো এখন যুঁজত হাৰি এওঁ পলাই গৈছিল। পলাই যাওঁতে কলঙৰ পাৰৰ ৰহাত জঙ্গল বলাহু পানী পিবলৈ ‘বহিছিল’ অৰ্থাৎ জিৰাইছিল, পানীৰে ভটিয়াই যাওঁতে হেনো জাগীৰ ওচৰত ‘জাগিছিল’, অৰ্থাৎ পানীৰ পৰা তীৰত উঠিছিল। অৱশেষত কাজলি মুখত হেনো কাজলি বাঁহৰ কাঁড়ৰ আঘাতত তেওঁ মৃত্যুবৰণ কৰে। আন কিছুমানৰ মতে, আৰিমত্তৰ ৰাজ্য আক্ৰমণ কৰি আৰিমত্তক বধ কৰাৰ পিছত হেনো আৰিমত্তৰে আন এজন পুতেক ৰত্নসিংহৰ হাতত জোঙাল বলহুৰ মৃত্যু হয়। নগাওঁ জিলাত জোঙাল বলহুক লৈ বুঢ়া মেথাসকলৰ মাজত এটি গীত শুনিবলৈ পোৱা যায়। গীতটি দীঘলীয়া। কালৰ বুকুত হেৰাই যাবলৈ ধৰা গীতটি লোকসংস্কৃতিৰ অনুসন্ধানকাৰী ৰুদ্ৰ ডেকাই সংগ্ৰহ কৰি ১৯৮০ চনৰ অসম সাহিত্য সভাৰ সপ্তচত্বাৰিংশ ৰহা অধিবেশনৰ স্মৃতি গ্ৰন্থ “ৰহাৰ ৰহদৈ”ত স্থান দিছিল। তেখেত ১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈ “নিখিল ভাৰত শিপিনী সঙ্ঘ”ৰ কৰ্মী হিচাপে ধৰমতুল,জাগি,মায়ং আদি অঞ্চলবোৰ ঘূৰি ফুৰুতে গঞাৰ মুখৰ পৰা জোঙাল বলহুৰ বিষয়ে অনেক ফকৰা যোজনা আৰু এই গীতটো সংগ্ৰহ কৰিছিল। গীতটো সাত খলপিয়া গড় বান্ধি ৰাজত্ব কৰা জোঙালৰ বিৰত্বৰ কথাৰে আৰম্ভ হৈ জোঙালৰ মৃত্যৰ কৰুণ কাহিনীৰে সমাপ্ত হৈছে।
আজি জোঙাল বলহু দিৱস উপলক্ষে অসমৰ সোণালী ইতিহাসৰ পাত লুটিয়াই তিৱা ৰজা জনক সশ্ৰদ্ধে স্মৰণ কৰিছোঁ।