5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

kati bihu: আজি কাতি বিহু, জানক এই বিহুৰ তাৎপৰ্য, পৰম্পৰা আদি সকলো…

Kati bihu 2024: আজি কাতি বিহু। অসমীয়াৰ জাতীয় উৎসৱ বিহু পালন কৰিবলৈ ইতিমধ্যে সাজু হৈছে অসমবাসী। এই সময়চোৱাত কৃষক ৰাইজৰ ভঁৰাল উদং হৈ থাকে। যাৰ বাবে অনুষ্টুপীয়াকৈ এই বিহু পালন কৰা হয়।

kati bihu: আজি কাতি বিহু, জানক এই বিহুৰ তাৎপৰ্য, পৰম্পৰা আদি সকলো…
কাতি বিহু
barasha-sarma
Barasha Sarma | Updated On: 17 Oct 2024 09:46 AM

”তুলসীৰ তলে তলে মৃগপহু চৰে

তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে।।”

আজি কাতি বিহু। অসমীয়াৰ জাতীয় উৎসৱ তিনি বিহুৰ ভিতৰত অন্যতম এই কাতি বিহু বা কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। এই সময়চোৱাত ভঁৰাল প্ৰায় উদং হৈ থাকে আৰু শালি ধান চপাবলৈ যথেষ্ঠ সময় থাকে। অভাৱ- অনাটনৰ মাজেৰে এই বিহু অনুষ্টুপীয়াকৈ পতা হয় বাবে ইয়াক কঙালী বিহু বুলি কোৱা হয়। এই দিনটোত মানুহে ঘৰে ঘৰে তুলসী ৰুই তাৰ তলত গোটেই মাহটো চাকি বন্তি জ্বলায়। ধাননি পথাৰত চাকি জ্বলাই বা ঘৰৰ চোতালৰ চাৰিওফালে চাকি জ্বলাই শ্ৰীবৃদ্ধিৰ কামনা কৰে।

এই বিহুৰ দিনা বহুতে আকাশ বন্তিও জ্বলায়। ঠাই ভেদে বিহুৰ নিয়ম বেলেগ বেলেগ আছে। বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলাই নাম- কীৰ্তন কৰি ঘৰে ঘৰে গঁঞাই প্ৰসাদ খায়।

তাৎপৰ্য

অভাৱৰ মাজেৰে চলিলেও এই বিহুৰ তাৎপৰ্য নোহোৱা নহয়। বিহু অসমীয়া জীৱনৰ আয়ুসৰেখা। ধৰ্মীয় আচাৰ অনুষ্ঠানেৰে শৰৎ কালৰ এই বিহু শৰতৰ জৰে স্নিগ্ধ সমাহিত বুলি কোৱা হয়। শস্যৰ সুৰক্ষা আৰু শ্ৰী বৃদ্ধিৰ বাবে পূৰ্বৰ পৰাই খেতিৰ পথাৰত জুইৰ ব্যৱহাৰৰ পৰম্পৰা আছে। কালক্ৰমত এই জুইৰ ব্যৱহাৰ মাটিৰ চাকিৰ ৰূপ লৈছে বুলি অনুমান কৰা হয়। কাতি বিহুৰ দিনা প্ৰতিগৰাকী অসমীয়াই ঘৰ দুৱাৰ, আলি- পদুলি পৰিষ্কাৰ কৰি ৰাখে। কোৱা হয়, কাতি বিহুৰ দিনা ঘৰ- দুৱাৰ, আলি- পদুলি চাফা কৰি ৰাখিলে শস্যৰ দেৱী লক্ষ্মী গৃহস্থলৈ আহে।

কিয় পালন কৰা হয়

এই বিহুৰ দিনা চোতালৰ আগত বা ভঁৰালৰ কাষৰ মাটিত ঢিপ তুলি তুলসী পুতি চাকি জ্বলায়। সমগ্ৰ মাহটো এই তুলসী তলত চাকি দিয়ে। সন্ধিয়া ধাননি পথাৰ, ভঁৰাল ঘৰ, ঢেঁকীশাল, গোহালি আদি বিভিন্ন ঠাইত চাকি জ্বলোৱা হয়।

এই সময়ত খেতি- পথাৰত কীট- পতংগৰ আগমন ঘটে। বিভিন্ন কীট- পতংগ, নিগনি এন্দুৰ আদিৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ ৰাইজে চাকি জ্বলায়। বহুতে আকাশ বন্তিও জ্বলায়। কোৱা হয়, আকাশ বন্তিৰ পোহৰত কীট-  পতংগ সমূহ দূৰলৈ উৰি যায়। বিশ্বাস অনুসৰি, সন্ধিয়া পথাৰলৈ গৈ খেতিডৰাত চাকি দি চাই অহা এটা নিয়ম আছে। এনে কৰিলে লক্ষ্মী দেৱী  সন্তুষ্ট হয় বুলি কোৱা হয়।

মুঠতে অভাৱ- অনাটনৰ মাজেৰে এইবাৰো কাতি বিহু পালন কৰিবলৈ সাজু হৈছে অসমবাসী। ইয়াকে লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। প্ৰতি বছৰৰ দৰে এইবাৰো অসমীয়াই কাতি বিহু পালন কৰি সকলোৰে শ্ৰীবৃদ্ধিৰ কামনা কৰিব।

Latest News