Rongali Bihu 2025: অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে… আজি তাঁত বিহু, এই বিহুৰ গুৰুত্বৰ বিষয়ে জানো আহক

Cultural Significance Tator Bihu: অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’। সেইদিনা শিপিনীসকলে তাঁতশালৰ সজুঁলিসমূহ ভালকৈ চাফা কৰি নতুন বছৰৰ বাবে সাজু কৰে তাঁতশাল।।

Rongali Bihu 2025: অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে... আজি তাঁত বিহু, এই বিহুৰ গুৰুত্বৰ বিষয়ে জানো আহক

আজি তাঁত বিহু

Published: 

17 Apr 2025 06:52 AM

আজি তাঁত বিহু। ৰাজ্যজুৰি অব্যাহত ৰঙালীৰ আনন্দ। উজনিৰ পৰা নামনিলৈ মাথোঁ ৰঙালীৰ উছাহৰ ঢল। ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ। ৰঙালীৰ ৰঙত পৰিছে প্ৰতিজন অসমীয়াৰ মন। আজি তাঁতশালত চাকি-বন্তি জ্বলাই সেৱা শিপিনীৰ। ব’হাগ বিহুৰ চতুৰ্থ দিনটোক ‘তাঁতৰ বিহু’ হিচাপে পালন কৰা হয়। নতুন বছৰৰ বাবে শিপিনীসকলে সাজু কৰে তাঁতশাল।

তাঁতশাল অসমীয়া মানুহৰ জাতীয় শিল্পস্বৰূপ। অসমীয়া লোকশিল্পৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অতীজ অসমত অসমীয়া মহিলাই তাঁত বোৱা নজনাটো এটা লাজৰ কাৰণ আছিল। অসমৰ তাঁতৰ কাপোৰৰ সুখ্যাতি অতি প্ৰাচীন। অসম আক্ৰমণকাৰী মোগলৰ সৈতে বহু মোগল ঐতিহাসিক অসমলৈ আহিছিল। তেওঁলোকে অসমত তৈয়াৰ হোৱা বিবিধ পাটৰ কাপোৰ অতি উচ্চ মানবিশিষ্ট আৰু চীনৰ পাটকাপোৰৰ সমকক্ষ বুলি উল্লেখ কৰিছিল। আহোম ৰাজত্বকালতো আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমৰ বয়ন শিল্পৰ অভূতপূৰ্ব বিকাশ হৈছিল। পুৰণি অসমত অসমীয়া মহিলাই তাঁতশালত একেনিশাই স্বামীৰ বাবে কবচ কাপোৰ বৈ দিয়াৰ কথা বুৰঞ্জীত পোৱা যায়। মহাত্মা গান্ধীয়েও অসমীয়া মহিলাই তাঁত শালত সপোন ৰঙে বুলি প্ৰশংসা কৰিছিল। কোঁচৰজা মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত আৰু মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰচেষ্টাত তাঁতীকুছিত বোৱা বৃন্দাবনী বস্ত্ৰৰ কথাও উল্লেখ কৰিব পাৰি।

অসমীয়া বিহুগীত আৰু অন্যান্য লোকগীতত তাঁতশাল আৰু তাঁতশালৰ বিবিধ সঁজুলিৰ বিষয়ে উল্লেখ পোৱা যায়। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে। এই সাত বিহুৰ চতুৰ্থ দিনটো তাঁতশালখনৰ নামত উচৰ্গা কৰা হয়। যিখন শালত বৈ উলিওৱা হয় বিহুৰ বাবে অপৰিহাৰ্য বিহুৱান আৰু বিহুৱতীৰ বাবে মুগা মেখেলা-চাদৰ তথা ৰিহাখন । আজি চাকি-বন্তি, ধূপ-ধূনা, তামোল-পান, নৈবেদ্য আগবঢ়ায় ভক্তি ভাৱেৰ তাঁতশালখনলৈ সেৱা আগবঢ়ায় । কাৰণ এই তাঁতশালখনেই বহুতৰ বাবে জীৱিকাৰ একমাত্র সম্বল ।

 

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট