আজি দেউৰীসকলৰ ব’হাগ বিহু তথা ইবাঁকু বিচু, পৰম্পৰাগত ৰীতি-নীতিৰে আৰম্ভ ইবাঁকু বিচু
ইবাঁকু বিচু ব'হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়। দেউৰীসকলেও অসমৰ আন আন জনগোষ্ঠীৰ দৰেই বসন্ত ঋতুত বসন্ত উৎসব পালন কৰে। তেওঁলোকে পালন কৰা এই উৎসৱটোক 'ইবাঁকু বিচু' নামেৰে জনাজাত। সাতদিন ধৰি এই উৎসৱ উদযাপন কৰা হয়।

বিহু অসমীয়া জনগোষ্ঠীৰ সাংস্কৃতিক জীৱনৰ প্ৰাণকেন্দ্ৰ। পৰম্পৰাগত ভাৱে দেউৰীসকলে বিহু উদযাপন কৰে। আজি বহাগৰ প্রথমটো বুধবাৰ। ব’হাগৰ আৰম্ভণিতে অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলৰ পৰম্পৰাগত জাতীয় উৎসৱ বিচু উদযাপন কৰে। আজি অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ দেউৰী বিহু অৰ্থাৎ ইবাঁকু বিচু। ই অসমৰ দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱ।
ইবাঁকু বিচুৰ পৰম্পৰা
ৰঙালী বিহুৰ উৎসৱ হ’লেও তেওঁলোকৰ বাবে ই কেৱল ৰং ৰহইচৰ উৎসৱ নহয়, ই অতি প্ৰাচীন কালৰে পৱা চলি অহা সাংস্কৃতিক মহোৎসৱ। দেউৰী জন-জীৱনৰ এই বসন্ত উৎসৱটি সৰ্বশ্ৰেষ্ঠ পূজা-উৎসৱ। বিহুৰ পূজা-উৎসৱত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তন গভীৰভাৱে নিহত হৈ আছে। দেউৰীসকলে বিচু উৎসৱ উদযাপন উপলক্ষে দুটা পূজা পাতিব লাগে। ইয়াৰে এটা পৰিয়াল ভিত্তিক আৰু আনটো সামূহিক। প্ৰথমটো সুৱচনী পূজা বা ঘৰদেও পূজা আৰু দ্বিতীয়টো দেওশাল বা “দেগৰ” বা দেৱালয়ৰ পূজা।
সুৱচনী বা ঘৰদেও পূজা
দেউৰীসকলৰ বিশ্বাস যে গাঁৱৰ প্ৰতিঘৰ গৃহস্থই সুৱচনী বা ঘৰদেও পূজা নপতাকৈ দেৱালয়ত বিহু পূজা পাতিলে বিহুত দেওধনি আবিৰ্ভাৱ নহয়। সুৱচনী পূজা যিহেতু ঘৰদেও পূজা,গতিকে ঘৰৰ ভিতৰতে এক আচুতীয়া ঠাইত বহাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধ বাৰত পুৱা ভাগত এই পূজা পতা হয়।
দেৱালয় বা দেওশাল পূজা
দেউৰীসকলৰ উৎসৱটোক বৰ বলি নামেৰেও জনা যায়। বহাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে প্ৰতিটো খেল বা ফৈদৰ দেৱালয়ত সমূহিয়াকৈ উৎসৱ মুখৰভাৱে এই বিহু পূজা পতা হয়। ইয়াক বৰ্ত্তমান বহাগ বিহুৰ পূজা উৎসৱ বোলে। কিন্তু আদিতে ইয়াৰ নাম’বাসন্তী পূজা উৎসৱ’হে আছিল। দেউৰী সমাজৰ যি বিহুৱেই নহওক, বিহুৰ এই বিশেষ তাৎপাৰ্য হৈছে বিহু আৰম্ভ কৰাৰ দিন-বাৰ চোৱা। বিহু উদযাপিত মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰত যদি ৰাইজৰ বিহু-দিন নপৰি অন্য দিনত পৰে তেন্তে সেই দিনা দেউৰী সকলে বিহুৰ শুভাৰম্ভ নকৰি সেই প্ৰথমটো বুধবাৰলৈ অপেক্ষা কৰে। বুধবাৰৰ বাহিৰে অন্য বাৰত দেৱালয়ৰ বিহু-পূজা পতা নিষেধ। দেৱালয়ৰ এই বিহু পূজা উৎসৱ সম্পূৰ্ণ সাত দিন থাকে। কিন্তু দেৱালয়ত বিহু পূজা দুদিনহে হয় প্ৰথমটো বুধবাৰ আৰু তাৰ পাছৰটো বুধবাৰে। দেউৰীসকলৰ বহাগ বিহু উৎসৱৰ লগত নিবিড়ভাবে জড়িত হৈ প্ৰাচীন কালৰ পৰা সমাজত চলি অহা কেইটামান ৰীতি হ’ল-
- নতুন পৰীয়া নিযুক্তি, পুৰণিৰ অৱসৰ
- নিশা বিহু,
- গৰু গা ধুউৱা
- ন কৈ চুৰীয়া পিন্ধোৱা আৰু পাট গাভৰুৰ গাত কাপোৰ দিয়া বা পাউগা মৰোউৱা নিয়ম
- কণী যুঁজোৱা প্ৰথা,
- ডেকা বিহু
- গাভৰু বিহু
- আবৰব হাঁচটি আৰু হুঁৰাই ৰঙালী নাম
- হুঁচৰি গোৱা নিয়ম
- গোসাঁনী পাটৰত তোলা
- বিহু আৰু হুঁচৰি উৰুৱা উৎসৱ
- পাচ বিহু বা ৰাজবন
- পীৰি বা নৌকা উটুৱা সবাহ।
ইবাঁকু বিচুৰ বিষয়ে জানক
ইবাঁকু বিচু ব’হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়। দেউৰীসকলেও অসমৰ আন আন জনগোষ্ঠীৰ দৰেই বসন্ত ঋতুত বসন্ত উৎসব পালন কৰে। তেওঁলোকে পালন কৰা এই উৎসৱটোক ‘ইবাঁকু বিচু’ (ব’হাগ বিহুৰ সমতুল্য) নামেৰে জনা যায়। সাতদিন ধৰি এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ ব’হাগৰ প্ৰথম বুধবাৰে আৰম্ভ হয়। তেওঁলোকৰ পূজা-অৰ্চনা কৰাৰস্থল দেওঘৰত সেইদিনা বিশেষ পূজা কৰা হয়। সেই দিনটোক বিচুৰ (বিহুৰ) উৰুকা হিচাবে পালন কৰা হয়। দেওঘৰত সেই দিনা তেওঁলোকৰ উপাস্য দেৱতা কুন্দিমামা, পিচাদেমা, পিচাচি দেমাচি আদিকে প্ৰমুখ্য কৰি আন আন উপাস্য দেৱ-দেৱীসকললৈ ছাগলী, পাৰ, কুকুৰা আদি বলি হিচাবে আগবঢ়ায়। আনহাতে বিচুৰ উৰুকা ৰাতি বৰদেউৰীৰ ঘৰত অথবা তেনে এক সামাজিক স্থানত ডেকা-গাভৰু (দেউৰী ভাষাত মিৰা-মিৰাচি) সকলে নৃত্য-গীত কৰে। সপ্তাহ ধৰি এই বিহু অতি উলহমালহৰে পালন কৰাৰ অন্তত শেষৰ দিনটোক বিচু উৰুৱাবা (দেউৰী ভাষা) বোলে। সেইদিনা দেওঘৰত বিচু (দেউৰী ভাষা) মৰাৰ পিচত বৰদেউৰীয়ে যেতিয়া নিদেৰ্শ দিব তেতিয়া বিচুত অংশ গ্ৰহণ কৰা সকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ বৰদেউৰীৰ ঘৰত, গাঁৱৰ মুখিয়াল সকলৰ ঘৰত অলপ অলপ সময়ৰ বাবে বিচু মাৰি গাঁৱৰ পূৱৰ পৰা পশ্চিমলৈ বিচু মাৰি যাত্ৰা কৰে। আৰু শেষত এক মুকলি পথাৰত বিচুক অহা বছৰ পুনৰ লগ পোৱাৰ আশাৰে এক শেষ নাচ নাচি বিদায় জনায়।
দেউৰী সমাজ আৰু জনজীৱনৰ এই উৎসৱৰ ওতপ্ৰোত সম্পৰ্ক আছে। অসমৰ অন্যান্য কৃষিভিত্তিক জনগোষ্ঠীৰ দৰেই ইয়াক বিহু হিচাপে পালন আৰু সন্মান কৰা হয়।