শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি পহিলা ব’হাগ, ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, আজিৰ দিনটোত কি কি পৰম্পৰা আছে জানক

প্ৰতি বছৰৰ দৰে এইবাৰো অসমীয়াই উলহ-মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু। ব’হাগৰ এই সুন্দৰ বতৰত ৰঙালীৰ ৰঙত মতলীয়া হৈছে প্ৰতিগৰাকী অসমীয়া। গৰু বিহুৰ পাছদিনা মানুহ বিহু। হাতত জেতুকাৰ ৰং বুলাই জীয়ৰী বোৱাৰীহঁতেও পৰম্পৰা ৰক্ষাৰ লগতে এপাক নাচিবৰ বাবে সাজু হৈছে। এই দিনটোত বিহুৱান দিয়া আৰু তিতা খোৱাৰ আছে পৰম্পৰা।

আজি পহিলা ব’হাগ, ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, আজিৰ দিনটোত কি কি পৰম্পৰা আছে জানক
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্যImage Credit source: Getty images
barasha-misra
Barasha Misra | Published: 15 Apr 2025 10:59 AM

আজি ৰঙালী বিহুৰ দ্বিতীয়টো দিন। ৰাজ্যজুৰি উদযাপন হৈছে মানুহ বিহু। পহিলা ব’হাগৰ দিনটোত ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ উছাহৰ ধল। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহ ব’হাগৰ ১ তাৰিখ। পৰম্পৰা অনুসৰি পহিলা ব’হাগত অসমবাসীয়ে মানুহ বিহু পালন কৰি আহিছে। আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোসাঁইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ কুশল মংগল কামনা কৰে।

প্ৰতি বছৰৰ দৰে এইবাৰো অসমীয়াই উলহ-মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু। ব’হাগৰ এই সুন্দৰ বতৰত ৰঙালীৰ ৰঙত মতলীয়া হৈছে প্ৰতিগৰাকী অসমীয়া। গৰু বিহুৰ পাছদিনা মানুহ বিহু। হাতত জেতুকাৰ ৰং বুলাই জীয়ৰী বোৱাৰীহঁতেও পৰম্পৰা ৰক্ষাৰ লগতে এপাক নাচিবৰ বাবে সাজু হৈছে। ঢোল, পেঁপা, গগণাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্য। ঘৰে ঘৰে গৈ হুঁচৰি মাৰিবলৈ, ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে ডেকা–গাভৰুসকল। আনহাতে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে ৰঙালীৰ ৰঙীন অনুষ্ঠান।

বিহুৱান দিয়াৰ পৰম্পৰা

পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে ‘বিহুৱান’ বোলে। ‘বিহুৱান’ বুলিলে সাধাৰণতে গামোচাকে বুজায় যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে ‘বিহুৱান’ আখ্যা দিয়া হয়। প্ৰকৃততে এই বিহুৱান বা ফুলাম গামোচাখনহে সন্মানৰ বস্ত্ৰ। গামোচাখন সাধাৰণতে দৈনিক কামৰ কাৰণে ব্যৱহাৰ কৰা বস্ত্ৰ। বিহু, বিবাহ অনুষ্ঠান বা অন্যান্য যিকোনো সামাজিক অনুষ্ঠানত বিহুৱানক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। অসমৰ সকলো শ্ৰেণীৰ জাতি-জনজাতিয়েই গামোচা ব্যৱহাৰ কৰে। অসমৰ বিহু উৎসৱৰ লগত গামোচাৰ বিশেষ সম্পৰ্ক আছে। বিহু নৃত্যৰ সময়ত যুৱকসকলে ফুলাম গামোচা মূৰত মাৰি বিহু নৃত্যত অংশ গ্ৰহণ কৰে। বিহুৱানত থকা ফুলবোৰৰ বিশেষ মহত্ত্ব আছে। এই ফুলবোৰ প্ৰেম আৰু সন্মানৰ লগতে বসন্ত ঋতুৰ প্ৰতীক।

আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ-দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়।

তিতা খোৱাৰ পৰম্পৰা

মানুহ বিহুৰ দিনাই ৰাতিপুৱা নিমপাত চোবাই খোৱাৰ এটা প্ৰথা আছে যাতে গোটেই বছৰটোৰ বাবে ৰোগমুক্ত হৈ থাকে। এই দিনটোতেই ৰাইজ নামঘৰলৈ গৈ চাকি-বন্তি জ্বলায় আৰু নতুন বছৰটো শুভ হোৱাৰ কামনা কৰে। এইদিনাই পৰিয়ালৰ সকলো একেলগ হৈ জা-জলপান,পিঠা-পনা খায়।