শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
manas-borah
Manas Borah | Published: 26 Apr 2025 07:39 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

  1. পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সামাজিক মাধ্যমত পাকিস্তানৰ প্ৰতি দৰদ দেখুৱাই পাকিস্তানৰ স্থিতিৰ প্ৰচাৰ বা সমৰ্থন কৰাৰ অভিযোগত অসমৰ বিভিন্ন জিলাৰ ছয়জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । এই আক্ৰমণৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰতি সহানুভূতি বা সমৰ্থন প্ৰদৰ্শন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
  2. পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ বিৰ্তকিত মন্তব্য প্ৰকাশ কৰি গ্ৰেপ্তাৰ হোৱা আমিনুল ইছলাম চাৰি দিনৰ বাবে থাকিব আৰক্ষীৰ জিম্মাত । শুকুৰবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰা হৈছে ধিঙৰ বিধায়কগৰাকীক ।
  3. আজি বিজেপিয়ে প্ৰকাশ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ । ৰাজ্যিৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰকাশ কৰা ইস্তাহাৰ । এই উপলক্ষে বাজপেয়ী ভৱনত আয়োজিত অনুষ্ঠানত ১৩ জন বিশেষ ব্যক্তিক জনোৱা হব সম্বৰ্ধনা ।
  4. সিন্ধু জল চুক্তিক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । সিন্ধু নদীৰ পানী ব্য়ৱস্থাপনাক লৈ অনুষ্ঠিত হয় এই বৈঠক । একে সময়তে পাকিস্তানী নাগৰিকক চিনাক্ত কৰি নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ গৃহমন্ত্ৰীৰ ।
  5. জম্মু-কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে । সন্ত্ৰাসবাদৰ এই নিন্দনীয় কাৰ্যৰ দোষী, সংগঠক আৰু পৃষ্ঠপোষকসকলক জবাবদিহি কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কয় যে, সন্ত্ৰাসবাদ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বাবে অন্যতম গুৰুতৰ ভাবুকি।
  6. পহলগাম আক্ৰমণৰ পিছতো পাকিস্তানে নিজৰ কাৰ্যৰ পৰা বিৰত থকা নাই। LOC ত অহৰহ যুদ্ধবিৰতি উলংঘা কৰি আছে পাকিস্তানে। ২৫-২৬ এপ্ৰিলৰ নিশা কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে কেইবাটাও পাকিস্তানী প’ষ্টৰ পৰা গুলীচালনা ককৰে । ভাৰতীয় সেনাই পাকিস্তানক উপযুক্ত উত্তৰ দিয়ে। এই গুলীচালনাত কোনো ক্ষয়-ক্ষতি হোৱাৰ খবৰ পোৱা নাই।

লগতে পঢ়ক : আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…