ৰাজ্যৰ পৰা বিশ্বলৈ! মাত্ৰ ১ মিনিটত পঢ়ক ১৩ টা গুৰুত্বপূৰ্ণ খবৰ…
Today's top news: দেওবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। ইয়াৰোপৰি ৰাজ্যৰ পৰা আৰম্ভ কৰি আজি বিশ্বৰ বিভিন্ন প্ৰান্তত বহু উল্লেখনীয় ঘটনা সংঘটিত হয়।ইয়াৰে কেইটামান তলত উল্লেখ কৰা হ'ল-

বাতৰিImage Credit source: tv9 hindi
আজি দেওবাৰৰ দিনটোত ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশ- বিদেশত বহু গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হয়। আজিৰ দিনটোত চৰকাৰে অসম কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰোপৰি ডুবাইত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ মেচত ভাৰতে পাকিস্তানক ৪ উইকেটৰ বিনিময়ত পৰাস্ত কৰে। ইয়াৰোপৰি বিশ্ব পৰ্যায়ৰ কথা কবলৈ হলে নিউমোনিয়া আৰু হাওঁফাওঁৰ জটিল সংক্ৰমণৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা পোপ ফ্ৰান্সিছৰ অৱস্থা সংকটজনক। গতিকে আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
- আজি ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। তাৰ ভিতৰত এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত হ’ব লগা ১,২২,০০০ কোটি টকাৰ বুজাবুজি চুক্তিত অনুমোদন,ডাইনেমিক এছিউৰড কেৰিয়াৰ প্রগ্রেশান (ডি এ চি পি) আঁচনি, ২০২৫ত অনুমোদন আদি অন্যতম।
- ২৪ ফেব্ৰুৱাৰী সোমবাৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ । এই অনুষ্ঠানত ৮ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে ঝুমুৰ নৃত্যু প্ৰদৰ্শন কৰিব।
- মহানগৰীৰ বৰবাৰীত পুনৰ ফুটিল পানীৰ পাইপ। যাৰ ফলত কেইবাখন দোকানৰ বিস্তৰ ক্ষতিসাধন হয়।
- কাৰাগাৰত সোমাল USTMৰ আচাৰ্য মহবুবুল হকসহ ৫জন শিক্ষক-কৰ্মচাৰী।অসম আৰক্ষীয়ে দুটাকৈ গোচৰ ৰুজু কৰিছিল যদিও নিজৰ জিম্মাত ল’ব নোৱাৰিলে।
- কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব ‘এডভাণ্টেজ আছাম ২.০’। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। মন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো ভ্ৰমণ কৰিব।
- চেম্পিয়নছ ট্ৰফীৰ আজিৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰে। ৪ উইকেটৰ বিনিময়ত এই জয়লাভ ভাৰতীয় ক্ৰিকেট দলৰ।
- ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰৱৰ্তী অধিৱেশন অহা ৮ আৰু ৯ এপ্ৰিলত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’ব।
- গুৱাহাটীত উপস্থিত হৈ আৰ এছ এছ প্ৰধান মোহন ভাগৱতে কয় যে, প্ৰতিজন ভাৰতীয়ই খাদ্য, থকা-খোৱা, ভ্ৰমণ, আনকি তেওঁৰ প্ৰকাশভংগীৰ অনুযায়ী ভাষা ব্যৱহাৰ কৰিব লাগে। দৈনন্দিন কামত বিদেশী ভাষা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে প্ৰত্যেকেই নিজৰ মাতৃভাষাত যোগাযোগ কৰিব লাগে।
- নিউমোনিয়া আৰু হাওঁফাওঁৰ জটিল সংক্ৰমণৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পোপ ফ্ৰান্সিছক। বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
- লেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম লেফ্ট বেংক কৈনাল (এছ এল বি চি) সুৰংগৰ নিৰ্মাণাধীন এলেকাত ছাদৰ এটা অংশ ভাঙি পৰে। যাৰ ফলত শনিবাৰৰ পৰা সুৰংগৰ পৰা আৱদ্ধ হৈ থকা শ্ৰমিকসকলক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ পাছতে দেওবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে যে যদিহে ইউক্ৰেইনে দেশখনৰ বাবে নাটোৰ সদস্যপদ লাভ কৰে তেন্তে তেওঁ “তৎক্ষণাত” ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিব।
- অবৈধ মৎস চিকাৰৰ অভিযোগত শ্ৰীলংকাই কৰিলে ৩২ ভাৰতীয়ক গ্ৰেপ্তাৰ।
- বলিউড অভিনেতা পৰেশ ৰাৱালে ঘোষণা কৰে যে হেৰা ফেৰী ৩ ত অক্ষয় কুমাৰক দেখিবলৈ পোৱা যাব। ইয়াৰ বিপৰীতে নতুন কাহিনীত নাই কাৰ্তিক আৰিয়ন।