কাইলৈ ষষ্ঠী, অসমীয়া বোলছবি জগতৰ ইতিহাস তথা জয়যাত্ৰা তুলি ধৰাৰ প্ৰয়াস শিৱসাগৰৰ এখন পূজা মণ্ডপৰ
ৰাজ্যজুৰি দেৱী বন্দনাৰ মহাআয়োজন। মণ্ডপে মণ্ডপে চলিছে পূজাৰ অন্তিম প্ৰস্তুতি। জাগ্ৰত শক্তিপীঠসমূহতো দেখা গৈছে উখল-মাখল পৰিৱেশ। কিয়নো কাইলৈ বেদীত প্ৰতিষ্ঠা কৰিব দেৱী দুৰ্গাক।
কাইলৈ ষষ্ঠী। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰিবলৈ সাজু সকলো৷ ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ ব্যস্ততা। কাইলৈ ষষ্ঠী, এই দিনটোত দেৱী কাত্যায়নীক পূজা কৰা হয়। এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পূজাৰ বেদিত স্থাপিত হ’ব দেৱী দশভূজাৰ মৃন্ময় প্ৰতিমা। বস্ত্ৰ, আ-অলংকাৰেৰে সজাই তোলা হ’ব দেৱীৰ প্ৰতিমা। দেৱীৰ বন্দনাৰে মুখৰিত হ’ব ৰাজ্য তথা দেশৰ আকাশ বতাহ।
ৰাজ্যজুৰি দেৱী বন্দনাৰ মহাআয়োজন। মণ্ডপে মণ্ডপে চলিছে পূজাৰ অন্তিম প্ৰস্তুতি। জাগ্ৰত শক্তিপীঠসমূহতো দেখা গৈছে উখল-মাখল পৰিৱেশ। ইফালে ৰাইজক চমক দিবলৈ সাজু হৈছে প্ৰতিখন পূজা সমিতি। কোনোবাই যদি বনাইছে কিতাপৰ আৰ্হিৰে মণ্ডপ আন কোনোবাই দুৰ্গা দেৱীৰ ৰূপেৰে সাজু কৰিছে পূজা মণ্ডপ। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় শিৱসাগৰৰ পূজা মণ্ডপ। অসমীয়া বোলছবি জগতৰ ইতিহাস তথা জয়যাত্ৰা তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে পূজা মণ্ডপত।
কলকতাৰ পৰা অহা চিত্ৰকৰৰ আঙুলিৰ পৰশত মণ্ডপত প্ৰাণ পাই উঠিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাকে ধৰি বহু স্বনামধন্য শিল্পীৰ প্ৰতিচ্ছবি ।
শিৱসাগৰ নগৰৰ কালি প্ৰসাদ স্মৃতি ভৱনৰ চৌহদত বিগত ৯১ বছৰ ধৰি এই পূজা ধাৰাবাহিক ভাবে আয়োজন কৰি অহা হৈছে।এই পূজাৰ মণ্ডপ প্ৰতি বছৰে এটা বিষয় বস্তু বাছি লৈ নিৰ্মাণ কৰি অহা পৰম্পৰা পূজা সমিতি খনে এই বছৰো অব্যাহত ৰাখিছে আৰু ৰংপুৰীয়া ৰাইজৰ এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।
ষষ্ঠীৰ দিনা কোন দেৱীক পূজা কৰা হয়?
কাত্যায়নী হৈছে হিন্দু ধৰ্মৰ দেৱী দুৰ্গাৰ এক অৱতাৰ। তেওঁ নৱৰাত্ৰিত পূজিত নৱদুৰ্গাৰ ষষ্ঠ ৰূপ। কাত্যায়নীক মহিষাসুৰৰ নিধনকাৰী দেৱী হিচাপেও জনা যায়। দেৱী কাত্যায়নীক চতুৰ্ভূজা, অষ্টভূজা অথবা দশভূজা ৰূপত চিত্ৰায়িত কৰা হয়। কিংবদন্তি অনুসৰি সীতা, ৰাধা আৰু ৰুক্মিণীয়ে উপযুক্ত বৰ লাভৰ অৰ্থে দেৱী কাত্যায়নীৰ উপাসনা কৰিছিল।
শক্তি পন্থাৰ মতে, কাত্যায়নী শক্তি বা দুৰ্গাৰ ৰুদ্ৰৰূপ ভদ্ৰকালী আৰু চণ্ডিকাৰ সৈতে জড়িত। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত পতঞ্জলীয়ে ৰচনা কৰা মহাভাষ্যত ৰঙা ৰংৰ সৈতে কাত্যায়নীৰ সম্পৰ্কৰ কথা উল্লেখ আছে।
যজুৰবেদত কাত্যায়নীৰ পোন প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। স্কন্দ পুৰাণৰ মতে দেৱতাসকলৰ অবিৰত কোপৰ পৰা তেওঁৰ জন্ম হয় আৰু পৰৱৰ্ত্তী কালত সিংহৰ পিঠিত উঠি মহিষাসুৰ বধৰ পৰ্যায় পায়গৈ। ইয়াকে দুৰ্গা পূজা হিচাপে সমগ্ৰ ভাৰততে উদযাপন কৰা হয়।
দেৱী ভাগৱত পুৰাণ আৰু ৪০০-৫০০ চনত মাৰ্কণ্ডেয় মুনিয়ে ৰচনা কৰা মাৰ্কণ্ডেয় পুৰাণৰ অংশ দেৱী মাহাত্ম্যমত তেওঁৰ আখ্যানসমূহ বৰ্ণনা কৰা হৈছে। বৌদ্ধ, জৈন আৰু তান্ত্ৰিক পুথিসমূহতো কাত্যায়নীৰ বৰ্ণনা পোৱা যায়ম দশম শতিকাৰ কালিকা পুৰাণৰ মতে উড়িয়ানা বা উদ্ৰদেশত (উড়িষ্যা) দেৱী কাত্যায়নী আৰু জগন্নাথৰ বসতি।
পূজাৰ মহত্ব
মা কাত্যায়নীৰ উপাসনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। কোৱা হয় যে যদি ভক্তসকলে প্ৰকৃত হৃদয়েৰে মাতা ৰাণীৰ উপাসনা কৰে, তেন্তে তেওঁলোকে যথেষ্ট সুফল লাভ কৰে। তেওঁলোকে অৰ্থ, ধৰ্ম, কাম আৰু মোক্ষ সকলো লাভ কৰে। ইয়াৰ উপৰিও, মাতা ৰাণীয়ে তেওঁৰ ভক্তসকলক বিশেষ অনুগ্ৰহ প্ৰদান কৰে। যদি কোনোবাই বিবাহত বাধাৰ সন্মুখীন হৈছে, তেন্তে এনে লোকসকলে মাৰ আশীৰ্বাদ লাভ কৰে আৰু তেওঁলোকৰ বিবাহ সম্পৰ্কীয় সমস্যাবোৰ সমাধান হয়।