আজিৰ দিনটো আৰম্ভ কৰক ১০ টা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…
ব্যস্ত জীৱনত সকলো সময়তে সকলো বাতৰি চাই থকা সম্ভৱপৰ নহয়। কিন্তু আমাৰ চাৰিওফালে চলি থকা গুৰুত্বপূৰ্ণ ঘটনাসমূহ জনা দৰকাৰ। গতিকে এই লেখাটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়োৱা হ'ল।

বাতৰি
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- সাহিত্য সভাত পুনৰ বিতৰ্কই গা কৰি উঠিছে। ছিপাঝাৰৰ কেতেকী শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ সংগীতানুষ্ঠানত বংগ কন্যা মৰ্মিতাই গালে ‘জিলেলে জিলেলে’ আৰু ‘আই এম এ ডিস্কো ডান্সাৰ’ শীৰ্ষক গীত। যাৰ বাবে এই বিষয়টোৱে এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে আৰু পুনৰ এবাৰ সাহিত্য সভাৰ প্ৰতি মানুহে আঙুলি টোৱাইছে।
- পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত প্ৰদেশ কংগ্ৰেছত বিসম্বাদ। খবৰ অনুসৰি বিধায়িনী দলৰ ৩ টা পদৰ বাবে একাংশ বিধায়কে কাষ চাপিছে দিল্লীৰ। ইয়াৰোপৰি এই বিষয়টোক লৈ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ মাজত মতানৈক্য হোৱা পৰিলক্ষিত হৈছে।
- প্ৰদেশ কংগ্ৰেছৰ সংঘাত অব্যাহত। জিলা PAC সমিতিৰ পৰা পদত্যাগ বৰপেটাৰ বিধায়কৰ৷ ব্লক সভাপতি নিযুক্তিক লৈ সৃষ্টি হৈছে এই সংঘাত৷ ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি বিধায়ক আব্দুৰ ৰহিম আহমেদে PAC সমিতিৰ পৰা পদত্যাগ কৰে।
- আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে AJYCPৰ নতুন সমিতি গঠন৷ AJYCPৰ সভাপতি হিচাপে নিৰ্বাচিত পলাশ চাংমাই৷ আনহাতে সাধাৰণ সম্পাদক পদত নিৰ্বাচিত বিজয় বায়ন।
- ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডে। এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে ব’ৰ্ডে।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পাছতেই শ্ৰীলংকাই মুকলি কৰি দিলে ১৫ জন ভাৰতীয় মাছমৰীয়া।
- প্ৰতিবাদত উত্তাল আমেৰিকা। ক্ষমতাত অধিষ্ঠিত হোৱাৰ ৩ মাহ নৌহওতেই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইলন মাস্কৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ।ট্ৰাম্পৰ স্বেচ্ছাচাৰী শাসন, বিতৰ্কিত সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল লাখ লাখ জনতা।
- যুদ্ধবিৰতি শেষ হোৱাৰ পিছত ইজৰাইলে গাজাক আক্ৰমণ কৰি আহিছে। এই আক্ৰমণত ১৫ জন জৰুৰীকালীন সেৱাৰ কৰ্মীয়ে প্ৰাণ হেৰুয়ায়। ইজৰাইলৰ সেনাই স্বীকাৰ কৰিছে যে ২৩ মাৰ্চত দক্ষিণ গাজাত জৰুৰীকালীন সেৱাৰ কৰ্মীক তেওঁলোকৰ সেনাই ভুলবশতঃ হত্যা কৰিছে।
- জাপানৰ ক’ষ্ট গাৰ্ডে জনোৱা মতে, দক্ষিণ-পশ্চিম জাপানত এখন চিকিৎসা পৰিবহণ হেলিকপ্টাৰ সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ফলত হৈ এজন ৰোগী আৰু আন দুজন লোকৰ মৃত্যু হয়।
- আই পি এলত আজি আছে মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ খেল।
অন্য খবৰ পঢ়কঃ পুনৰ কংগ্ৰেছত বিসম্বাদ! ৯ বিধায়কৰ দিল্লীলৈ গমন, ৩টা পদক লৈ টনা-আঁজোৰা…