শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজিৰ দিনটোৰ আৰম্ভণি কৰক কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…

ৰাজ্যৰ পৰা বিশ্বলৈ, প্ৰতিটো দিনটো বিভিন্ন খবৰে বাতৰিৰ শিৰোনাম দখল কৰে। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ'ল-

আজিৰ দিনটোৰ আৰম্ভণি কৰক কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…
বাতৰি
barasha-sarma
Barasha Sarma | Published: 08 Apr 2025 07:57 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ভি নাৰায়ণন সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। এই বৈঠকত অসমৰ কৃত্ৰিম উপগ্ৰহ প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়। অসমৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণত অসম চৰকাৰক সহায় কৰিবলৈ সাজু ISRO ।
  2. অহা ৯ এপ্ৰিলত জিলা পৰিষদৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বিজেপিয়ে। ইয়াৰ বাবে আজি দিলীপ শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হ’ব এক বৈঠক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই কথা জনাই শইকীয়াই।
  3. পুনৰ সীমান্তত আটক বাংলাদেশী অনুপ্ৰৱেশকাৰী। মছিদা বেগমক আটক কৰি নিৰাপত্তাৰক্ষীয়ে পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ায়।
  4. সোণাৰিৰ ভজোত ভয়ংকৰ দুৰ্ঘটনা। ৰে’ল ক্ৰচিঙৰ লোহাৰ খুঁটাত খুন্দা মৰাৰ ফলত নিহত জয়ন্ত চাও।
  5. ২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাবুৰ ৰাণাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ক ভাৰতলৈ প্ৰত্যাৰ্পণ স্থগিত কৰিবলৈ আহ্বান জনাইছিল। আদালতে তেওঁৰ আবেদন নাকচ কৰিছে। গতিকে এতিয়া তেওঁক ভাৰতলৈ অনাৰ পথ মুকলি হৈ পৰিছে।
  6. জয়পুৰৰ পৰা মুম্বাই অভিমুখী ইণ্ডিগোৰ এখন বিমানে সোমবাৰে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে। বিমানখনত উদ্ধাৰ হৈছে এখন ভাবুকি পত্ৰ। ইয়াৰ পাছত নিশা ৮.৫০ বজাত ছাত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন।
  7. মঙলবাৰে পুৱা ১১.৩০ বজাত আহমেদাবাদৰ চৰ্দাৰ পেটেল স্মৃতিসৌধত কংগ্ৰেছ কাৰ্যকৰী সমিতি (বৰ্ধিত)ৰ বৈঠক অনুষ্ঠিত হ’ব।ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, প্ৰিয়ংকা গান্ধীকে ধৰি প্ৰায় ১৬৯ গৰাকী নেতাই অংশগ্ৰহণ কৰিব।
  8. লিছবনৰ মেয়ৰ কাৰ্লোছ ম’ডাছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কী অৱ অনাৰ সন্মানেৰে সন্মানিত কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পৰ্তুগাললৈ যোৱা ৰাষ্ট্ৰপতিগৰাকীক এই সন্মান।
  9. IPL-2025: কালি অনুষ্ঠিত হোৱা MI VS RCB ৰ খেলত বেংগালুৰুয়ে মুম্বাই ইণ্ডিয়ানছত ঘৰুৱা মাটিত পৰাজিত কৰে।
  10. আমেৰিকাৰ শুল্ক নীতিৰ পাছতে বিশ্বত বিধ্বস্ত শ্বেয়াৰ বজাৰ। মাত্ৰ ৫ মিনিটত উৰিল ১৯ লাখ কোটি টকা।

 

অন্য খবৰ পঢ়কঃ ২ বছৰ পূৰ্বে ছাহিলৰ সৈতে হৈছিল বিয়া, শিৱসাগৰত মৌচুমীৰ ৰহস্যজনক মৃত্যু…