পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ৰাজ্যৰ পৰা বিশ্বলৈ, প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো দিশৰ ওপৰত খবৰ ৰখা সম্ভৱ নহয়। যাৰ বাবে এই লেখাটোত গুৰুত্বপূৰ্ণ বাতৰি কেইটামান সংক্ষিপ্তকৈ উল্লেখ কৰা হ'ল।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

বাতৰি

Published: 

29 Apr 2025 08:02 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ-

  1. ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সাজু হৈছে প্ৰতিটো দল সংগঠন। শাসক-বিৰোধী প্ৰতিটো দলে কৰি গৈছে নিৰ্বাচনী প্ৰচাৰ।
  2. পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ পাছতে ৰাজ্যত নিৰ্বাচনী হিংসা। মুখত ক’লা কাপোৰ বান্ধি সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ বাহনত কৰে দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত অব্যাহত আছে চাঞ্চল্য।
  3. দেওবাৰ গুৱাহাটীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। বলীউড অভিনেতা তথা অসম সন্তান ৰোহিত বাছফৰ হত্যা কৰি গড়ভঙাৰ জলাশয়ত পেলাই থৈ যায় কোনোয়ে। ৰোহিতৰ ৩ বন্ধু আৰু এটা জিমৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ।
  4. ভাৰত আৰু ফ্ৰান্সৰ মাজত ৬৩,০০০ কোটি টকাৰ ব্যয় সাপেক্ষে চুক্তি স্বাক্ষৰ। ইয়াৰ অধীনত ভাৰতে ফ্ৰান্সৰ পৰা ২৬খন ৰাফেল মেৰিন কম্বেট ফাইটাৰ বিমান (rafale marine combat aircraft) লাভ কৰিব আৰু এইবোৰ INS বিক্ৰান্তত নিয়োজিত কৰা হ’ব।
  5. পাকিস্তানক সমৰ্থন কৰি মন্তব্য কৰাৰ অভিযোগত অসমত প্ৰায় ২২ জনক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ভাৰতৰ বায়ু-পানী খাই শত্ৰু ৰাষ্ট্ৰক যিয়ে সমৰ্থন কৰে তেওঁক ৰেহাই দিয়া নহয়।
  6. পাকিস্তানে ২৮-২৯ এপ্ৰিলৰ নিশা কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ লগতে আখনূৰ খণ্ড LOC ত আৰম্ভ কৰিছে গুলীয়াগুলী। ইয়াৰ পাছতে ভাৰতীয় সেনাইও দিছে ইয়াৰ প্ৰত্যুত্তৰ।পহলগাম কাণ্ডৰ পাছত দুই দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা।
  7.  BBCয়ে প্ৰকাশ কৰা পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰে আপত্তি দৰ্শাইছে। বিবিচিয়ে সন্ত্ৰাসবাদীক উগ্ৰপন্থী বুলি উল্লেখ কৰিছিল। লগতে ধৰ্মৰ ভিত্তিত যে এই আক্ৰমণ হৈছিল সেই কথাও অস্বীকাৰ কৰিছিল। ইয়াৰ পাছতে আপত্তি দৰ্শাই কেন্দ্ৰীয় চৰকাৰে বিবিচিলৈ পত্ৰ প্ৰেৰণ কৰে।
  8. ক্ৰিছ গেইলৰ পাছত আই পি এলত দ্ৰুততম শতক অৰ্জন ১৪ বছৰীয়া কিশোৰ বৈভৱ সূৰ্যবংশীৰ। ৩৫ টা বলত কৰিলে শতক অৰ্জন। আই পি এলৰ ইতিহাসত ভাৰতীয় হিচাপে দ্ৰুততম শতক অৰ্জনকাৰী বৈভৱ।
হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক
ৰাতিপুৱা ন্যূনতম কিমানবাৰ পুচ-আপ কৰিব লাগে ? ইয়াৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানক...