পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

অসমৰ পৰা বিশ্বলৈ, প্ৰতিটো দিনে বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। ইয়াৰে কিছুমান খবৰ বিশেষকৈ গুৰুত্বপূৰ্ণ। সকলো খবৰ সন্নিবিষ্ট কৰা সম্ভৱ নহ'লেও এনে কিছুমান উল্লেখনীয় খবৰ এই লেখাটোত উল্লেখ কৰা হ'ল-

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

বাতৰি

Updated On: 

22 Apr 2025 13:01 PM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। সোমবাৰৰ দিনটোত কেইবাখনো জনসভা সম্বোধন কৰে শৰ্মাই। ধেমাজিৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ শৰ্মাই কয় যে, এই বছৰত কমাই দিয়া হ’ব ৰন্ধন গেছৰ দাম। ২৫০-৩০০ টকা পৰ্যন্ত কমোৱা হ’ব দাম।
  2. চাহ বিক্ৰী কৰি অভিলেখ গঢ়িলে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই । যোৱা ২০২৪-২৫ বৰ্ষত কেন্দ্ৰটোৰ জৰিয়তে ১৬৯.১৩ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী কৰা হৈছে । ২০২৩-২৪ বৰ্ষত এই পৰিমাণ আছিল ১৬৬.৩৪ নিযুত কিলোগ্ৰাম ।
  3. ডিব্ৰুগড়ত মৰেল পুলিচিঙৰ ঘটনা। বকুল চাহ বাগিছাৰ হাতীগড় বকপাৰা ডিভিজনত ছাগলী চুৰি কৰিবলৈ অহা ব্যক্তিক গণ প্ৰহাৰ কৰা হয়। যাৰ ফলত এজনৰ মৃত্যু হোৱাৰ লগতে আনজন গুৰুতৰভাৱে আহত হয়।
  4. জম্মু-কাশ্মীৰৰ ৰামবান জিলাত ভয়ংকৰ ঘটনা। ধাৰাবাহিক বৰষুণ, ভূমিস্খলন. ডাৱৰ বিস্ফোৰণ আদিৰ বাবে ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু নিৰুদ্দেশ হৈ আছে। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ।অঞ্চলটোত অব্যাহত আছে উদ্ধাৰ অভিযান।
  5. মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা হব চৌদি আৰৱলৈ। দুদিনীয়া এই ভ্ৰমণৰ সময়ত মোদীয়ে ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানক সাক্ষাৎ কৰিব ।
  6. ৮৮ বছৰ বয়সত পোপ ফ্ৰান্সিৰ মৃত্যু। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল পোপ গৰাকী। তেওঁৰ মৃত্যুৰ পাছতে এতিয়া খ্ৰীষ্টানধৰ্মী লোকসকলৰ মাজত শোকৰ পৰিৱেশে বিৰাজ কৰিছে।
  7. চাৰি দিনীয়া কাৰ্যসূচীৰে ভাৰতত উপস্থিত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ভি ভান্সা, তেওঁৰ পত্নী আৰু ৩ সন্তান। বিশেষ কথা এয়াই যে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সন্তানে ভাৰত ভ্ৰমণৰ সময়ত পৰিধান কৰিছে ভাৰতীয় পোচাক। এই সময়চোৱাত ভাৰতৰ সৈতে কেইবাখনো দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিব পাৰে।
  8. পুনৰ এবাৰ আই পি এলত উজ্বলিল গুজৰাট টাইটানছ। সোমবাৰে কেকেআৰৰ সৈতে হোৱা খেলত গুজৰাট টাইটানছে জয় লাভ কৰি শীৰ্ষ স্থানত থকাৰ ধাৰা অব্যাহত ৰাখে।

 

অন্য খবৰ পঢ়কঃ এজন পোপৰ মৃত্যুৰ পাছত কি হয়? কেনেকৈ ৭০০ বছৰীয়া পুৰণি প্ৰক্ৰিয়াৰে কৰা হয় ধৰ্মগুৰু নিৰ্বাচন, জানক সকলো…

Related Stories
গুৱাহাটী উচ্চ ন্য়ায়ালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি…আঁৰত কোন ?
Assam Weather: ৰাজ্যত ধাৰাসাৰ বৰষুণ, কৃত্ৰিম বানত বুৰিল মহানগৰী, বিভিন্ন জিলালৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ
কংগ্ৰেছৰ চিহ্ন ‘লুঙী’, বিজেপিৰ ‘গডছেৰ বন্দুক’- কোনে কিয় কৰিব সলনি…
২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত কম হ’ব ৰন্ধন গেছৰ মূল্য! মুখ্যমন্ত্ৰীয়ে ক’লে…
“ন্যায়পালিকাৰ প্ৰতি স্থায়ী সন্মান আছে বিজেপিৰ, কিন্তু কংগ্ৰেছ বিপৰীত !” নিশিকান্ত ডুবেৰ বিতৰ্কিত মন্তব্য়কলৈ প্ৰতিক্ৰিয়া মুখ্য়মন্ত্ৰীৰ
চাহ বিক্ৰীৰে অভিলেখ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ, ২০২৪-২৫ বৰ্ষত চাহ বিক্ৰী ৩,৮৫১ কোটি টকা, বৃদ্ধি প্ৰতি কিলোগ্ৰাম চাহৰ গড় মূল্য…
কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক
পেটৰ ভিতৰত ঘাঁ হ'লে এইসমূহ লক্ষণে দেখা দিয়ে, জানক সকলো...
চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...