আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…

আজি পহিলা বহাগ, অসমীয়াৰ নতুন বছৰৰ প্ৰথম দিন। ইয়াৰ বাবে অসমবাসীৰ মাজত দেখা গৈছে ব্যাপত উছাহ। সমান্তৰালকৈ আজি সকলোৱে পালন কৰিব হেঁপাহৰ মানুহ বিহু।

আপোনাৰ দিনটো আৰম্ভ কৰক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে…

বাতৰি

Published: 

15 Apr 2025 07:54 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি পহিলা ব’হাগ, অসমীয়াৰ নতুন বছৰ। আজি ১৪৩২ ভাস্কৰাব্দৰ প্ৰথম দিন। এই উপলক্ষে সকলোৱে উলহ-মালহেৰে অসমীয়া নৱবৰ্ষ পালন কৰাৰৰ লগতে হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিব। পহিলা বহাগৰ সৈতে ঠাই ভেদে বিভিন্ন পৰম্পৰা নিহিত হৈ আছে।
  2. আজি মানুহ বিহু। ব’হাগৰ ১ তাৰিখৰ দিনা সমূহ অসমীয়াই পালন কৰিব মানুহ বিহু। এই দিনটো ইজনে সিজনক বিহুৱান প্ৰদান কৰাৰ লগতে  জ্যেষ্ঠজনে কনিষ্ঠজনক আশীৰ্বাদ দিয়ে। ইতিমধ্যে বিহুক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিহুৰ অনুষ্ঠান। মুঠতে ৰঙালীৰ ৰঙত এতিয়া ৰঙীণ ৰাজ্য।
  3. শক্তিপীঠ কামাখ্যাৰ সৌভাগ্য কুণ্ডত পাণ্ডাৰ মৃতদেহ উদ্ধাৰক লৈ অব্যাহত আছে চাঞ্চল্য। হিমাংশু শৰ্মাৰ মৃত্যুৰ তদন্ত বিচাৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। তেওঁলোকে ন্যায় বিচাৰিছে। এই ঘটনাত ষড়যন্ত্ৰৰ উমান পাইছে পৰিয়ালৰ লোকে।
  4. গ্ৰেপ্তাৰ হ’ল পলাতক ব্যৱসায়ী মেহুল চোকছিক। পাঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চোকছি । বহুদিনৰ পৰাই পলাতক অৱস্থাত আছিল অভিযুক্তগৰাকী। শনিবাৰে বেলজিয়ামত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব পাৰে চোকছিক।
  5. হিংসাত জৰ্জৰিত পশ্চিম বংগ। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত চলিছে হিংসাত্মক প্ৰতিবাদ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শান্তিৰ আহ্বান জনাইছে।
  6. সোমবাৰে আমেৰিকাৰ দক্ষিণ কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ সমীপত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি এই ভূমিকম্পৰ প্ৰাৰম্ভিক মাত্ৰা আছিল ৫.২ আৰু ইয়াৰ কেন্দ্ৰবিন্দু আছিল ছান ডিয়েগোৰ পূব দিশৰ পাহাৰীয়া চহৰ জুলিয়ানৰ ওচৰত।
  7. আই পি এল ২০২৫ত অৱশেষত অন্ত পৰিল চেন্নাই চুপাৰ কিংছৰ ধাৰাবাহিক ব্যৰ্থতা। চূড়ান্ত হতাশাজনক প্ৰদৰ্শনেৰে ক্ৰমাগত পাঁচখন মেচত পৰাস্ত হোৱাৰ পিছত সোমবাৰে জয়ৰ সোৱাদ লাভ কৰিলে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন দলটোয়ে। একানা ষ্টেডিয়ামত আজিৰ মেচত চেন্নায়ে লক্ষ্ণৌক ৫ উইকেটত পৰাস্ত কৰি চলিত ছিজনত নিজৰ দ্বিতীয়টো জয় সাব্যস্ত কৰে।

 

অন্য খবৰ পঢ়কঃ Today’s horoscope: পহিলা ব’হাগৰ দিনটো কেনে যাব আপোনাৰ ? চাওক আজিৰ ৰাশিফল…

Related Stories
Assam Panchayat Elections 2025: পঞ্চায়ত নিৰ্বাচনৰ ৩৪৮ খন আসনত নহয় প্ৰতিদ্বন্দ্বিতা ! NDA অগ্ৰগতিক লৈ ডাঙৰ দাবী মুখ্যমন্ত্ৰীৰ
বৃদ্ধি পাব পাৰে অমৃতপাল সিঙৰ বন্দিত্বৰ সময় সীমা
কংগ্ৰেছ দলত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰ্যকৰ্তাৰ অভাৱ… কিয় এই মন্তব্য কৰিলে প্রাক্তন সাংসদ পল্লৱ লোচন দাসে?
Latasil Bihu 2025: কোনে অৰ্জন কৰিলে ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ? পুৰস্কাৰস্বৰূপে কি কি লাভ ‘বিহু সম্ৰাজ্ঞী’ৰ?
কংগ্ৰেছে অসমক বদনাম কৰিবলৈ চেষ্টা কৰে নেকি ? সাংঘাতিক ধৰণে হোৱা নাই মনোনয়ন প্ৰত্যাহাৰ ! কংগ্ৰেছৰ অভিযোগক লৈ কি প্ৰতিক্ৰিয়া মুখ্য়মন্ত্ৰীৰ ?
মই আদেশ দিছো, দিগন্ত ভাৰতীক অপমান কৰাসকলে ক্ষমা খুজিব লাগিবঃ জুবিন গাৰ্গ
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক