শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Published: 16 Apr 2025 08:10 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি ২ ব’হাগ। ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰভঙা উছাহ৷ ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে সমগ্ৰ ৰাজ্য৷ গৰু বিহু আৰু মানুহ বিহু উদযাপনৰ পাছত আজি গোঁসাই বিহু।  পুৱাতে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰিব অসমীয়াই।
  2. ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে, বিজেপিয়ে ইতিমধ্যে কমেও ২০০খন আঞ্চলিক পঞ্চায়তৰ আসন বিনা প্রতিদ্বন্দ্বিতাত দখল কৰিছে ৷ কংগ্ৰেছক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ইতিমধ্যে বিজেপিক ৱাকঅভাৰ দিছে !
  3. লখিমপুৰৰ বিহপুৰীয়াত গুলীচালনা৷ এটা পৰিয়ালৰ বাসগৃহৰ টিনপাট ফুটি বাৰাণ্ডাত পৰিল গুলী৷ চন্দ্ৰ বিশ্বাস নামৰ লোকজনৰ বাসগৃহত এই ঘটনা৷ চন্দ্ৰ বিশ্বাসৰ ঘৰৰ বাৰাণ্ডাত উদ্ধাৰ গুলীটো। ঘটনাস্থলীত উপস্থিত হয় বিহপুৰীয়া আৰক্ষী।
  4. এতিয়াৰে পৰা ইংৰাজীৰ লগতে অসমীয়াত প্ৰকাশ পাব সকলো চৰকাৰী জাননী/অধিসূচনা। লগতে বিটিআৰৰ বাবে বড়ো আৰু বৰাক উপত্যাকাৰ বাবে বাংলা ভাষাত প্ৰকাশ পাব জাননী। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছিল এই সিদ্ধান্ত। সমগ্ৰ অসমত সকলো চৰকাৰী অধিসূচনা, আদেশ, আইন আদিৰ বাবে অসমীয়া বাধ্যতামূলক চৰকাৰী ভাষা হ’ব। ৰাজ্যপালে জাৰি কৰিলে অধিসূচনা।
  5. নেশ্যনেল হেৰাল্ড গোচৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, কংগ্ৰেছ অভাৰচিজৰ মুৰব্বী ছেম পিট্ৰ’ডা, সুমন ডুবে আদিৰ নাম অন্তৰ্ভুক্ত কৰিছে EDয়ে। তদন্তকাৰী সংস্থাটোৱে ৰাউজ এভিনিউ আদালতত দাখিল কৰিছে এই অভিযোগনামা। এই গোচৰটো এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড (এজেএল) আৰু ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত। যাৰ ২৫ এপ্ৰিলত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।
  6.  মহাৰাষ্ট্ৰৰ মাৰাথৱাড়াৰ বীড জিলাত ভয়ংকৰ ঘটনা।  বীড জিলাৰ মাজলগাঁও চহৰত এজন বিজেপি কৰ্মীক ৰাজহুৱাভাৱে চোকা অস্ত্ৰৰে হত্যা কৰা হয়। মৃত ব্যক্তিজন বাবাছাহেব আগে বুলি চিনাক্ত কৰা হৈছে। যিজন ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকা বুলি কোৱা হৈছে। অভিযুক্তৰ নাম নাৰায়ণ ফাপাল।
  7. IPLত কলকাতাৰ বিৰুদ্ধে পঞ্জাৱৰ ৰোমাঞ্চকৰ জয়৷ ১৬ ৰানত KKRৰ বিৰুদ্ধে জয়ী PBKS। ১৫.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই পঞ্জাৱ কিংছে সংগ্ৰহ কৰে ১১১ ৰান। ১৫.১ বলত ৯৫ ৰানত অল আউট কলকাতা নাইট ৰাইডাৰ্ছ। আজি IPLত দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছৰ মেচ। সন্ধিয়া ৭.৩০ বজাত অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।
  8. আফগানিস্তানৰ হিন্দু কুছ অঞ্চলত ভূমিকম্প। তিব্বত, বাংলাদেশ আৰু ভাৰতৰ জম্মু-কাশ্মীৰত অনুভূত হয় কম্পন। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজি (NCS)ৰ প্ৰতিবেদন অনুসৰি আফগানিস্তানত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯ । আজি পুৱা ০৪:৪৩ বজাত সংঘটিত হয় এই ভূমিকম্প।
  9. যোৱা কেইটামান সপ্তাহত ব্ৰিটেইনত হঠাতে বৃদ্ধি পাইছে Covid আক্ৰান্তৰ সংখ্যা। ০২৫ চনৰ আৰম্ভণিতে ব্ৰিটেইনত ২.২ শতাংশ লোকৰ Covid পজিটিভ ধৰা পৰাৰ বিপৰীতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত এই সংখ্যা ৪.৫ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যাও ৭ শতাংশ বৃদ্ধি পাইছে।

লগতে পঢ়ক: আজি বুধবাৰ, আপোনাৰ বাবে কেনে হ’ব ব’হাগৰ দ্বিতীয়টো দিন? চাওক ৰাশিফল…