শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 21 Apr 2025 08:10 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ছিপাঝাৰত শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক। থিতাতে নিহত মিনাক্ষী বৰুৱা নামৰ মহিলাগৰাকী। ইফালে লংকাৰ কাকীত  দুৰ্ঘটনাগ্ৰস্ত হয় বিবাহযাত্ৰীৰ বাহন। শনি বজাৰৰ সমীপত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত কিশোৰ কুমান চৌহান নামৰ এজন লোক।  আঘাতপ্ৰাপ্ত আন ৭জনক হোজাই অসামৰিক চিকিৎসালয়ত ভৰ্তি।
  2. ৰাজ্যত পুনৰ ভয়ংকৰ ভূমিকম্প।পুৱা ৪.৪৬ বজাত অনুভূত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৬। ভূমিকম্পৰ অভিকেন্দ্ৰ তেজপুৰ আছিল বুলি জানিব পৰা গৈছে।
  3. গুৱাহাটী মহানগৰীৰ কামাখ্যা মন্দিৰত মাৰপিটৰ ঘটনা। সুবোধ কুমাৰ সিং নামৰ লোকজনক প্ৰহাৰ দুৰ্বৃত্তৰ। ১৬ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত সুবোধ কুমাৰ সিং। কামাখ্যাৰ পৰা বগলা মন্দিৰ যোৱা পথত এই ঘটনা।
  4. ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰ্ণাটকৰ প্ৰাক্তন DGPৰ মৃতদেহ । তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ ওম প্ৰকাশৰ মৃতদেহ। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ওম প্ৰকাশক হত্যা কৰাৰ তথ্য। পোহৰলৈ অহা তথ্য অনুসৰি বেংগালুৰুৰ কে এইচ এছ আৰ লেআউটতস্থিত বাসগৃগত ওম প্ৰকাশৰ মৃতদেহ তেজেৰ লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ হয়। আৰক্ষীৰ মতে, কোনো দুৰ্বৃত্তই নহয়, এই হত্যাকাণ্ড সংঘটিত কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পত্নীয়ে।
  5. বৰষুণ, শিলাবৃষ্টিত বিধ্বস্ত শ্ৰীনগৰ। বিভিন্ন স্থানত ভূমিস্খলনৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰীনগৰত। আৱৰ্জনাত পোত গৈছে বিভিন্ন বাহন। দেওবাৰে ৰামবন জিলাৰ বাগনা অঞ্চলত ধাৰাসাৰ বৰষুণৰ পিছতে ডাৱৰ বিস্ফোৰণ হয়। ইয়াৰ ফলত মৃত্যু হয় ৩ জন লোকৰ। ইতিমধ্যে বহু অট্টালিকা আৰু যান-বাহনৰ ক্ষতিসাধন হৈছে। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কতা।
  6. IPLত CSKৰ বিৰুদ্ধে MIৰ বৃহৎ জয়। প্ৰথমে বেট ধৰি CSK-এ বান্ধি দিছিল ১৭৭ ৰানৰ লক্ষ্য। MI-এ ৪ অভাৰ বাকি থাকোতে সাব্যস্ত কৰে জয় ।MIৰ হৈ ৰোহিত শৰ্মাই সংগ্ৰহ কৰে ৭৬ ৰান। আন এখন মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে ৭ উইকেট ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৱে জয় লাভ কৰে। ১৮.৫ অভাৰত ১৫৯ ৰান সম্পূৰ্ণ কৰে দলটোৱে। আজি IPLত কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি হ’ব গুজৰাট টাইটানছ। সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব  মেচ।
  7. পৰিয়ালসহ ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি। আজি পুৱা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু তেওঁৰ পত্নী উষা ভ্যান্সৰ দিল্লীত উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত অধিক কটকটীয়া কৰি তোলা হৈছে ৰাজধানীত নিৰাপত্তাৰ ব্যৱস্থা । ভাৰত ভ্ৰমণৰ বাবে আজি পুৱা ১০ বজাত পালাম বিমানবন্দৰত উপস্থিত হ’ব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি, তেওঁৰ পত্নী উষা আৰু তেওঁলোকৰ তিনিটা সন্তান ইভান, বিবেক আৰু মিৰাবেল।

লগতে পঢ়ক : আজি সোমবাৰ, আপোনাৰ বাবে কেনে হ’ব দিনটো? চাওক ৰাশিফল…