শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning Headlines: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 28 Apr 2025 14:13 PM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসমৰ এগৰাকী কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  তেওঁ সদস্যগৰাকীৰ বাবে ৩টা প্ৰশ্ন উত্থাপন কৰে। ধাৰাবাহিকভাৱে ১৫ দিনৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল নেকি? লগতে তেওঁৰ পত্নীৰ আৰু সন্তানৰ নাগৰিকত্বক লৈ  প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।
  2. পহলগামত আক্ৰমণৰ পাছত পাকিস্তানক সমৰ্থন পোষ্ট বা মন্তব্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ অভিযান অসম আৰক্ষীৰ। এই পৰ্যন্ত  ১৯গৰাকীক আটক কৰা হৈছে৷ শেহতীয়াকৈ  বৰপেটা আৰক্ষীয়ে জাৰিফ আলী, কাছাৰ আৰক্ষীয়ে ইমৰান হুছেইন আৰু কমৰ উদ্দিন, তামুলপুৰ আৰক্ষীয়ে তাহিব আলীক গ্ৰেপ্তাৰ কৰে
  3. দেওবাৰে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আক্ৰমণৰ বলি হয় কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰা। আৰক্ষীয়ে জনোৱা মতে, নগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত বৰদলৈ আৰু বৰাক অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। দুয়োজন নেতাই সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও তেওঁলোকৰ বাহনসমূহৰ যথেষ্ট ক্ষতিসাধন হয়।
  4. জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত নাৰকীয় কাণ্ডৰ বাবে দুধনৈত উলিওৱা হয় প্ৰতিবাদী সমদল৷ দুধনৈ উন্নয়ন সমিতি, দুধনৈ ব্যৱসায়ী সন্থা আৰু ঠেকাচু মৌজা সমিতিৰ উদ্যোগত আৰু দুধনৈৰ বিভিন্ন দল-সংগঠনৰ সহযোগত উলিওৱা হয় এই সমদল৷
  5. পুনৰ সীমন্তৰে  অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকক।  গোৱালপাৰা আৰক্ষীয়ে বি এছ এফ আৰু ধুবুৰী আৰক্ষীৰ সহায়ত আটক কৰি বাংলাদেশলৈ ওভতাই পঠিয়ায় দুটি শিশুকে ধৰি পাঁচ বাংলাদেশী নাগৰিকক৷ প্ৰাপ্তবয়স্ক তিনি বাংলাদেশী হ’ল ৰণি শ্বেইখ, ৰিংকি শ্বেইখ আৰু ইয়াছিন শ্বেইখ৷
  6. পুনৰ সিন্ধু জল  চুক্তিত স্বাক্ষৰ কৰাক লৈ পণ্ডিত জৱাহৰলাল নেহৰুক কৰিছে দোষাৰোপ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “১৯৬০ চনত জৱাহৰলাল নেহৰুৱে সিন্ধু জল চুক্তিত স্বাক্ষৰ কৰাটো ভাৰতৰ ইতিহাসৰ অন্যতম বৃহৎ ভুল হিচাপে বিবেচিত কৰা হয়। নেহৰুৱে সেই সময়ৰ আমেৰিকান প্ৰশাসন আৰু বিশ্ব বেংকৰ হেঁচাত সিন্ধু অৱবাহিকাৰ ৮০%তকৈও অধিক পানী পাকিস্তানৰ সুবিধাৰ্থে এৰি দিছিল, যদিও ভৌগোলিকভাৱে এই অৱবাহিকাৰ মূল প্ৰবাহ ভাৰতৰ উচ্চ অংশৰ পৰাহে প্ৰবহমান।”
  7. মধ্যপ্ৰদেশৰ মন্দসৌৰ জিলাত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী এখন ইকো ভেন নিয়ন্ত্ৰণ হেৰুৱাই এটা কুঁৱাত বাগৰি পৰাৰ ফলত সংঘটিত হৈছে এনে মৰ্মান্তিক ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাহনখনে প্ৰথমে এখন বাইকত খুন্দা মৰাৰ পিছতে এটা কুঁৱাত বাগৰি পৰে আৰু ইয়াৰ ফলস্বৰূপে মৃত্যুমুখত পৰে বাহনখনত থকা ১০ জন লোক।
  8. IPLত কোহলী আৰু ক্ৰুণাল পাণ্ডিয়াৰ চমকপ্ৰদ বেটিঙৰ সহায়েৰে দিল্লীক ৬ উইকেটত পৰাস্ত কৰিছে আৰচিবিয়ে।  এইদৰে ক্ৰমাগত তৃতীয় জয়েৰে পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। আন এখন মেচত লক্ষ্ণৌৰ বিৰুদ্ধে ৫৪ ৰান জয়লাভ কৰে মুম্বাই ইণ্ডিয়ানছে । আজি IPLত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব গুডৰাট টাইটানছ। সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত  হ’ব মেচখন।

লগতে পঢ়ক: কেনে যাব আপোনাৰ সোমবাৰৰ দিনটো? কোনে পাব সফলতা, কোন হ’ব লাগিব সাৱধান? চাওক আজিৰ ৰাশিফল…

অন্য খবৰ পঢ়ক: পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়িকা শিৱামণি বৰাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, কি ক’লে মুখ্যমন্ত্ৰীয়ে?