Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ'ল।

Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

Published: 

27 Apr 2025 07:15 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • ‘পণ্ডিত জৱাহৰলাল নেহৰুৱে সিন্ধু জল চুক্তি স্বাক্ষৰ কৰাটোৱে ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল’, ১৯৬০ চনত সিন্ধু জল সন্ধি ভাৰতৰ ইতিহাসৰ অন্যতম বৃহৎ কৌশলগত ভুল হিচাপে প্ৰমাণিত হৈছে।’ সামাজিক মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • পাকিস্তানৰ বিৰুদ্ধে সৰৱ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ। পাকিস্তানক সমৰ্থন কৰি বৰ্তমানলৈ গ্ৰেপ্তাৰ ১৪ জন দেশদ্ৰোহী।
  • হোজাইৰ চিকাৰীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত হাজিৰা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী মৰকজ ছোৱালী হোষ্টেলত কাম কৰিছিল।
  • পাকিস্তানক কোনো খবৰ নিদিয়াকৈ ঝিলাম নৈৰ পানী এৰিলে ভাৰতে। ইয়াৰ ফলত মুজাফ্ফৰাবাদৰ সমীপত জলস্তৰ তীব্ৰভাৱে বৃদ্ধি পায় । প্ৰতিক্ৰিয়া স্বৰূপে স্থানীয় প্ৰশাসনে হাটিয়ান বালাত বানৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।
  • বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ’ব দিল্লীৰ পথ। কোকৰাঝাৰৰ দোটমাৰ বডোফা ফ’থাৰত অমিত শ্বাহে সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত দিয়া ভাষণত এই ঘোষণা কৰিছিল। প্ৰতিশ্ৰুতি পূৰণ কৰি শীঘ্ৰে আনুষ্ঠানিকভাৱে জাতিৰ বাবে উচৰ্গা কৰিব ‘বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ’।
  • বাজপেয়ী ভৱনত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচন, ৰাইজৰ বাবে আছে ১৫টা বিশেষ সংকল্প।
  • ২০২২ চনত মুকেশ আম্বানীয়ে কন্যা ঈশা আম্বানীক ৰিটেইল, জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানীক টেলিকম আৰু কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীক শক্তি খণ্ডৰ দায়িত্ব দিছিল। কিন্তু শেহতীয়াকৈ মুকেশ আম্বানীয়ে কনিষ্ঠ পুত্ৰৰ হাতত অৰ্পণ কৰিছে নতুন দায়িত্ব । ২০২৫ চনৰ ১ মে’ৰ পৰা আৰম্ভ হোৱা পাঁচ বছৰৰ বাবে কোম্পানীটোৰ কাৰ্যবাহী সঞ্চালক হিচাপে অনন্ত এম আম্বানীক নিযুক্তি দিবলৈ অনুমোদন জনাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক মণ্ডলীয়ে।
  • ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফলতা অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ। আই পি এলত পাঁচটাকৈ ট্ৰফী জয়ৰ অভিলেখ ৰচিছে চেন্নাই আৰু মুম্বায়ে। মুম্বাইৰ হৈ পাঁচটা ট্ৰফী জয়ৰ নায়ক হিচাপে যিদৰে সমাদৃত ৰোহিত শৰ্মা, একেদৰে চেন্নায়েও পাঁচটা ট্ৰফী ধোনীৰ নেতৃত্বতেই জয়ী হৈছে।
  • প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তীকালীন নিৰ্দেশ জাৰি। শাস্ত্ৰীয় সংগীত শিল্পী ওস্তাদ ফৈয়াজ বাচিফুদ্দিন ডাগৰৰ গীতৰ সৈতে একেই গীত ৰচনাৰ অভিযোগ। কপিৰাইট উলংঘনৰ বাবে আদালতত ২ কোটি টকা জমা আৰু ডাগৰক ২ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে।

 

Related Stories
দেশ বিৰোধী মন্তব্যই ভৰি পৰিছে অসমৰ সামাজিক মাধ্যম ! এইজন নজমুল হকক বিচাৰি হাবাথুৰি খাইছে গোৱালপাৰা আৰক্ষী
মোক ক্ষমা কৰক: সামাজিক মাধ্যমযোগে ৰাইজৰ ওচৰত অখিল গগৈৰ ক্ষমা প্ৰাৰ্থনা
তেওঁৰ দুয়োটা ল’ৰা-ছোৱালী ভাৰতীয় নাগৰিক নহয়: এগৰাকী কংগ্ৰেছ সাংসদলৈ মুখ্যমন্ত্ৰীৰ ৩টা প্ৰশ্ন
পণ্ডিত জৱাহৰলাল নেহৰুৱে সিন্ধু জল চুক্তি স্বাক্ষৰ কৰাটোৱে ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল… কিয় এইদৰে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ’ব দিল্লীৰ পথ, মুখ্যমন্ত্ৰীয়ে জনালে কৃতজ্ঞতা…
Assam Weather Updates: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী, ১৬ খনকৈ জিলাত Yellow Alert জাৰি
সোৱাদত তিতা কেৰেলাৰ জুচে দেহত কৰে এনে উপকাৰিতা, লিভাৰেও পায় সুৰক্ষা
কাৰ সৈতে ৰে’লত ভ্ৰমণ কৰিব বিচাৰে কোহলীয়ে? জানিলে আপুনিও হ’ব আচৰিত…
গ্ৰীষ্মকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, কেনেকৈ ল'ব হৃদযন্ত্ৰৰ যত্ন ?
ধন-সম্পত্তি আছেই ! ইয়াৰ উপৰি অনন্ত আম্বানী কিহৰ বাবে বেছি বিখ্যাত ?