Morning Headlines: পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত আগবঢ়োৱা হ'ল-

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ২০২৬ৰ নিৰ্বাচনলৈকে কংগ্ৰেছে অসমত ভৰিয়ে থ’ব নোৱাৰে। ৰাইজৰ আশীৰ্বাদ বিজেপিৰ লগত আছে, সংখ্যালঘু অধ্যুষিত এলেকাৰ বাহিৰে অসমত কংগ্ৰেছৰ স্থান নাই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- সুধাকণ্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন অনুমোদন জনাইছে কেবিনেটে। ২০২৫ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ৮ ছেপ্টেম্বৰলৈ বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব জন্ম শতবার্ষিকী।অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অন্যান্য বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০জনীয়া শতবার্ষিকী উদযাপন সমিতি গঠন কৰা হ’ব।
- অযোধ্যাত গুৱাহাটীৰ শ্বাহজাহানৰ নৃশংস কাণ্ড!পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ ঘটনা। স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰিলে পত্নী আৰু কনিষ্ঠ পুত্ৰক । ঘটনাৰ পিছতে থিতাতে আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অভিযুক্ত স্বামীৰ সন্ধান আৰম্ভ কৰা হৈছে অভিযান।
- ৪০% মুছলমান জনসংখ্যাৰ পাছতো শান্তিত আছে অসম, ৱাকফ আইনৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…
- আমেৰিকাই স্মাৰ্টফোন, লেপটপ, চিপ আদি ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত পাৰস্পৰিক শুল্ক প্ৰত্যাহাৰ কৰিছে । এতিয়া আমেৰিকাই এই সামগ্ৰীসমূহৰ ওপৰত শুল্ক আৰোপ নকৰে । ট্ৰাম্পৰ এই সিদ্ধান্তই এপল আৰু ছেমছাঙৰ দৰে কোম্পানীক লাভৱান কৰিব ।
- চাৰিখনকৈ মেচত ধাৰাবাহিকভাৱে পৰাস্ত হোৱাৰ পিছত অৱশেষত কালি জয়ৰ সোৱাদ পালে ছানৰাইজাৰ্ছ হায়দৰাবাদে। সমান্তৰালকৈ উভতাই পালে পৰিচিত আগ্ৰাসী ৰূপ। হাই স্ক’ৰিং মেচখনত পঞ্জাৱে বান্ধি দিয়া ২৪৫ ৰানৰ বৃহৎ লক্ষ্য মাত্ৰ ১৮.৩ অভাৰতে অতিক্ৰম কৰি হায়দৰাবাদে ৮ উইকেটত জয়লাভ কৰে।
- জোনাইত ছাত্ৰ সন্থাৰ কৰ্মীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা আৰক্ষীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আছু বুলিয়েই নহয়, যিকোনো সাধাৰণ নিৰীহ মানুহৰ ওপৰত হ’লেও ব্যৱস্থা ল’ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
- ৱাকফ সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদত হিংসাৰ জুই, শান্তিৰ আহ্বান মমতা বেনাৰ্জীৰ, বিজেপিয়ে দাবী তুলিছে মমতাৰ পদত্যাগৰ। মুৰ্ছিদাবাদত পিতৃ-পুত্ৰক “হত্যা” কৰাৰ খবৰ পোহৰলৈ আহিছে । ঘৰৰ ভিতৰতে উদ্ধাৰ তেজেৰে তুমৰলি হৈ থকা মৃতদেহ । চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ অভিযোগ উত্থাপন হৈছে দুয়োকে ।
- আজি আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ঘৰুৱা মেচ। ৰাজস্থান ৰয়েলছে জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত আই পি এল-২০২৫ ৰ প্ৰথমখন ঘৰুৱা মেচত অৱতীৰ্ণ হ’ব। আৰ চি বিৰ বিৰুদ্ধে খেলিব লগা এই হাইভল্টেজ মেচখন বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব। আই পি এল-২০২৫ ৰ এয়া জয়পুৰত হ’বলগা প্ৰথমখন মেচ।
দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...
Nilim Kumar: জনপ্ৰিয় কবি নীলিম কুমাৰলৈ 'ড॰ চি. নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় বঁটা-২০২৫', এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নীলিম কুমাৰ
Chetan Bhagat: IIT আৰু IIM ৰ পৰা ডিগ্ৰীধাৰী চেতন ভগত কেনেকৈ হ'ল লেখক?
কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? সবিশেষ জানক